--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ মংগল গ্ৰহৰ পৰা পৃথিৱীলৈ আহিছে এটি শিশু। আচৰিত প্ৰতিভাসম্পন্ন শিশুটিয়ে এটা মহৎ উদ্দেশ্য লৈ পৃথিৱীত জন্ম লৈছে।

ৰাছিয়াৰ ভল্গ’গ্ৰাডত বাস কৰা ব’ৰিছ কিপ্ৰিয়ালভিছ নামৰ এটি শিশুক লৈ এইদৰে চৰ্চা চলিব ধৰা দেখা গৈছে। আচৰিত প্ৰতিভাসম্পন্ন শিশুটিয়ে দাবী কৰিছে যে তেওঁ পৃথিৱীবাসীক আণৱিক ধ্বংসলীলাৰ পৰা ৰক্ষা কৰিবলৈ আহিছে।

শিশুটিয়ে এই দাবী কৰাৰ পাছতে গৱেষকসকল হতভম্ব হৈ পৰিছে। তদুপৰি শিশুটিয়ে কয় যে কেৱল তেওঁৱেই মংগল গ্ৰহৰ পৰা অহা নাই। তেওঁৰ দৰে বহুকেইজন লোক এইদৰে পৃথিৱীত আবিৰ্ভাৱ হৈছে।

শিশুটিয়ে কৈছে যে পৃথিৱীত পুনৰ্জনম লোৱাৰ পূৰ্বে তেওঁ মংগল গ্ৰহত বাস কৰিছিল। অনুৰূপ ভাষ্য আগবঢ়াইছে তেওঁৰ মাতৃয়েও।

ব’ৰিছৰ মাতৃয়ে দাবী কৰিছে যে ১৯৯৬ চনৰ ১১ জানুৱাৰীত শিশুটিক জন্ম দিয়াৰ সময়ত আচৰিতজনক ঘটনা সংঘটিত হৈছিল।

“বৰিছৰ জন্ম ইমান ক্ষীপ্ৰগতিৰে হৈছিল যে মই আনকি কোনো বিষ অনুভৱ কৰা নাছিলো। যেতিয়া শিশুটি মোক দেখুওৱা হৈছিল, শিশুটিয়ে মোক এজন প্ৰাপ্তবয়স্ক মানুহৰ দৰে চাইছিল।”- মাকে কয়।

উল্লেখ্য যে ব’ৰিছৰ মাক এগৰাকী চিকিৎসক। কয় যে নিজে চিকিৎসক হিচাপে তেওঁ জানে যে সদ্যজাত শিশুৱে কোনো বস্তু স্থিৰভাৱে চাই থাকিব নোৱাৰে। কিন্তু তেওঁৰ সন্তান ব’ৰিছে স্থিৰভাৱে তেওঁক চাইছিল।

মাকে দাবী কৰা মতে, ব’ৰিছে চাৰি মাহতে কথা ক’ব পাৰিছিল আৰু আঠ মাহত প্ৰাপ্ত বয়স্ক মানুহৰ দৰে কথা-বতৰা পাতিছিল। জন্মৰ এবছৰৰ ভিতৰতে ব’ৰিছে বাতৰি কাকতৰ শিৰোনামাসমূহ পঢ়িব পাৰিছিল।

তদুপৰি ব’ৰিছে জনা বুজা হোৱাৰে পৰা মহাকাশ সম্বন্ধীয় বিষয়সমূহৰ প্ৰতি তীব্ৰ আকৰ্ষণবোধ কৰিছিল। আনকি মংগল গ্ৰহৰ বিষয়েও শিশুটিয়ে আচৰিতজনক কথা কৈছিল। ব’ৰিছৰ এই আচৰিত ক্ষমতাসমূহে মাক আৰু দেউতাকৰ মনত বিশ্বাস জন্মালে যে তেওঁলোকৰ সন্তান সাধাৰণ মানুহ নহয়!

 

ব’ৰিছৰ মাকে জনোৱামতে, শিশুটিয়ে যেতিয়া দুবছৰত ভৰি থয়, সেইসময়ত তেওঁৰ আচৰিতজনক ভাষাজ্ঞান দেখা পোৱা গৈছিল। তিনি বছৰ বয়সৰ পৰা তেওঁ বিশ্বব্ৰহ্মাণ্ডৰ কথা কোৱা আৰম্ভণি কৰিছিল।

তদুপৰি মংগল গ্ৰহত থকা সভ্যতাৰ বিষয়েও ব’ৰিছে কোৱা আৰম্ভ কৰিছিল। নিজৰ পূৰ্বজন্ম মংগল গ্ৰহত হোৱা বুলি দাবী কৰি ব’ৰিছে কৈছিল যে মংগল গ্ৰহৰ সভ্যতা অতি উন্নত।

ব’ৰিছৰ মতে, মংগল গ্ৰহৰ বাসিন্দাসকলে মাটিৰ তলত বাস কৰে। ইয়াৰ কাৰণ হৈছে গ্ৰহটোৰ জলবায়ু এখন আণৱিক যুদ্ধৰ ফলত ধ্বংস হৈ পৰিছিল। তাৰপাছৰে পৰা গ্ৰহবাসীয়ে মাটিৰ তলত বাস কৰি আহিছে।

আনহাতে, ব’ৰিছে কোৱা মতে, কেৱল তেওঁৱেই মংগল গ্ৰহৰ পৰা অহা নাই। তেওঁৰ দৰে আন তিনিজন লোকে মংগল গ্ৰহৰ পৰা পৃথিৱীত জন্ম হৈছে। তেওঁলোকৰ উদ্দেশ্য হৈছে পৃথিৱীক আণৱিক যুদ্ধৰ পৰা বচোৱা।

তদুপৰি, পৃথিৱীত জন্ম লোৱাৰ পূৰ্বেও ব’ৰিছে মংগল গ্ৰহৰ পৰা পৃথিৱীলৈ আহিছিল বুলি দাবী কৰিছে। প্ৰাগঐতিহাসিক বহুতো ঘটনাৰ ওপৰত ব’ৰিছে আচৰিতজনক তথ্য আগবঢ়াইছে।

ব’ৰিছে কয় যে মংগল গ্ৰহৰ বাসিন্দাসকলে অক্সিজেন সেৱন কৰিব নোৱাৰে। ইয়াৰ কাৰণ হৈছে অক্সিজেনে তেওঁলোকক বৃদ্ধ কৰি পেলায়। সাধাৰণতে মংগল গ্ৰহবাসীয়ে ৩০-৩৫ বছৰ বয়সলৈকে যুৱক হৈ থাকে।

শিশুটিয়ে এই দাবীসমূহ কৰাৰ পাছতে ৰহস্যজনকভাৱে তেওঁক সাংবাদিকসকলে বিচাৰি পোৱা নাই। আনকি শিশুটিৰ মাকো লোকচক্ষুৰ পৰা আঁৰ হৈছে।

ব’ৰিছক বিচাৰি যোৱা এগৰাকী সাংবাদিকে জানিব পৰা মতে, শিশুটিক ৰাছিয়াৰ চৰকাৰে অত্যন্ত সুৰক্ষিতভাৱে দেশখনৰ এটা প্ৰত্যন্ত অঞ্চলত ৰাখিছে আৰু সেয়ে শিশুটিৰ স’তে যোগাযোগৰ চেষ্টা কৰাৰ কোনো অৰ্থ নাই। আনহাতে, আন এটা সূত্ৰই কৈছে যে ব’ৰিছে বৰ্তমান মস্কোত বাস কৰিছে।

ইতিমধ্যে ৰাছিয়ান একাডেমী অব চাইন্সে শিশুটিৰ ওপৰত গৱেষণা চলাইছে। একাডেমীয়ে জনোৱামতে, শিশুটি অত্যন্ত আচৰিতজনক প্ৰতিভাৰ গৰাকী আৰু কোনোধৰণৰ মানসিক সমস্যা নাই।

 

FOLLOW US F
POPULAR
FEATURE
TRENDY
গছপুলি ৰোপণৰ নামত বন বিভাগৰ প্ৰহসন! ২০ লাখটকীয়া CAMPA আঁচনিৰ ৯৫% গছপুলিৰ এতিয়া নাই কোনো অস্তিত্ব
নিম ছালৰ বাবে অতি উপকাৰী! ইয়াৰ নানা উপকাৰিতা জানি লওক
বহিঃৰাজ্যৰ গামোচাৰে ভৰি পৰিছে বজাৰ
বহু প্রতীক্ষিত ট্রাম্প-পুটিনৰ বৈঠক ১৫ আগষ্টত
হ্ৰাস পাব নেকি LPG চিলিণ্ডাৰৰ দাম ? ৩০ হাজাৰ কোটি টকাৰ ৰাজসাহায্য ঘোষণাৰ দিশে কেন্দ্ৰীয় চৰকাৰ
অসমতো বাজিল বিশেষ সংশোধনীৰ ঘণ্টা
এই ৫ টা খাদ্য খালে স্মৃতিশক্তি বৃদ্ধি পাব! মগজু চোকা আৰু সক্ৰিয় হৈ থাকিব
এটা যুগৰ অন্ত: ১ ছেপ্টেম্বৰৰ পৰা পঞ্জীয়নভুক্ত ডাক সেৱা বন্ধ কৰাৰ কথা ঘোষণা ভাৰতীয় ডাক বিভাগৰ
পদপথ কেৱল পদযাত্ৰীৰ বাবেহে: উচ্চতম ন্যায়ালয়
আমেৰিকাৰ পৰা খাৰুৱা তেল ক্রয় দুগুণ বৃদ্ধি ভাৰতৰ
১১৩৭ কোটি টকাৰ অভিযানৰ ব্ৰেণ্ড এম্বেছাদৰ ছাৰা তেণ্ডুলকাৰ ; এই দেশত বৃদ্ধি কৰিব পৰ্যটন
চাইবাৰ চক্ৰৰ পৰা ৯৩ লাখ টকা উদ্ধাৰ মৰিগাঁও আৰক্ষীৰ
বিশিষ্ট শাস্ত্ৰীয় সংগীতজ্ঞ সত্যকৃষ্ণ মিশ্ৰৰ পৰলোকপ্ৰাপ্তি
ৰাষ্ট্ৰপতি মুর্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ