--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চলচ্চিত্ৰ এৰি ক্ৰিকেটৰ দিশে আগবাঢ়িছে বিগ বি অমিতাভ বচ্চন৷ অভিনেতা অমিতাভ বচ্চনে সোমবাৰে ইণ্ডিয়ান ষ্ট্ৰীট প্ৰিমিয়াৰ লীগত মুম্বাই দলৰ মালিক হোৱাৰ কথা ঘোষণা কৰে। এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি আই এছ পি এল হৈছে ভাৰতৰ প্ৰথমখন টেনিছ বল টি-১০ ক্ৰিকেট প্ৰতিযোগিতা যিখন ষ্টেডিয়ামৰ ভিতৰত অনুষ্ঠিত হ’ব। ২ মাৰ্চৰ পৰা ৯ মাৰ্চলৈ মুম্বাইত আয়োজন কৰা হ’ব দেশৰ ভিতৰতে প্ৰথমখন টি-১০ প্ৰতিযোগিতা।

এই প্ৰতিযোগিতাত ১৯খন খেল অনুষ্ঠিত হ’ব য’ত অংশগ্ৰহণ কৰিবলগীয়া ছটা দল হ’ল হায়দৰাবাদ, মুম্বাই, বেংগালুৰু, চেন্নাই, কলকাতা আৰু শ্ৰীনগৰ।বলীউডৰ ৮১ বছৰীয়া অভিনেতা অমিতাভ বচ্চনে কয় যে লীগৰ অংশ হোৱাটো তেওঁৰ বাবে এক নতুন অভিজ্ঞতা।বচ্চনে আই এছ পি এলক এক ৰোমাঞ্চকৰ আৰু অনন্য ফৰমেট বুলি অভিহিত কৰে।উল্লেখ্য যে এই প্ৰতিযোগিতাৰ বাবে ক্ৰমে শ্ৰীনগৰ আৰু বেংগালুৰুৰ দলৰ স্বতাধিকাৰ অভিনেতা অক্ষয় কুমাৰ আৰু হৃতিক ৰোশন।

বৰ্তমান টি-১০ লীগৰ প্ৰ’মো প্ৰকাশ কৰা হৈছে। অমিতাভ বচ্চনেও নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেলৰ জৰিয়তে ইয়াৰ প্ৰ’মো শ্বেয়াৰ কৰিছে। আই এছ পি এলৰ এক আভাস প্ৰ’মোত দেখা গৈছে। একে সময়তে টেনিছ বলৰ পৰা আৰম্ভ হ’বলগীয়া লীগক লৈ ক্ৰিকেট অনুৰাগীসকল অতিশয় উৎসাহিত হৈ পৰিছে।

ইতিমধ্যে বচ্চন পৰিয়ালে ক্ৰীড়াৰ প্ৰতি পূৰ্বেও আগ্ৰহ প্ৰকাশ কৰিছে।বিগ বিৰ পুত্ৰ অভিষেক বচ্চন ফুটবল দল আৰু কাবাডী দলৰ স্বত্বাধিকাৰী। অভিষেক ইণ্ডিয়ান ছুপাৰ লীগ (আই এছ এল) ফ্ৰেঞ্চাইজি চেন্নাই এফ চি আৰু প্ৰ’ কাবাডী লীগৰ ফ্ৰেঞ্চাইজি জয়পুৰ পিংক পেন্থাৰ্ছৰ মালিক৷আৰু শেহতীয়াকৈ অমিতাভ বচ্চনে আই এছ পি এলৰ ফ্ৰেঞ্চাইজি ক্ৰয় কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক