--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তাজমহল কৰ্তৃপক্ষলৈ ১ কোটি টকাৰ সম্পত্তি কৰ পৰিশোধ কৰাৰ বাবে  জাননী প্ৰেৰণ কৰা হৈছে। আগ্ৰা পৌৰ নিগমে  জাৰি কৰা জাননীত  অতি সোনকালে এই কৰ  পৰিশোধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। তাজমহল কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰা বকেয়া বিলসমূহ ২০২১-২২ আৰু ২০২২-২৩ বিত্তীয় বৰ্ষৰ বুলি জানিব পৰা গৈছে।   কেৱল সেয়াই নহয় পৌৰ নিগমে এইবুলিও  সতৰ্ক কৰি দিছে যে যদি ১৫  দিনৰ ভিতৰত কৰ পৰিশোধ কৰা নহয়, তেন্তে তাজমহল  'জব্দ' কৰা হ'ব।

তাজমহলৰ তত্বাৱধানত থকা ভাৰতীয় জৰীপ (এএছআই)য়ে এনে  জাননী লাভ কৰি আচৰিত হৈছে। তাজমহলৰ ৩৭০ বছৰীয়া  ইতিহাসত প্ৰথমবাৰৰ বাবে কৰ পৰিশোধ কৰিবলৈ জাননী জাৰি কৰা হৈছে। 
 এ.এছ.আই.-য়ে ধাৰণা কৰা মতে  হয়তো ভুলবশতঃ জাননী খন  প্ৰেৰণ কৰা হৈছে।এএছআইৰ  জ্যেষ্ঠ বিষয়া ৰাজকুমাৰ পেটেলে কয় যে তেওঁলোকক কৰ  পৰিশোধ কৰিবলৈ তাজমহল আৰু আগ্ৰা দুৰ্গলৈ তিনিখন জাননী প্ৰেৰণ কৰা হৈছে। 

যাৰ পৰিমাণ  ১ কোটিতকৈও অধিক টকা হ’ব । পেটেলে কয়, "আমি ভাবো এনে ধৰণৰ জাননী ভুলবশতঃ প্ৰেৰণ কৰা হৈছে। কৰবাত কিবা ভুল হৈছিল। প্ৰথমতে, কোনো স্মাৰকৰ ক্ষেত্ৰত সম্পত্তি কৰ প্ৰযোজ্য নহয়। উত্তৰ প্ৰদেশকে ধৰি দেশৰ অন্যান্য ৰাজ্যৰ আইনত ইয়াক উল্লেখ কৰা হৈছে। "









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক