--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গোপনে সোণ সৰবৰাহ কৰাৰ নিত্য নতুন কৌশল অৱলম্বন কৰিছে চোাং ব্যৱসায়ীয়ে৷ কেৰালাত অভিনৱ পদ্ধতিৰে সোণ সৰবৰাহ কৰাৰ এক ঘটনা ধৰা পৰিছে৷   কেৰালাৰ বিমান বন্দৰত ধৰা পৰা এগৰাকী যুৱতীয়ে শুল্ক বিভাগৰ চকুত ধূলি মাৰিবলৈ তেওঁৰ আণ্ডাৰৱেৰৰ তলত লুকুৱাই  আনিছিল প্ৰায়  ১ কোটি টকা মূল্যৰ সোণ৷  যুৱতীগৰাকীয়ে কাষ্টমছৰ চকুত ধূলি দি বিমান বন্দৰৰ পৰা ওলাই আহিবলৈ সক্ষম হয় যদিও বিমান বন্দৰৰ বাহিৰতে সন্দেহ বশতঃ তেওঁক আটক কৰা হয়৷ 

তাৰ পিছতে ওলাই পৰে জোলোঙাৰ মেকুৰী৷  ঘটনাটো ঘটিছে কেৰালাৰ  কাৰিপুৰ বিমানবন্দৰৰ বাহিৰত ৷ শুল্ক বিভাগৰ সূত্ৰই প্ৰকাশ কৰা মতে  যুৱতীগৰাকীয়ে  ডুবাইৰ পৰা আহি কাৰিপুৰ বা কালিকট বিমানবন্দৰত উপস্থিত হৈছিল।  সন্দেহবশতঃ যুৱতীগৰাকীক তালাচী চলোৱাত আণ্ডাৰৱেৰৰ তলত সোণ লুকুৱাই ৰখাৰ কথা পোহৰলৈ আহে৷ শুল্ক বিভাগে জব্দ কৰা সোণ খিনিৰ মূল্য প্ৰায় ১ কোটি টকা হ’ব৷  

ধৃত যুৱতীগৰাকীক গৰাকীক শ্বাহলা (১৯) বুলি চিনাক্ত কৰা হৈছে৷   তেওঁ কেৰালাৰ  কাচাৰাগোডৰ বাসিন্দা। আৰক্ষীয়ে তেওঁক বিমানবন্দৰৰ বাহিৰত এক গোপন সূত্ৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰে আৰু  অন্তৰ্বাসৰ তলত  লুকুৱাই থোৱা ১.৮৮৪ কিলোগ্ৰাম ওজনৰ সোণ উদ্ধাৰ কৰে। 

সোণ খিনি তিনিটা পেকেটত ৰখা হৈছিল। শ্বাহলাই নিশা ১০:৩০ বজাত এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ বিমানেৰে  বিমানবন্দৰত উপস্থিত হৈছিল। শুল্ক বিভাগৰ যাৱতীয় পৰীক্ষাৰ পিছত  পিছত তেওঁ বিমানবন্দৰ এৰি যাবলৈ লৈছিল আৰু তেতিয়াই   মহানগৰ আৰক্ষীয়ে তেওঁক  গ্ৰেপ্তাৰ কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু