--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আপোনাৰ মনত আছেনে? আপুনি সৰু হৈ থাকোতে অসুস্থ হোৱা সময়ত ডাক্তৰে জিভা উলিয়াই দিবলৈ কৈছিল? আপোনাৰ জিভা চাই ডাক্তৰে কেনেকৈ গম পাইছিল যে আপোনাৰ কি হৈছে? বহু গৱেষণাৰ পৰা দেখা গৈছে যে জিভাৰ ৰং আৰু ইয়াৰ পৰিৱৰ্তনৰ ভিত্তিত ৰোগ ধৰা পেলাব পাৰি আৰু ৰোগটো নিৰ্ণয়ও কৰিব পাৰি। 

উদাহৰণস্বৰূপে, যেতিয়াই কাৰোবাৰ জিভাৰ ৰং স্বাভাৱিক ৰঙৰ পৰা সলনি হ’বলৈ আৰম্ভ কৰে তেতিয়া বুজিব যে শৰীৰত কোনো ধৰণৰ ৰোগৰ আক্ৰমণ হৈছে। জিভাৰ ৰঙৰ পৰা কি বুজিব পাৰি জানো আহক।
भूरी जीभ
১) ব্ৰাউন জিভা- কাৰোবাৰ জিভা ব্ৰাউন বা বাদামী হ’লে তাৰ অৰ্থ হ’ল তেওঁলোকে বেছিকৈ চাহ-কফি খায়। ইয়াৰ বাহিৰেও যিসকলে বেছিকৈ ছিগাৰেট বা বিড়ি পান কৰে, তেওঁলোকৰ জিভাখনো বাদামী বা ব্ৰাউন ৰঙৰ হৈ পৰে। এনেকুৱা হোৱাটো শৰীৰৰ বাবে ভাল নহয়। গতিকে এইবোৰ খাদ্য কমাই খোৱাটো ভাল। 

২) ক'লা জিভা- কাৰোবাৰ জিভাৰ ৰং যেতিয়া ক'লা হয়, তেতিয়া বুজিব যে ই কোনো গুৰুতৰ ৰোগৰ লক্ষণ। ই কেন্সাৰৰ লক্ষণো হ’ব পাৰে আৰু ইয়াৰ বাহিৰেও ভেঁকুৰৰ সংক্ৰমণ আৰু আলচাৰ হ’লেও জিভা ক’লা হৈ পৰে। যিসকলে বেছি ধূমপান কৰে, তেওঁলোকৰ জিভাও এনে সমস্যাৰ সন্মুখীন হয়।
लाल जीभ
৩) ৰঙা জিভা- জিভাখন যেতিয়া গুলাপী ৰঙৰ পৰা ৰঙা হয় তেতিয়া তাৰ অৰ্থ হ’ল আপোনাৰ শৰীৰত ভিটামিন বি১২ আৰু ফলিক এচিড বহু পৰিমাণে হ্ৰাস পাইছে।
नीली जीभ
৪) নীলা জিভা- কাৰোবাৰ জিভাৰ ৰং নীলা বা বেঙুনীয়া হ’লে তাৰ অৰ্থ হ’ল তেওঁৰ হৃদৰোগ হ’ব পাৰে।
पीली जीभ
৫) হালধীয়া জিভা- কাৰোবাৰ জিভা হালধীয়া হ’লে তাৰ অৰ্থ হ’ল শৰীৰত পুষ্টিকৰ উপাদানৰ অভাৱ। লিভাৰ বা পেটত কোনো সমস্যা হ’লে জিভাত হালধীয়া ৰঙৰ আৱৰণ পৰিবলৈ আৰম্ভ কৰে।
सफेद जीभ
৬) বগা জিভা- জিভাত বগা ৰং আহিলে তাৰ অৰ্থ হ’ল আপুনি মুখখন ভালদৰে চাফা কৰা নাই। ইয়াৰ বাবেই জিভাত বগা মলিৰ তৰপটো জমা হ’বলৈ ধৰে।


















FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে