--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেওবাৰে গুৱাহাটীত উদ্বোধন কৰা হয় উত্তৰ-পূব ভাৰতৰ প্ৰথমটো পিলাটেছ ষ্টুডিঅ’। গুৱাহাটীৰ উলুবাৰী অঞ্চলত মুকলি কৰা হয় ৰিফ্ৰম বাই নম্ৰতা পুৰোহিত পিলাটছ ষ্টুডিঅ’৷ 

সমীৰ পুৰোহিত আৰু নম্ৰতা পুৰোহিতে ২০১১ চনৰ জানুৱাৰী মাহত পিলাটেছ ষ্টুডিঅ’ প্ৰতিষ্ঠা কৰে।অতি কম সময়ৰ ভিতৰতে এই ষ্টুডিঅ’টোৱে ক্ৰীড়া তাৰকা আৰু ভাৰতীয় চলচ্চিত্ৰ জগতৰ চেলিব্ৰিটিকে ধৰি সকলো পটভূমিৰ লোকৰ মাজত জনপ্ৰিয়তা লাভ কৰে। সমগ্ৰ দেশৰ ২৫টা ষ্টুডিঅ’ত কাম কৰা পিলাটেছ ষ্টুডিঅ’ এণ্ড ৰিফৰ্ম পৰিয়ালে গুৱাহাটীলৈ পিলাটছৰ যাদু কঢ়িয়াই আনিবলৈ পাই উৎফুল্লিত হৈ পৰিছে।


দ্য পিলাটেছ ষ্টুডিঅ’ এণ্ড ৰিফৰ্মৰ প্ৰতিষ্ঠাপক তথা অংশীদাৰ নম্ৰতাই কয়, ''উত্তৰ-পূবত আমাৰ প্ৰথমটো ষ্টুডিঅ' সফলভাৱে মুকলি হোৱাৰ কথা ঘোষণা কৰি আমি আনন্দিত আৰু ৰোমাঞ্চিত হৈছো। মোৰ স্থানীয় অংশীদাৰ পায়ল গুৰদাসনী দুধেৰিয়া আৰু মৃদুল সাৰৌগী পাটনীৰ সৈতে আমি গুৱাহাটীলৈ পিলাটেছক চিনাকি কৰাই দিবলৈ সাজু।"

সমীৰ পুৰোহিতে কয় যে আমি পিলাটেছক দেশৰ বিভিন্ন প্ৰান্তৰ লোকৰ বাবে সহজে সুলভ কৰি তুলিব বিচাৰিছিলো।আমাৰ গুৱাহাটী ষ্টুডিঅ’ মুকলিয়ে আমাক সেই লক্ষ্যৰ এখোজ ওচৰলৈ লৈ গৈছে।আমি বিশ্বাস কৰোঁ যে গুৱাহাটী আমাৰ বাবে সাজু আৰু পিলাটেছৰ যাদু অনুভৱ কৰিবলৈ আগ্ৰহী।



২০০০ বৰ্গফুটত বিস্তৃত এই নতুন ষ্টুডিঅ’টোৱেই হৈছে প্ৰথমটো সম্পূৰ্ণ সুসজ্জিত পিলাটেছ ষ্টুডিঅ’। ৰিফৰ্মাৰ, ষ্টেবিলিটি চকী, আৰু আৰ্ক বেৰেলৰ দৰে অত্যাধুনিক সঁজুলি ব্যৱহাৰ কৰি মাইণ্ড-বডি প্ৰকাৰৰ প্ৰশিক্ষণত মনোনিৱেশ কৰাত ক্লায়েণ্টসকলক সহায় কৰাৰ লক্ষ্যৰে ইয়াক নিৰ্মাণ কৰা হৈছে।

শাৰীৰিক কাৰ্য্যকলাপসমূহে পিলাটেছ আৰু ইয়াৰ নীতিসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰিব, যাতে কোনোবাই শাৰীৰিক আৰু মানসিকভাৱে সুকেন্দ্ৰিক আৰু সংযুক্ত হোৱাটো নিশ্চিত কৰিব।

ৰিফৰ্ম গুৱাহাটীৰ ফ্ৰেঞ্চাইজি স্বত্বাধিকাৰী পায়ল আৰু মৃদুলে জোৰ দি কয় যে ষ্টুডিঅ’টোত প্ৰচুৰ প্ৰাকৃতিক শক্তি আছে যাতে আপোনাক নিশ্চিন্ত আৰু শিথিলতা অনুভৱ কৰাত সহায় কৰে আৰু সকলো কাম-কাজ ক্লায়েণ্টৰ প্ৰয়োজন অনুসৰি কেনেদৰে কাষ্টমাইজ কৰা হয়।








FOLLOW US F
POPULAR
FEATURE
TRENDY
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
ভক্তি ৰসেৰে জীপাল সোণাপুৰৰ কমাৰকুছি
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ