--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ '২০০৫ চনত যেতিয়া মই বিশ্বৰ ১ নম্বৰ খেলুৱৈ আছিলোঁ, তেতিয়া বিশ্বই জানিব বিচাৰিছিল যে মই কেতিয়া থিতাপি ল’ম।' এই মন্তব্য বিশ্ব প্ৰসিদ্ধ টেনিছ খেলুৱৈ ছানিয়া মিৰ্জাৰ। দৰাচলতে আৰ্বান কোম্পানীয়ে এক্স একাউণ্টত এটা বিশেষ পোষ্ট কৰিছিল। য’ত তেওঁ নাৰীৰ বিৰুদ্ধে হোৱা লিংগ বৈষম্য সম্পৰ্কীয় এটা বিজ্ঞাপনৰ লিংক সন্নিৱিষ্ট কৰিছিল। এই পোষ্টটোৰ উল্লেখ কৰি ছানিয়া মিৰ্জাই নিজৰ মতামত প্ৰকাশ কৰিছে।উল্লেখ্য যে কিছুদিন পূৰ্বে ছানিয়া মিৰ্জাৰ স্বামী তথা প্ৰাক্তন পাকিস্তানী ক্ৰিকেটাৰ শ্বোৱেইব মালিকে তৃতীয়বাৰৰ বাবে এগৰাকী পাকিস্তানী অভিনেত্ৰীক বিয়া কৰাইছিল। অৱশ্যে ইয়াৰ পূৰ্বে ছানিয়া মিৰ্জাৰ শ্বোয়েইব মালিকৰ সৈতে বিচ্ছেদ হৈছিল।

ছানিয়াই লিখিছে যে,- '২০০৫ চনত মই ডব্লিউ টি এ খিতাপ দখল কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা আছিলোঁ। এয়া এক বৃহৎ নহয়? যেতিয়া মই টেনিছৰ ডাবলছ শাখাত বিশ্বৰ ১ নম্বৰ খেলুৱৈ আছিলোঁ, তেতিয়া মানুহে জানিব বিচাৰিছিল যে মই কেতিয়া থিতাপি ল’ম। ছটা গ্ৰেণ্ড শ্লেম খিতাপ জয় কৰাটো সমাজৰ মতে থিতাপি লোৱাৰ সমতুল্য নাছিল নেকি?এই যাত্ৰাকালত যি সহায় সহযোগিতা পাইছো তাৰ বাবে সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কিন্তু এগৰাকী নাৰীৰ কৃতিত্ব, তেওঁৰ দক্ষতা আৰু কৰ্মৰ পৰিৱৰ্তে লিংগ আৰু চেহেৰাৰ ওপৰত কিয় বেছি আলোচনা হয়?আৰ্বান কোম্পানীৰ এই বিজ্ঞাপনটো দেখাৰ পাছতো একেধৰণৰ চিন্তা মোৰ মনলৈ আহিল। মই জানো সমাজৰ বাস্তৱিকতাৰ কথা কোৱাটো সহজ নহয়। আৰু কেতিয়াবা এইটো বৰ দুৰ্বিসহ হৈ পৰে। নাৰীৰ সফলতাক আমি কেনেদৰে চাওঁ আৰু ইয়াৰ সৈতে আমি কেনেকৈ সম্পৰ্ক স্থাপন কৰোঁ, যিটো বহুদিন ধৰি কৰা হোৱা নাই, সেই বিষয়ে চিন্তা কৰাটো নিত্যান্তই জৰুৰী৷'

আৰ্বান কোম্পানীৰ বিজ্ঞাপনত আছিল এগৰাকী বিউটিচিয়ানৰ কাহিনী। ভিডিঅ’টোৰ শিৰোনাম আছিল ‘Choti Soach’ অৰ্থাৎ নিম্নখাপৰ চিন্তা৷ বিজ্ঞাপনটোত এগৰাকী মহিলাই গাড়ী কিনিছে। যাৰ ওপৰত তেওঁৰ ওচৰ-চুবুৰীয়া আৰু কনিষ্ঠ ভাতৃয়ে বহু প্ৰশ্ন কৰা পৰিলক্ষিত কৰা দেখা গৈছে। ভাতৃয়ে কৈছে যে- মানুহে তাক উপলুঙা যে তোমাৰ বায়েৰাই কেনেকৈ গাড়ী কিনিলে। অৰ্থাৎ মানুহে বিজ্ঞাপনত থকা মহিলাগৰাকীৰ চৰিত্ৰক বদনাম কৰিবলৈ চেষ্টা কৰা দেখা গৈছে।

স্মৰ্তব্য যে, ২০২৪ চনৰ ২০ জানুৱাৰীত পাকিস্তানী ক্ৰিকেটাৰ শ্বোৱেইব মালিকে পাকিস্তানী অভিনেত্ৰী ছানা জাভেদৰ সৈতে বিবাহপাশত আবদ্ধ হয়। ইয়াৰ পাছত ছানিয়াৰ পিতৃ ইমৰাণ মিৰ্জাই নিজৰ ইনষ্টাগ্ৰামত এটা পোষ্ট যোগে ছানিয়া আৰু শ্বোয়েইবৰ বিচ্ছেদৰ বিষয়ে অৱগত কৰিছিল। ইমৰাণ মিৰ্জাই পোষ্টটোত উল্লেখ কৰিছিল যে ছানিয়া আৰু শ্বোৱেইবৰ বিবাহ বিচ্ছেদ শ্বোয়েইবৰ বিয়াৰ কেইমাহমান পূৰ্বে হৈছিল। ইয়াৰ পাছত ছানিয়ায়ো শ্বোয়েইবক ক্ৰিকেটাৰজনৰ ভৱিষ্যতৰ বাবে শুভকামনা জনায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
গোসাইগাঁৱৰ বল্লামগুৰিত মাৰণাস্ত্ৰসহ চাৰিজন ছুপাৰী কিলাৰক আটক
ওজন কমোৱাত সহায় কৰে ব্লেক কফিয়ে; আপুনি খায়নে?
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
Advertisement