--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃদেশত বৰ্তমান সুৰাপায়ীৰ সংখ্যা বৃদ্ধি পাইছে৷ চৰকাৰে সুবিধা পালেই সুৰাৰ ওপৰত বিভিন্ন কৰ আৰোপ কৰি আহিছে৷ আনকি কোভিডৰ সময়তো সুৰাপায়ী সকলৰ পৰাই চৰকাৰে কোভিড কৰ আদায় কৰিছে৷ ইমানৰ পিছতো কিন্তু চৰকাৰে সুৰাপায়ীসকলৰ বাবে কোনো আঁচনি ঘোষণা কৰা নাই৷ এই কথাতে মন বেয়া কৰিছে একাংশ সুৰাপায়ীয়ে৷ 


সেয়ে তেনে সুৰাপায়ীসকলৰ এটা সংগঠনে সংবাদমেল পাতি এখন ৰাজ্যৰ চৰকাৰৰ ওচৰত বিভিন্ন দাবী উত্থাপন কৰিছে৷ কৰ্ণাটকৰ এলকহল লাভাৰ্ছ এছ'চিয়েশ্যনে ৰাজ্য খনৰ  বোম্মাই চৰকাৰক সুৰাৰ বটলত বীমাৰ লগতে আন কেইবাটাও দাবী জনাইছে৷ 

কৰ্ণাটকৰ সুৰাপায়ীৰ সংগঠন 'এলকহল লাভৰ্ছ এছ'চিয়েশ্যনে' ৰাজ্য চৰকাৰক মদৰ  প্ৰতিটো বটলত এক লাখ টকাৰ বীমা কৰিবলৈ দাবী জনাইছে৷ সংগঠনটোৱে অভিযোগ কৰিছে  যে তেওঁলোকক ৰাজ্য চৰকাৰে দীৰ্ঘদিন ধৰি উপেক্ষা কৰি আহিছে।

কৰ্ণাটকৰ হাচানত এখন সংবাদমেল অনুষ্ঠিত কৰি  সংগঠনটোৰ এজন প্ৰতিনিধিয়ে কয়, "আমি (সুৰা প্ৰেমীসকলে) চৰকাৰৰ উপাৰ্জনত ৩০ শতাংশ অৰিহণা যোগাইছো ৷ কিন্তু আমাক দীঘলীয়া সময় ধৰি  উপেক্ষা কৰি অহা হৈছে। সেয়েহে, আমি 
চৰকাৰৰ ওচৰত কেইটামান দাবী উত্থাপন কৰিছো৷  যিয়ে আমাৰ পৰিয়াল আৰু আমাক লাভান্বিত কৰিব।"

 দাবী উত্থাপন কৰি সংগঠনৰ এজন সদস্যই কয়, "সুৰাপায়ীৰ সুৰাপান কৰি  হোৱা মৃত্যুৰ ক্ষেত্ৰত প্ৰতিটো বটলৰ এক লাখ টকাৰ বীমা কৰিব লাগে। ৰাজ্যখনত সুৰাপান কৰা সকলৰ বাবে এটা বিশেষ নিগম স্থাপন কৰা প্ৰয়োজন আৰু চৰকাৰে আমাক প্ৰতি বছৰে এক লাখ ঘৰ প্ৰদান কৰিব লাগিব। চৰকাৰে যকৃতৰ অস্ত্ৰোপচাৰকে ধৰি আমাৰ যকৃতৰ চিকিৎসাৰ ব্যয়বহন কৰিব লাগিব আৰু আমাৰ  নিয়মীয়াকৈ  স্বাস্থ্য পৰীক্ষা কৰিব লাগিব।"

সংগঠনটোৱে চৰকাৰক তেওঁলোকৰ সন্তানৰ বাবে বিদ্যালয়ত সংৰক্ষণ প্ৰদান কৰিবলৈও দাবী জনায়। সংগঠনটোৰ তৰফৰ পৰা কোৱা হয়"আমাৰ সন্তানৰ বাবে চৰকাৰী ছাত্ৰাবাসৰ ১০ শতাংশ আসন সংৰক্ষণ কৰিব লাগিব। ই আমাৰ শিশুসকলক কোনো চিন্তা  নোহোৱাকৈ অধ্যয়ন কৰাত সহায় কৰিব" ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু