--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী অভিনেতাৰ মৃতৃ্যুকলৈ দুবছৰ পূৰ্বে সমগ্ৰ দেশতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল৷বলীউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যৰ ঘটনাই নতুন মোৰ লৈছে৷ অভিনেতাজনে আত্মহত্যা কৰা বুলিয়েই ইমান দিনে বহুতে ধাৰণা কৰি আহিছে যদিও এজন ব্যক্তিৰ এক বিশেষ মন্তব্যই এতিয়া সমগ্ৰ ঘটনাটোকে ৰহস্যৰ মাজলৈ ঠেলি দিছে৷  


অভিনেতাজনৰ মৃতদেহ তেওঁৰ মুম্বাইত থকা  এপাৰ্টমেণ্টত ৰহস্যজনক পৰিস্থিতিত উদ্ধাৰ কৰাৰ দুবছৰ পিছত কুপাৰ হস্পিটেলৰ এজন কৰ্মচাৰীয়ে এই বিষয়ত এক বিস্ফোৰক মন্তব্য কৰিছে৷ সেই কৰ্মচাৰীজনেই অভিনেতাজনৰ মৃতদেহৰ  মৰণোত্তৰ পৰীক্ষা কৰিছিল৷ কৰ্মচাৰীজনে দাবী কৰিছে যে অভিনেতাজনে আত্মহত্যা কৰা নাছিল,  তেওঁক  হত্যা কৰা হৈছিল। 

শেহতীয়া  এক সাক্ষাৎকাৰত ৰূপকুমাৰ শ্বাহ নামৰ কৰ্মচাৰীজনে  কয়, "যেতিয়া সুশান্ত সিং ৰাজপুতৰ মৃত্যু হৈছিল, আমি মৰণোত্তৰ পৰীক্ষাৰ বাবে কুপাৰ চিকিৎসালয়ত পাঁচটা মৃতদেহ পাইছিলো। যেতিয়া আমি মৰণোত্তৰ পৰীক্ষা কৰিবলৈ গৈছিলো, আমি গম পাইছিলো যে পাঁচটা মৃতদেহৰ ভিতৰতে এটা সুশান্তৰ আছিল ৷ আমি লক্ষ্য কৰিছিলো যে তেওঁৰ শৰীৰত কেইবাটাও আঘাতৰ চিহ্ন আছিল আৰু তেওঁৰ ডিঙিত দুইৰ পৰা তিনিটা  আঘাতৰ চিহ্নও দেখা গৈছিল।"

কিন্তু তেওঁ উচ্চ কৰ্তৃপক্ষৰ নিৰ্দেশনা অনুসৰি সেই কথা প্ৰকাশ কৰাৰ পৰা বিৰত আছিল৷ উল্লেখ্য ২০২০চনৰ ১৪ জুনত অভিনেতাজনক বান্দ্ৰাত থকা তেওঁৰ বাসগৃহত ওলমি থকা অৱস্থাত পোৱা গৈছিল৷   সুশান্তৰ  পৰিয়ালে দাবী কৰিছিল   যে তেওঁক হত্যা কৰা হৈছিল। অৱশ্যে অভিনেতা জনৰ মৃত্যুৰ দুবছৰ বাগৰাৰ পিছতোতেওঁৰ মৃত্যু এক অমীমাংসিত ৰহস্য হৈয়ে আছে।

শেহতীয়াকৈ  কুপাৰ চিকিৎসালয়ৰ কৰ্মচাৰীজনৰ ভাষ্যই বিষয়টোক পুনৰ নতুন দিশে পৰিচালিত কৰিছে৷ 
 অভিনেতা আমিৰ খানৰ ভায়েক ফৈচাল খানেও আগতে একে ধৰণৰ দাবী কৰিছিল। ফৈচালেকৈছিল, "মই জানো যে তেওঁক হত্যা কৰা হৈছে। কেছটো কেতিয়া খুলিব সেয়া কেৱল সময়হে ক'ব। ইয়াত বহুতো সংস্থা (চিবিআই, ইডি, এনচিবি) জড়িত আছে। তদন্ত চলি আছে। কেতিয়াবা সত্যও ওলাই নাহে। মই প্ৰাৰ্থনা কৰোঁ যাতে সত্যটো ওলাই আহে আৰু  সকলোৱে জানে।"


সুশান্তৰ মৃত্যুৰ তদন্ত দেশৰ তিনিটা মুখ্য সংস্থাৰ দ্বাৰা কৰা হৈছে - কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (চিবিআই), নাৰ্কোটিক্স নিয়ন্ত্ৰণ ব্যুৰো (এনচিবি) আৰু প্ৰৱৰ্তন সঞ্চালকালয় (ইডি)। সুশান্তই মৃত্যুৰ সময়ত ৰিয়াৰ সৈতে ডেটিং কৰি আছিল। প্ৰয়াত অভিনেতাজনৰ আকস্মিক মৃত্যুৰ পিছত এনচিবিয়ে বলীউডত ড্ৰাগছৰ ব্যৱহাৰৰ তদন্ত আৰম্ভ কৰিছিল। ২০২০ চনত এনচিবিয়ে ৰিয়া আৰু তেওঁৰ ভায়েক শ্বইক চক্ৰৱৰ্তীক  অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যু সম্পৰ্কীয় ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ কৰিছিল। অভিনেত্ৰীগৰাকীক মুম্বাইৰ বাইকুল্লা কাৰাগাৰত এমাহৰো অধিক সময় ৰখা হৈছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক