--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক কৰুণ ঘটনা সংঘটিত হৈছে। ৰন্ধা-বঢ়া কৰি থকাৰ সময়তে চিলিণ্ডাৰত জুই লগাৰ ফলত শেষ হৈ গল এটা পৰিয়াল।  ৩টা শিশুকে ধৰি কৰুণ মৃত্যুক সাবটি লয় এহাল পতি-পত্নীয়ে। ৰাজস্থানৰ জয়পুৰত সংঘটিত হৈছে এই কৰুণ ঘটনা।  

চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ ফলত কোনো বাহিৰলৈ ওলাই আহিব পৰা নাছিল। ফলত জীৱন্তে অগ্নিদগ্ধ হৈ মৰণ কাতৰ চিঞৰ মাৰি মৃত্যুক সাবটি লয় পৰিয়ালটোৱে।

বিশ্বকৰ্মা থানা এলেকাৰ জয়সাল্য গাঁৱত বৃহস্পতিবাৰে পুৱা ৭.৩০ বজাত সংঘটিত হয় এই ঘটনা।

এচিপি অশোক চৌহানে জনোৱা মতে, ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে ৭.৪০ মিনিটত আৰক্ষীৰ দলটো সেই স্থানত উপস্থিত হয়। 

অগ্নিনিৰ্বাপক বাহিনীৰ সহায়ত জুই নিয়ন্ত্ৰণ কৰি জ্বলি যোৱা মৃতদেহ বাহিৰলৈ উলিয়াই অনা হয়। দুৰ্ঘটনাত মৃত্যু হয় ৰাজেশ (২৬), পত্নী ৰুবী (২৪), ইছু (৭), দিলখুছ (২) আৰু খুছমণি (৪)ৰ। পৰিয়ালটো মোটিহাৰী (বিহাৰ)ৰ আৰু ইয়াত ভাড়াতীয়াকৈ বাস কৰিছিল।

এচিপিয়ে জনোৱা মতে, চিলিণ্ডাৰৰ ৰেগুলেটৰৰ পেনেলৰ পৰা জুই ওলাইছিল, যাৰ বাবে কোঠাটোত জুই বিয়পি পৰিছিল। ৰাজেশে জুইৰ পৰা হাত সাৰিবলৈ কোঠাটোৰ চুকত বহি আছিল যদিও তেওঁৰো মৃত্যু হ’ল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
গোসাইগাঁৱৰ বল্লামগুৰিত মাৰণাস্ত্ৰসহ চাৰিজন ছুপাৰী কিলাৰক আটক
ওজন কমোৱাত সহায় কৰে ব্লেক কফিয়ে; আপুনি খায়নে?
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
ভিয়েটনামত ভয়ংকৰ নাও দুৰ্ঘটনা; ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ সলিল সমাধি
Advertisement