--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানৰ বিৰুদ্ধে প্ৰথমখন টেষ্টত মাইলৰ খুঁটি পাৰ কৰিলে নাথান লায়নে। শ্বেন ৱাৰ্ণৰ কৃতিত্ব স্পৰ্শ কৰে। অষ্ট্ৰেলিয়াৰ প্ৰাক্তন লেগ স্পিনাৰৰ কাষতে উপবিষ্ট হয় অষ্ট্ৰেলিয়ান অফ স্পিনাৰগৰাকী।

টেষ্ট ক্ৰিকেটত ৫০০ উইকেটৰ মাইলৰ খুঁটি স্পৰ্শ কৰে লায়নে৷ বিশ্বৰ চতুৰ্থ স্পিনাৰ হিচাপে এই কৃতিত্বৰপ গৰাকী হয়। পাকিস্তানৰ প্ৰথম ইনিংছৰ পিছত লায়ন্সৰ টেষ্ট উইকেটৰ সংখ্যা আছিল ৪৯৯ ৰান। দেওবাৰে ফাহিম আশ্ৰাফক আউট কৰি ৫০০ টেষ্ট উইকেটৰ মাইলৰ খুঁটিত উপনীত হোৱা তৃতীয়জন অষ্ট্ৰেলিয়ান বলাৰ হিচাপে পৰিগণিত হয়। পিছত অভিজ্ঞ অফ স্পিনাৰগৰাকীয়ে আমেৰ জামালক আউট কৰে। য

প্ৰথমখন টেষ্টৰ পিছত লায়ন্সৰ টেষ্টত উইকেটৰ সংখ্যা হৈছে ৫০১টা। ৱাৰ্ণৰ বাহিৰেও অষ্ট্ৰেলিয়াৰ বলাৰৰ ভিতৰত গ্লেন মেকগ্ৰাথৰ ৫০০টা টেষ্ট উইকেট আছে।

লায়নে এই মাইলৰ খুঁটিত উপনীত হয় বিশ্বৰ চতুৰ্থ স্পিনাৰ হিচাপে। শ্ৰীলংকাৰ প্ৰাক্তন স্পিনাৰ মুটিয়া মুৰলীথাৰণ আৰু ভাৰতৰ অনিল কুম্বলে এই কৃতিত্বৰ অংশীদাৰ হিচাপে হয়। লায়ন্সৰ সৈতে টেষ্টত বিশ্বৰ মুঠ ৮ গৰাকী বলাৰে ৫০০ টা উইকেট দখল কৰিছে।

লায়নে নিজৰ ১২৩ সংখ্যক টেষ্টত এই মাইলৰ খুঁটি স্পৰ্শ কৰে। ক্ষীপ্ৰ গতিত উইকেট লাভৰ ক্ষেত্ৰত তেওঁ বিশ্বৰ ভিতৰতে পঞ্চম। মুৰুলীধৰণৰ হাতত আছে ক্ষীপ্ৰ গতিৰে ইমানসংখ্যক উইকেট লাভৰ বিশ্ব অভিলেখ। ৮৭ সংখ্যক টেষ্টত তেওঁ ৫০০ উইকেট সম্পূৰ্ণ কৰে। দ্বিতীয় স্থানত থকা কুম্বলে নিজৰ ১০৫ সংখ্যক টেষ্টত এই মাইলৰ খুঁটিত উপনীত হয়। অষ্ট্ৰেলিয়াৰ ৱাৰ্ণ আৰু মেকগ্ৰাথ দুয়োজনে ১০৮ সংখ্যক টেষ্টত ৫০০ উইকেট দখল কৰাৰ কৃতিত্ব অৰ্জন কৰে।

ভাৰতৰ বিৰুদ্ধে সৰ্বাধিক ১২১ টা টেষ্ট উইকেট দখল কৰিছে লায়ন্সে। ইয়াৰ পিছত  ইংলেণ্ডৰ বিৰুদ্ধে ১১০টা উইকেট দখল কৰে তেওঁ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক