--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গোপনে সোণ সৰবৰাহ কৰাৰ নিত্য নতুন কৌশল অৱলম্বন কৰিছে চোাং ব্যৱসায়ীয়ে৷ কেৰালাত অভিনৱ পদ্ধতিৰে সোণ সৰবৰাহ কৰাৰ এক ঘটনা ধৰা পৰিছে৷   কেৰালাৰ বিমান বন্দৰত ধৰা পৰা এগৰাকী যুৱতীয়ে শুল্ক বিভাগৰ চকুত ধূলি মাৰিবলৈ তেওঁৰ আণ্ডাৰৱেৰৰ তলত লুকুৱাই  আনিছিল প্ৰায়  ১ কোটি টকা মূল্যৰ সোণ৷  যুৱতীগৰাকীয়ে কাষ্টমছৰ চকুত ধূলি দি বিমান বন্দৰৰ পৰা ওলাই আহিবলৈ সক্ষম হয় যদিও বিমান বন্দৰৰ বাহিৰতে সন্দেহ বশতঃ তেওঁক আটক কৰা হয়৷ 

তাৰ পিছতে ওলাই পৰে জোলোঙাৰ মেকুৰী৷  ঘটনাটো ঘটিছে কেৰালাৰ  কাৰিপুৰ বিমানবন্দৰৰ বাহিৰত ৷ শুল্ক বিভাগৰ সূত্ৰই প্ৰকাশ কৰা মতে  যুৱতীগৰাকীয়ে  ডুবাইৰ পৰা আহি কাৰিপুৰ বা কালিকট বিমানবন্দৰত উপস্থিত হৈছিল।  সন্দেহবশতঃ যুৱতীগৰাকীক তালাচী চলোৱাত আণ্ডাৰৱেৰৰ তলত সোণ লুকুৱাই ৰখাৰ কথা পোহৰলৈ আহে৷ শুল্ক বিভাগে জব্দ কৰা সোণ খিনিৰ মূল্য প্ৰায় ১ কোটি টকা হ’ব৷  

ধৃত যুৱতীগৰাকীক গৰাকীক শ্বাহলা (১৯) বুলি চিনাক্ত কৰা হৈছে৷   তেওঁ কেৰালাৰ  কাচাৰাগোডৰ বাসিন্দা। আৰক্ষীয়ে তেওঁক বিমানবন্দৰৰ বাহিৰত এক গোপন সূত্ৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰে আৰু  অন্তৰ্বাসৰ তলত  লুকুৱাই থোৱা ১.৮৮৪ কিলোগ্ৰাম ওজনৰ সোণ উদ্ধাৰ কৰে। 

সোণ খিনি তিনিটা পেকেটত ৰখা হৈছিল। শ্বাহলাই নিশা ১০:৩০ বজাত এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ বিমানেৰে  বিমানবন্দৰত উপস্থিত হৈছিল। শুল্ক বিভাগৰ যাৱতীয় পৰীক্ষাৰ পিছত  পিছত তেওঁ বিমানবন্দৰ এৰি যাবলৈ লৈছিল আৰু তেতিয়াই   মহানগৰ আৰক্ষীয়ে তেওঁক  গ্ৰেপ্তাৰ কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক