--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী অভিনেতাৰ মৃতৃ্যুকলৈ দুবছৰ পূৰ্বে সমগ্ৰ দেশতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল৷বলীউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যৰ ঘটনাই নতুন মোৰ লৈছে৷ অভিনেতাজনে আত্মহত্যা কৰা বুলিয়েই ইমান দিনে বহুতে ধাৰণা কৰি আহিছে যদিও এজন ব্যক্তিৰ এক বিশেষ মন্তব্যই এতিয়া সমগ্ৰ ঘটনাটোকে ৰহস্যৰ মাজলৈ ঠেলি দিছে৷  


অভিনেতাজনৰ মৃতদেহ তেওঁৰ মুম্বাইত থকা  এপাৰ্টমেণ্টত ৰহস্যজনক পৰিস্থিতিত উদ্ধাৰ কৰাৰ দুবছৰ পিছত কুপাৰ হস্পিটেলৰ এজন কৰ্মচাৰীয়ে এই বিষয়ত এক বিস্ফোৰক মন্তব্য কৰিছে৷ সেই কৰ্মচাৰীজনেই অভিনেতাজনৰ মৃতদেহৰ  মৰণোত্তৰ পৰীক্ষা কৰিছিল৷ কৰ্মচাৰীজনে দাবী কৰিছে যে অভিনেতাজনে আত্মহত্যা কৰা নাছিল,  তেওঁক  হত্যা কৰা হৈছিল। 

শেহতীয়া  এক সাক্ষাৎকাৰত ৰূপকুমাৰ শ্বাহ নামৰ কৰ্মচাৰীজনে  কয়, "যেতিয়া সুশান্ত সিং ৰাজপুতৰ মৃত্যু হৈছিল, আমি মৰণোত্তৰ পৰীক্ষাৰ বাবে কুপাৰ চিকিৎসালয়ত পাঁচটা মৃতদেহ পাইছিলো। যেতিয়া আমি মৰণোত্তৰ পৰীক্ষা কৰিবলৈ গৈছিলো, আমি গম পাইছিলো যে পাঁচটা মৃতদেহৰ ভিতৰতে এটা সুশান্তৰ আছিল ৷ আমি লক্ষ্য কৰিছিলো যে তেওঁৰ শৰীৰত কেইবাটাও আঘাতৰ চিহ্ন আছিল আৰু তেওঁৰ ডিঙিত দুইৰ পৰা তিনিটা  আঘাতৰ চিহ্নও দেখা গৈছিল।"

কিন্তু তেওঁ উচ্চ কৰ্তৃপক্ষৰ নিৰ্দেশনা অনুসৰি সেই কথা প্ৰকাশ কৰাৰ পৰা বিৰত আছিল৷ উল্লেখ্য ২০২০চনৰ ১৪ জুনত অভিনেতাজনক বান্দ্ৰাত থকা তেওঁৰ বাসগৃহত ওলমি থকা অৱস্থাত পোৱা গৈছিল৷   সুশান্তৰ  পৰিয়ালে দাবী কৰিছিল   যে তেওঁক হত্যা কৰা হৈছিল। অৱশ্যে অভিনেতা জনৰ মৃত্যুৰ দুবছৰ বাগৰাৰ পিছতোতেওঁৰ মৃত্যু এক অমীমাংসিত ৰহস্য হৈয়ে আছে।

শেহতীয়াকৈ  কুপাৰ চিকিৎসালয়ৰ কৰ্মচাৰীজনৰ ভাষ্যই বিষয়টোক পুনৰ নতুন দিশে পৰিচালিত কৰিছে৷ 
 অভিনেতা আমিৰ খানৰ ভায়েক ফৈচাল খানেও আগতে একে ধৰণৰ দাবী কৰিছিল। ফৈচালেকৈছিল, "মই জানো যে তেওঁক হত্যা কৰা হৈছে। কেছটো কেতিয়া খুলিব সেয়া কেৱল সময়হে ক'ব। ইয়াত বহুতো সংস্থা (চিবিআই, ইডি, এনচিবি) জড়িত আছে। তদন্ত চলি আছে। কেতিয়াবা সত্যও ওলাই নাহে। মই প্ৰাৰ্থনা কৰোঁ যাতে সত্যটো ওলাই আহে আৰু  সকলোৱে জানে।"


সুশান্তৰ মৃত্যুৰ তদন্ত দেশৰ তিনিটা মুখ্য সংস্থাৰ দ্বাৰা কৰা হৈছে - কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (চিবিআই), নাৰ্কোটিক্স নিয়ন্ত্ৰণ ব্যুৰো (এনচিবি) আৰু প্ৰৱৰ্তন সঞ্চালকালয় (ইডি)। সুশান্তই মৃত্যুৰ সময়ত ৰিয়াৰ সৈতে ডেটিং কৰি আছিল। প্ৰয়াত অভিনেতাজনৰ আকস্মিক মৃত্যুৰ পিছত এনচিবিয়ে বলীউডত ড্ৰাগছৰ ব্যৱহাৰৰ তদন্ত আৰম্ভ কৰিছিল। ২০২০ চনত এনচিবিয়ে ৰিয়া আৰু তেওঁৰ ভায়েক শ্বইক চক্ৰৱৰ্তীক  অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যু সম্পৰ্কীয় ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ কৰিছিল। অভিনেত্ৰীগৰাকীক মুম্বাইৰ বাইকুল্লা কাৰাগাৰত এমাহৰো অধিক সময় ৰখা হৈছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু