--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃদেশত বৰ্তমান সুৰাপায়ীৰ সংখ্যা বৃদ্ধি পাইছে৷ চৰকাৰে সুবিধা পালেই সুৰাৰ ওপৰত বিভিন্ন কৰ আৰোপ কৰি আহিছে৷ আনকি কোভিডৰ সময়তো সুৰাপায়ী সকলৰ পৰাই চৰকাৰে কোভিড কৰ আদায় কৰিছে৷ ইমানৰ পিছতো কিন্তু চৰকাৰে সুৰাপায়ীসকলৰ বাবে কোনো আঁচনি ঘোষণা কৰা নাই৷ এই কথাতে মন বেয়া কৰিছে একাংশ সুৰাপায়ীয়ে৷ 


সেয়ে তেনে সুৰাপায়ীসকলৰ এটা সংগঠনে সংবাদমেল পাতি এখন ৰাজ্যৰ চৰকাৰৰ ওচৰত বিভিন্ন দাবী উত্থাপন কৰিছে৷ কৰ্ণাটকৰ এলকহল লাভাৰ্ছ এছ'চিয়েশ্যনে ৰাজ্য খনৰ  বোম্মাই চৰকাৰক সুৰাৰ বটলত বীমাৰ লগতে আন কেইবাটাও দাবী জনাইছে৷ 

কৰ্ণাটকৰ সুৰাপায়ীৰ সংগঠন 'এলকহল লাভৰ্ছ এছ'চিয়েশ্যনে' ৰাজ্য চৰকাৰক মদৰ  প্ৰতিটো বটলত এক লাখ টকাৰ বীমা কৰিবলৈ দাবী জনাইছে৷ সংগঠনটোৱে অভিযোগ কৰিছে  যে তেওঁলোকক ৰাজ্য চৰকাৰে দীৰ্ঘদিন ধৰি উপেক্ষা কৰি আহিছে।

কৰ্ণাটকৰ হাচানত এখন সংবাদমেল অনুষ্ঠিত কৰি  সংগঠনটোৰ এজন প্ৰতিনিধিয়ে কয়, "আমি (সুৰা প্ৰেমীসকলে) চৰকাৰৰ উপাৰ্জনত ৩০ শতাংশ অৰিহণা যোগাইছো ৷ কিন্তু আমাক দীঘলীয়া সময় ধৰি  উপেক্ষা কৰি অহা হৈছে। সেয়েহে, আমি 
চৰকাৰৰ ওচৰত কেইটামান দাবী উত্থাপন কৰিছো৷  যিয়ে আমাৰ পৰিয়াল আৰু আমাক লাভান্বিত কৰিব।"

 দাবী উত্থাপন কৰি সংগঠনৰ এজন সদস্যই কয়, "সুৰাপায়ীৰ সুৰাপান কৰি  হোৱা মৃত্যুৰ ক্ষেত্ৰত প্ৰতিটো বটলৰ এক লাখ টকাৰ বীমা কৰিব লাগে। ৰাজ্যখনত সুৰাপান কৰা সকলৰ বাবে এটা বিশেষ নিগম স্থাপন কৰা প্ৰয়োজন আৰু চৰকাৰে আমাক প্ৰতি বছৰে এক লাখ ঘৰ প্ৰদান কৰিব লাগিব। চৰকাৰে যকৃতৰ অস্ত্ৰোপচাৰকে ধৰি আমাৰ যকৃতৰ চিকিৎসাৰ ব্যয়বহন কৰিব লাগিব আৰু আমাৰ  নিয়মীয়াকৈ  স্বাস্থ্য পৰীক্ষা কৰিব লাগিব।"

সংগঠনটোৱে চৰকাৰক তেওঁলোকৰ সন্তানৰ বাবে বিদ্যালয়ত সংৰক্ষণ প্ৰদান কৰিবলৈও দাবী জনায়। সংগঠনটোৰ তৰফৰ পৰা কোৱা হয়"আমাৰ সন্তানৰ বাবে চৰকাৰী ছাত্ৰাবাসৰ ১০ শতাংশ আসন সংৰক্ষণ কৰিব লাগিব। ই আমাৰ শিশুসকলক কোনো চিন্তা  নোহোৱাকৈ অধ্যয়ন কৰাত সহায় কৰিব" ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক