--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অসমত আঞ্চলিক ৰাজনৈতিক দলৰ প্ৰাসংগিকতা আছে নে? আজিৰ তাৰিখত এয়া এক গুৰুত্বপূৰ্ণ প্ৰশ্ন হিচাবে বিবেচিত হৈছে। বিশেষকৈ বিজেপিৰ দৰে সৰ্বভাৰতীয় দল এটাই অসমৰ ৰাজনীতিত ভালদৰে খোপনি পুতি লোৱাৰ সময়তে আঞ্চলিকতাবাদী ৰাজনৈতিক দলৰ প্ৰাসংগিকতাৰ বিষয়টো বহুতৰে বাবে চৰ্চাৰ বিষয় হৈ পৰিছে। দলীয় ৰাজনৈতিক দৃষ্টিকোণৰ পৰা চাবলৈ গ’লে অসমত আঞ্চলিক ৰাজনৈতিক দল হিচাবে অসম গণ পৰিষদে ব্যাপক ৰাজনৈতিক সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছিল।

ছবছৰীয়া অসম আন্দোলনৰ পৰিণতিত জন্মগ্ৰহণ কৰা অগপলৈ অসমৰ জাতীয়তাবাদী শিবিৰৰ লগতে পৰিৱৰ্তনকামী লোকসকলে অকুণ্ঠ সমৰ্থন জনাইছিল।কিন্তু পৰৱৰ্তী সময়ত অগপই সেই সমৰ্থন ধৰি ৰাখিবলৈ সক্ষম নহ’ল। অগপৰ বহু নেতাৰ কেতবোৰ কৰ্মকাণ্ডৰ বাবেই ৰাজ্যত আঞ্চলিকতাবাদৰ প্ৰতি মানুহৰ মোহভংগ ঘটিছিল। ইয়াৰ পৰিণতিতে ১৯৯১ চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছে অসমত ৬৬খন আসন লাভ কৰিছিল। 

অগপ আৰু এনএজিপিয়ে ক্ৰমান্বয়ে মাত্ৰ ১৯ আৰু ৫খন আসনহে ধৰি ৰাখিবলৈ সক্ষম হৈছিল।সেই সময়ত অগপৰ মুঠ ভোটৰ অংশ পূৰ্বৰ নিৰ্বাচনৰ তুলনাত ২৪ শতাংশলৈকে হ্ৰাস পাইছিল।লক্ষ্যণীয় কথাটো হ’ল ১৯৯১ চনত অসমত তেনেই চালুকীয়া অৱস্থাত থকা বিজেপিয়ে ৬.৫৫ শতাংশ ভোটৰ অংশৰে ১০খন আসনত বিজয়ী হৈছিল। সেই সময়ত কংগ্ৰেছে লাভ কৰা ভোটৰ অংশ আছিল ২৯.৩৫ আৰু অগপৰ ১৭.৯৩ শতাংশ।

দৰাচলতে ১৯৯১ চনৰ পাছৰেপৰাই বৃহৎ সংখ্যক ধৰ্মীয় সংখ্যালঘু ভোটাৰে অগপৰ প্ৰতি পিঠি দি পুনৰ কংগ্ৰেছমুখী হৈছিল। পৰৱৰ্তী নিৰ্বাচনসমূহত আঞ্চলিক দল অগপৰ প্ৰতি মানুহৰ সমৰ্থন ক্ৰমাৎ কমি আহিবলৈ ধৰিছিল। ইপিনে কংগ্ৰেছ আৰু বিশেষকৈ মুছলমান ভোটাৰক লক্ষ্য কৰি গঠন হোৱা এআইইউডিএফৰ প্ৰতিও সংখ্যালঘু ভোটাৰৰ মনত তিক্ততা জন্মিবলৈ ধৰিছিল। কংগ্ৰেছে দীৰ্ঘদিন ধৰি শাসনত আছিল, কিন্তু দলটোৱে সংখ্যালঘু সম্প্ৰদায়ৰ মৌলিক প্ৰয়োজনীয়তাসমূহ পূৰণ কৰাত ব্যৰ্থ হৈছিল। এআইইউডিএফৰ ৰাজনীতিয়েও সংখ্যালঘুসকলৰ একো উন্নতি কৰিব নোৱাৰ কথা সংখ্যালঘু বহু ভোটাৰে বুজি উঠিছিল। সেয়ে বহুতে সন্ধান কৰিছিল বিকল্পৰ। ইতিমধ্যে অগপই বিজেপিৰ সৈতে মিত্ৰতা কৰি একপ্ৰকাৰে আঞ্চলিকবাদৰ পথৰ পৰা ফালৰি কাটি ৰাষ্ট্ৰীয়তাবাদী চৰিত্ৰৰেই সমৰ্থক হৈ পৰিল।

জাতীয়তাবাদী শিবিৰেও বহুদিনৰে পৰা কংগ্ৰেছৰ বিকল্প দলৰ সন্ধান কৰি আহিছে।এনে সময়তে ‘কা বিৰোধী আন্দোলন’-এ বিকল্প আঞ্চলিক ৰাজনৈতিক দলৰ ধাৰণাটোক আৰু অধিক পুৰঠ কৰি তোলে। কৃষক নেতা অখিল গগৈৰ নেতৃত্বতগঠন হ’ল ‘ৰাইজৰ দল’ আৰু ‘কা আন্দোলন’ক দিয়া প্ৰাক্তন ছাত্ৰনেতা লুৰীণজ্যোতি গগৈৰ নেতৃত্বত গঠন হ’ল ‘অসম জাতীয় পৰিষদ’। ২০২১ চনৰ বিধানসভাৰ নিৰ্বাচনত তেনেই চালুকীয়া অৱস্থাতে দল দুটাই আঞ্চলিকতাবাদী শিবিৰক প্ৰতিনিধিত্ব কৰি নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’ল। কিন্তু নতুন আঞ্চলিক ৰাজনৈতিক দল হিচাবে দল যেনেদৰে ৰাজনৈতিক ৰণ কৌশল যুগুতাই উলিয়াব পাৰিব লাগিছিল তেনে কৰিব নোৱাৰিলে। দুয়োটা দলেই কেৱল মাত্ৰ এজন বা দুজন নেতাৰ জৰিয়তে পৰিচালিত হ’বলৈ লোৱাৰ বাবেই তেনে হ’ব পাৰে। অসমত মহাশক্তিত পৰিণত হোৱা বিজেপিক ভেটিবলৈ দল দুটাই নিৰ্বাচনৰ পাছতো বিশেষ চকুত লগা কাম একো কৰিব পৰা নাই। 

গাঁৱে-গাঁৱে সোমাই জাতীয়তাবাদী তথা আঞ্চলিকতাবাদী শিবিৰৰ লোকসকলক একত্ৰিত কৰাৰ সূৰ্ণ সম্ভাৱনা থকাৰ পাছতো দল দুটাই এতিয়ালৈকে সেই সুযোগৰ সদ্ব্যৱহাৰ কৰাত সফল হ’ব পৰা নাই যেন লাগে।  ‘কা বিৰোধী’ আন্দোলনৰ জোৱাৰত সৃষ্টি হোৱা দল দুটাই সেয়াই জোৱাৰৰ শক্তিক সঁচা অৰ্থত ব্যৱহাৰ কৰিব পৰা নাই বুলি বহুতে অনুভৱ কৰিছে। কিন্তু এটা কথাও ঠিক যে, ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে বিজেপি-কংগ্ৰেছৰ ভোটবেংক বিগত নিৰ্বাচনৰ সময়ত অলপ হ’লেও আঁচোৰ পেলাবলৈ সক্ষম হৈছে। দুয়োটা দলেই নতুন হোৱা সত্ত্বেও দল দুটাই প্ৰাৰ্থী দিয়া সমষ্টিসমূহত কমকৈ হ’লে ভোটৰ অংশ কাঢ়ি নিবলৈ সক্ষম হৈছে। অসম জাতীয় পৰিষদে গহপুৰ সমষ্টিত ১.৭৮ শতাংশ, গোলাঘাটত ৩.১৪ শতাংশ, হাজোত ৩৪.১৫ শতাংশ, জাগীৰোডত ৬.৪৩শতাংশ,

যোৰহাটত ৪.৯৫ শতাংশ আদি ভোটলাভ কৰি দলটোৰ প্ৰতি যে সাধাৰণ কিছু ভোটাৰ আকৃষ্ট হৈছে তাৰেই প্ৰমাণ দিবলৈ সক্ষম হ’ল। কিন্তু ‘কা আন্দোলন’ৰ পটভূমতি গঠন হোৱা দল দুটাই বিজেপি-অগপৰ মিত্রজোঁট তথা কংগ্ৰেছ-এআইইউডিএফৰ মহাজোঁটক লাভাৱান্বিত কৰা কেতবোৰ কামো কৰিলে। যেনে ৰূপহীহাট, কাটিগাৰা, যমুনামুখ, হাজো, গোলাকগঞ্জ আৰু অভয়াপুৰী উত্তৰ ৰঙাপাৰা, ধিং, বিহপুৰীয়া, ৰঙিয়া, তেজপুৰ, মাহমৰা, চাবুৱা, ৰহা আদি বিধানসভা সমষ্টিত এজেপি আৰু ৰাইজৰ দলে নিজা নিজাকৈ প্ৰাৰ্থী দিয়াত দুয়োটা দলৰেই ক্ষতি হ’ল। 

বিকল্প বিচৰা জনতাক সঠিক ৰাজনৈতিক বিকল্পৰ সন্ধান দিব পৰাকৈ ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ এতিয়াও সাজু হৈ উঠা বুলি বহুতেই ক’ব বিচৰা নাই। সৱল তথা বিকেন্দ্ৰীভূত নেতৃত্ব তথা সঠিক গণসংযোগৰ পদক্ষেপ গ্ৰহণ কৰিব পাৰিলে দল দুটাই হয়তো অদূৰ ভৱিষ্যতে অসমৰ ৰাজনৈতিক ক্ষেত্ৰতখনত কিবা এটা জোকাৰণিৰ সৃষ্টি কৰিব পাৰিব বুলি বহুতে ধাৰণা কৰিছে। অৱশ্যে দল দুটাৰ সাম্প্ৰতিক ধৰণ-কৰণলৈ চাই সেই দিনলৈ আৰু বহু দিন আছে বুলিও বহুতে মন্তব্য কৰা পৰিলক্ষিত হৈছে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত পেট্রল-ডিজেল, ৰন্ধন গেছৰ সংকট নাই: ভাৰতীয় তেল নিগমৰ ঘোষণা
IMFৰ প্ৰতিবেদন:বিশ্বৰ ষষ্ঠ স্থানলৈ অৱনমিত ভাৰতীয় অর্থনীতি
আজি নাঙল বিহু; এই বিহু কিয় পালন কৰা হয় জানেনে আপুনি?
ইৰানে হৰমুজ প্রণালী বন্ধ কৰাৰ প্ৰভাৱ; ৬ সপ্তাহৰ পাছত বিমান সেৱা বন্ধ হ’ব ইউৰোপত
গুৱাহাটীৰ সংগীতা ৰাভাৰ শিৰত জিলিকিল ২০২৬ বৰ্ষৰ লতাশিল বিহু সম্ৰাজ্ঞীৰ খিতাপ
মোদী-ট্ৰাম্পৰ টেলিফোনিক বাৰ্তালাপ: পশ্চিম এছিয়াৰ শান্তি আৰু দ্বিপাক্ষিক মিত্ৰতাৰ নতুন দিশ
বিহাৰৰ কাটিহাৰত শোকাৱহ পথ দুৰ্ঘটনা: বাছ-ট্ৰাকৰ মুখামুখি সংঘৰ্ষত ১৩ জনৰ মৃত্যু, আহত ৩০জন
৯২ বছৰীয়া কিংবদন্তি গায়িকা আশা ভোশলে চিকিৎসালয়ত ভৰ্তি: নাতিনীয়েকে জনালে স্বাস্থ্যৰ গুৰুত্বপূৰ্ণ খবৰ
ভুলবশতঃ আনৰ UPI একাউণ্টত টকা পঠিয়াইছে নেকি? চিন্তা নকৰিব, এইদৰে ঘূৰাই পাব পাৰে আপোনাৰ ধন
৩খন টোলগে'টে শোধাব মাধমাৰ, বিশ্বনাথ-গহপুৰ-খোৱাঙত যান-বাহনে ভৰিব মাচুল
যুদ্ধত ৩৯ মার্কিন যুঁজাৰু বিমান ধ্বংস
উত্তৰ প্ৰদেশত চাঞ্চল্য: ৫ মাহ ধৰি কন্যাৰ মৃতদেহৰ সৈতে একেলগে বাস পিতৃৰ; দুৰ্গন্ধ লুকুৱাবলৈ ব্যৱহাৰ কৰিলে পাৰফিউম
কাৰ্বি আংলঙৰ হাওৰাঘাটত হৃদয়বিদাৰক ঘটনা ; ৮ দিনীয়া সন্তানক হত্যাৰ অপৰাধত মাতৃক গ্ৰেপ্তাৰ
মোদী-ৰাহুল গান্ধীৰ অন্তৰংগ বাৰ্তালাপ