--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আপোনাৰ মনত আছেনে? আপুনি সৰু হৈ থাকোতে অসুস্থ হোৱা সময়ত ডাক্তৰে জিভা উলিয়াই দিবলৈ কৈছিল? আপোনাৰ জিভা চাই ডাক্তৰে কেনেকৈ গম পাইছিল যে আপোনাৰ কি হৈছে? বহু গৱেষণাৰ পৰা দেখা গৈছে যে জিভাৰ ৰং আৰু ইয়াৰ পৰিৱৰ্তনৰ ভিত্তিত ৰোগ ধৰা পেলাব পাৰি আৰু ৰোগটো নিৰ্ণয়ও কৰিব পাৰি। 

উদাহৰণস্বৰূপে, যেতিয়াই কাৰোবাৰ জিভাৰ ৰং স্বাভাৱিক ৰঙৰ পৰা সলনি হ’বলৈ আৰম্ভ কৰে তেতিয়া বুজিব যে শৰীৰত কোনো ধৰণৰ ৰোগৰ আক্ৰমণ হৈছে। জিভাৰ ৰঙৰ পৰা কি বুজিব পাৰি জানো আহক।
भूरी जीभ
১) ব্ৰাউন জিভা- কাৰোবাৰ জিভা ব্ৰাউন বা বাদামী হ’লে তাৰ অৰ্থ হ’ল তেওঁলোকে বেছিকৈ চাহ-কফি খায়। ইয়াৰ বাহিৰেও যিসকলে বেছিকৈ ছিগাৰেট বা বিড়ি পান কৰে, তেওঁলোকৰ জিভাখনো বাদামী বা ব্ৰাউন ৰঙৰ হৈ পৰে। এনেকুৱা হোৱাটো শৰীৰৰ বাবে ভাল নহয়। গতিকে এইবোৰ খাদ্য কমাই খোৱাটো ভাল। 

২) ক'লা জিভা- কাৰোবাৰ জিভাৰ ৰং যেতিয়া ক'লা হয়, তেতিয়া বুজিব যে ই কোনো গুৰুতৰ ৰোগৰ লক্ষণ। ই কেন্সাৰৰ লক্ষণো হ’ব পাৰে আৰু ইয়াৰ বাহিৰেও ভেঁকুৰৰ সংক্ৰমণ আৰু আলচাৰ হ’লেও জিভা ক’লা হৈ পৰে। যিসকলে বেছি ধূমপান কৰে, তেওঁলোকৰ জিভাও এনে সমস্যাৰ সন্মুখীন হয়।
लाल जीभ
৩) ৰঙা জিভা- জিভাখন যেতিয়া গুলাপী ৰঙৰ পৰা ৰঙা হয় তেতিয়া তাৰ অৰ্থ হ’ল আপোনাৰ শৰীৰত ভিটামিন বি১২ আৰু ফলিক এচিড বহু পৰিমাণে হ্ৰাস পাইছে।
नीली जीभ
৪) নীলা জিভা- কাৰোবাৰ জিভাৰ ৰং নীলা বা বেঙুনীয়া হ’লে তাৰ অৰ্থ হ’ল তেওঁৰ হৃদৰোগ হ’ব পাৰে।
पीली जीभ
৫) হালধীয়া জিভা- কাৰোবাৰ জিভা হালধীয়া হ’লে তাৰ অৰ্থ হ’ল শৰীৰত পুষ্টিকৰ উপাদানৰ অভাৱ। লিভাৰ বা পেটত কোনো সমস্যা হ’লে জিভাত হালধীয়া ৰঙৰ আৱৰণ পৰিবলৈ আৰম্ভ কৰে।
सफेद जीभ
৬) বগা জিভা- জিভাত বগা ৰং আহিলে তাৰ অৰ্থ হ’ল আপুনি মুখখন ভালদৰে চাফা কৰা নাই। ইয়াৰ বাবেই জিভাত বগা মলিৰ তৰপটো জমা হ’বলৈ ধৰে।


















FOLLOW US F
POPULAR
FEATURE
TRENDY
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
ট্রাম্পৰ শুল্ক যুদ্ধৰ পাছতে মোদীয়ে পুটিনলৈ ফ'ন কৰিছিল, নাটোৰ মুৰব্বীৰ দাবী
৩ অক্টোবৰত শপত ল'ব হাগ্রামা মহিলাৰীৰ চৰকাৰে, বি পি এফৰ নীতি নির্ধাৰক বৈঠক
স্বদেশী ৪-জি নেটৱৰ্কৰ শুভাৰম্ভ প্রধানমন্ত্রী মোদীৰ
তামিলনাডুত পদপিষ্ট হৈ ৩৫জনৰ মৃত্যু, ৰাজনীতিক-অভিনেতা বিজয়ৰ জনসভাত অঘটন
ভক্তি ৰসেৰে জীপাল সোণাপুৰৰ কমাৰকুছি
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন