--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তাজমহল কৰ্তৃপক্ষলৈ ১ কোটি টকাৰ সম্পত্তি কৰ পৰিশোধ কৰাৰ বাবে  জাননী প্ৰেৰণ কৰা হৈছে। আগ্ৰা পৌৰ নিগমে  জাৰি কৰা জাননীত  অতি সোনকালে এই কৰ  পৰিশোধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। তাজমহল কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰা বকেয়া বিলসমূহ ২০২১-২২ আৰু ২০২২-২৩ বিত্তীয় বৰ্ষৰ বুলি জানিব পৰা গৈছে।   কেৱল সেয়াই নহয় পৌৰ নিগমে এইবুলিও  সতৰ্ক কৰি দিছে যে যদি ১৫  দিনৰ ভিতৰত কৰ পৰিশোধ কৰা নহয়, তেন্তে তাজমহল  'জব্দ' কৰা হ'ব।

তাজমহলৰ তত্বাৱধানত থকা ভাৰতীয় জৰীপ (এএছআই)য়ে এনে  জাননী লাভ কৰি আচৰিত হৈছে। তাজমহলৰ ৩৭০ বছৰীয়া  ইতিহাসত প্ৰথমবাৰৰ বাবে কৰ পৰিশোধ কৰিবলৈ জাননী জাৰি কৰা হৈছে। 
 এ.এছ.আই.-য়ে ধাৰণা কৰা মতে  হয়তো ভুলবশতঃ জাননী খন  প্ৰেৰণ কৰা হৈছে।এএছআইৰ  জ্যেষ্ঠ বিষয়া ৰাজকুমাৰ পেটেলে কয় যে তেওঁলোকক কৰ  পৰিশোধ কৰিবলৈ তাজমহল আৰু আগ্ৰা দুৰ্গলৈ তিনিখন জাননী প্ৰেৰণ কৰা হৈছে। 

যাৰ পৰিমাণ  ১ কোটিতকৈও অধিক টকা হ’ব । পেটেলে কয়, "আমি ভাবো এনে ধৰণৰ জাননী ভুলবশতঃ প্ৰেৰণ কৰা হৈছে। কৰবাত কিবা ভুল হৈছিল। প্ৰথমতে, কোনো স্মাৰকৰ ক্ষেত্ৰত সম্পত্তি কৰ প্ৰযোজ্য নহয়। উত্তৰ প্ৰদেশকে ধৰি দেশৰ অন্যান্য ৰাজ্যৰ আইনত ইয়াক উল্লেখ কৰা হৈছে। "









FOLLOW US F
POPULAR
FEATURE
TRENDY
শিলচৰত মৰ্মান্তিক ঘটনা! পুত্ৰই কৰা অপৰাধ সহ্য কৰিব নোৱাৰি চৰম সিদ্ধান্ত পিতৃৰ
ত্ৰিফলাৰ আছে আশ্বৰ্যকৰী গুণ! ই কেনেকৈ আপোনাৰ স্বাস্থ্য উন্নত কৰিব পাৰে জানো আহক
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী