--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্ৰিকেট কেৰিয়াৰৰ দ্বিতীয়খন টেষ্টত ধ্ৰুৱ জুৰেলে মেচৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰ বঁটা লাভ কৰে। এটা নতুন নজিৰ স্থাপন কৰে। ইমান কম টেষ্টত ভাৰতীয় উইকেটকীপাৰ-বেটছমেন কেতিয়াও মেন অৱ দ্য মেচ হোৱা নাছিল।

যোৱা সোমবাৰে ৰাঁচী টেষ্টত তেওঁ মেন অৱ দ্য মেচ আছিল। চাৰিদিন পিছত শুকুৰবাৰে জুৰেলে পিতৃ-মাতৃক এই বঁটা প্ৰদান কৰে। ভাৰতৰ ভৱিষ্যত ‘ধোনী’ই ছ’চিয়েল মিডিয়াত ক্ৰিকেটপ্ৰেমীৰ সৈতে এই ছবিখন শ্বেয়াৰ কৰে।

উইকেটৰ আঁৰত জুৰেল যিমানেই নিৰ্ভৰযোগ্য, উইকেটৰ সন্মুখত বেটেৰেও সিমানেই নিৰ্ভৰযোগ্য। ঠাণ্ডা মগজুৰে খেলে। ৰাজকোটত অভিষেক ঘটোৱাৰ পাছত ৰাঁচী টেষ্টত ক্ৰিকেট বিশেষজ্ঞৰ দৃষ্টি আকৰ্ষণ কৰিছিল যুৱ ক্ৰিকেটাৰগৰাকীয়ে। সুনীল গাওস্কাৰৰ দৰে প্ৰাক্তন ক্ৰিকেটাৰে তেওঁৰ মাজত দেখিছিল ভৱিষ্যত ধোনী হোৱাৰ গুণ।

ভাৰত-ইংলেণ্ডৰ চতুৰ্থ আৰু পঞ্চম টেষ্টৰ মাজত কিছুদিন থকাৰ সময়তে ভাৰতীয় দলৰ ক্ৰিকেটাৰসকল ঘৰলৈ গৈছে। জুৰেলও ঘৰলৈ উভতি আহিল। ৰাঁচীত মেচৰ মেন অৱ দ্য মেচৰ বঁটা তেওঁ পিতৃ-মাতৃক অৰ্পণ কৰে। লগতে তেওঁৰ পিতৃ আৰু মাতৃৰ মাজত বঁটা লৈ বহি থকা ক্ৰিকেট প্ৰেমীসকলৰ সৈতে এখন ছবিও শ্বেয়াৰ কৰে। যিটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক