--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ মংগলবাৰে ৮০০ কোটি হ’ল বিশ্বৰ জনসংখ্যা। এই বিৰল কৃতিত্ব অৰ্জনত সৰ্বাধিক অৱদান ভাৰতে আগবঢ়াইছে।

যি হাৰত ভাৰতত জনসংখ্যা বৃদ্ধি হৈছে, তালৈ লক্ষ্য কৰিলে ক’ব পাৰি যে এক বছৰৰ ভিতৰতে ই চীনকো অতিক্ৰম কৰিব। এই মত প্ৰকাশ কৰিছে ৰাষ্ট্ৰসংঘই।

ৰাষ্ট্ৰসংঘৰ জনসংখ্যা বিষয়ক দপ্তৰ ইউএনএফপিএৰ তৰফৰ পৰা জনোৱা হৈছে যে ২০৩৭ চনৰ ভিতৰত বিশ্বৰ জনসংখ্যা আৰু ১০০ কোটি বাঢ়ি যাব। তাত সৰ্বাধিক অৱদান থাকিব এছিয়া আৰু আফ্ৰিকাৰ।

আনহাতে, চীন আৰু ইউৰোপত জনসংখ্যা খুব কম গতিৰে বাঢ়িব বুলি ৰাষ্ট্ৰসংঘই জনাইছে।

ৰাষ্ট্ৰসংঘই জনোৱামতে, বিশ্বৰ জনসংখ্যা ৭০০ কোটিৰ পৰা ৮০০ কোটি হওঁতে ১২ বছৰৰ প্ৰয়োজন হৈছে। কিন্তু ৮০০ৰ পৰা ৯০০ কোটি পাওঁতে সময় লাগিব ১৪ বছৰৰ। ইয়াৰ কাৰণ হৈছে, সমগ্ৰ বিশ্বজুৰি জন্মহাৰ কমিছে।

জুলাই মাহত প্ৰকাশিত ‘দ্যা ৱৰ্লড পপুলেচন প্ৰস্পেক্টছ ২০২২’ অনুযায়ী, ২০২২ চনত ভাৰত জনংখ্যা ১৪১.২ কোটি হোৱাৰ বিপৰীতে চীনৰ জনসংখ্যা ১৪২.৬ কোটি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গছপুলি ৰোপণৰ নামত বন বিভাগৰ প্ৰহসন! ২০ লাখটকীয়া CAMPA আঁচনিৰ ৯৫% গছপুলিৰ এতিয়া নাই কোনো অস্তিত্ব
নিম ছালৰ বাবে অতি উপকাৰী! ইয়াৰ নানা উপকাৰিতা জানি লওক
বহিঃৰাজ্যৰ গামোচাৰে ভৰি পৰিছে বজাৰ
বহু প্রতীক্ষিত ট্রাম্প-পুটিনৰ বৈঠক ১৫ আগষ্টত
হ্ৰাস পাব নেকি LPG চিলিণ্ডাৰৰ দাম ? ৩০ হাজাৰ কোটি টকাৰ ৰাজসাহায্য ঘোষণাৰ দিশে কেন্দ্ৰীয় চৰকাৰ
অসমতো বাজিল বিশেষ সংশোধনীৰ ঘণ্টা
এই ৫ টা খাদ্য খালে স্মৃতিশক্তি বৃদ্ধি পাব! মগজু চোকা আৰু সক্ৰিয় হৈ থাকিব
এটা যুগৰ অন্ত: ১ ছেপ্টেম্বৰৰ পৰা পঞ্জীয়নভুক্ত ডাক সেৱা বন্ধ কৰাৰ কথা ঘোষণা ভাৰতীয় ডাক বিভাগৰ
পদপথ কেৱল পদযাত্ৰীৰ বাবেহে: উচ্চতম ন্যায়ালয়
আমেৰিকাৰ পৰা খাৰুৱা তেল ক্রয় দুগুণ বৃদ্ধি ভাৰতৰ
১১৩৭ কোটি টকাৰ অভিযানৰ ব্ৰেণ্ড এম্বেছাদৰ ছাৰা তেণ্ডুলকাৰ ; এই দেশত বৃদ্ধি কৰিব পৰ্যটন
চাইবাৰ চক্ৰৰ পৰা ৯৩ লাখ টকা উদ্ধাৰ মৰিগাঁও আৰক্ষীৰ
বিশিষ্ট শাস্ত্ৰীয় সংগীতজ্ঞ সত্যকৃষ্ণ মিশ্ৰৰ পৰলোকপ্ৰাপ্তি
ৰাষ্ট্ৰপতি মুর্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ