--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চলচ্চিত্ৰ এৰি ক্ৰিকেটৰ দিশে আগবাঢ়িছে বিগ বি অমিতাভ বচ্চন৷ অভিনেতা অমিতাভ বচ্চনে সোমবাৰে ইণ্ডিয়ান ষ্ট্ৰীট প্ৰিমিয়াৰ লীগত মুম্বাই দলৰ মালিক হোৱাৰ কথা ঘোষণা কৰে। এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি আই এছ পি এল হৈছে ভাৰতৰ প্ৰথমখন টেনিছ বল টি-১০ ক্ৰিকেট প্ৰতিযোগিতা যিখন ষ্টেডিয়ামৰ ভিতৰত অনুষ্ঠিত হ’ব। ২ মাৰ্চৰ পৰা ৯ মাৰ্চলৈ মুম্বাইত আয়োজন কৰা হ’ব দেশৰ ভিতৰতে প্ৰথমখন টি-১০ প্ৰতিযোগিতা।

এই প্ৰতিযোগিতাত ১৯খন খেল অনুষ্ঠিত হ’ব য’ত অংশগ্ৰহণ কৰিবলগীয়া ছটা দল হ’ল হায়দৰাবাদ, মুম্বাই, বেংগালুৰু, চেন্নাই, কলকাতা আৰু শ্ৰীনগৰ।বলীউডৰ ৮১ বছৰীয়া অভিনেতা অমিতাভ বচ্চনে কয় যে লীগৰ অংশ হোৱাটো তেওঁৰ বাবে এক নতুন অভিজ্ঞতা।বচ্চনে আই এছ পি এলক এক ৰোমাঞ্চকৰ আৰু অনন্য ফৰমেট বুলি অভিহিত কৰে।উল্লেখ্য যে এই প্ৰতিযোগিতাৰ বাবে ক্ৰমে শ্ৰীনগৰ আৰু বেংগালুৰুৰ দলৰ স্বতাধিকাৰ অভিনেতা অক্ষয় কুমাৰ আৰু হৃতিক ৰোশন।

বৰ্তমান টি-১০ লীগৰ প্ৰ’মো প্ৰকাশ কৰা হৈছে। অমিতাভ বচ্চনেও নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেলৰ জৰিয়তে ইয়াৰ প্ৰ’মো শ্বেয়াৰ কৰিছে। আই এছ পি এলৰ এক আভাস প্ৰ’মোত দেখা গৈছে। একে সময়তে টেনিছ বলৰ পৰা আৰম্ভ হ’বলগীয়া লীগক লৈ ক্ৰিকেট অনুৰাগীসকল অতিশয় উৎসাহিত হৈ পৰিছে।

ইতিমধ্যে বচ্চন পৰিয়ালে ক্ৰীড়াৰ প্ৰতি পূৰ্বেও আগ্ৰহ প্ৰকাশ কৰিছে।বিগ বিৰ পুত্ৰ অভিষেক বচ্চন ফুটবল দল আৰু কাবাডী দলৰ স্বত্বাধিকাৰী। অভিষেক ইণ্ডিয়ান ছুপাৰ লীগ (আই এছ এল) ফ্ৰেঞ্চাইজি চেন্নাই এফ চি আৰু প্ৰ’ কাবাডী লীগৰ ফ্ৰেঞ্চাইজি জয়পুৰ পিংক পেন্থাৰ্ছৰ মালিক৷আৰু শেহতীয়াকৈ অমিতাভ বচ্চনে আই এছ পি এলৰ ফ্ৰেঞ্চাইজি ক্ৰয় কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু