--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পৃথিৱী খনত যে কিমান ৰহস্য লুকাই আছে৷ আজিও সাঁথৰ হৈ থকা বাৰ্মুডা ত্ৰিভুজৰ দৰেই  আমেৰিকা যুক্তৰাষ্ট্ৰত সন্ধান পোৱা গৈছে  আলাস্কান ত্ৰিভুজ নামৰ এটা বিশেষ এলেকাৰ৷  এই স্থানত  ৰহস্যজনকভাৱে নাইকিয়া হৈছে ২০ হাজাৰৰো অধিক লোক! ইয়াৰ আঁৰত হয়তো  বহু ৰহস্য লুকাই আছে৷ বাৰ্মুডা ত্ৰিভুজ বহু বছৰ ধৰি বিশ্বৰ বাবে এক ৰহস্য হৈ আহিছে৷ বহুতে দাবী কৰি আহিছে যে বাৰ্মুডা ত্ৰিভুজত এতিয়ালৈকে ৫০ খন জাহাজ আৰু ২০  খন বিমান ৰহস্যজনকভাৱে নাইকিয়া হৈছে।

 অৱশ্যে এতিয়া এই ৰহস্যৰ সমাধান কৰা হৈছে। শেহতীয়াকৈ নিক হাচিংছ নামৰ এজন খনিজ বিশেষজ্ঞই দাবী কৰিছে  যে বাৰ্মুডাত এটা আগ্নেয়শিলা আছে, যিয়ে নেভিগেশ্যনেল সঁজুলিবোৰ অকামিলা কৰি তোলে আৰু জাহাজবোৰ ইয়াৰ ফালে টানি নিয়ে৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ আলাস্কাতো একে ধৰণৰ ত্ৰিভুজ আছে, যাক বাৰ্মুডা ত্ৰিভুজৰ দৰেই ৰহস্যজনক বুলি গণ্য কৰা হয়৷আলাস্কা ত্ৰিভুজৰ বিষয়ে কোৱা হয় যে এতিয়ালৈকে ইয়াত ২০ হাজাৰৰো অধিক লোক ৰহস্যজনকভাৱে নাইকিয়া হৈছে। তেওঁলোক ক'লৈ গ’ল, এতিয়ালৈকে সেয়া  এক ৰহস্যৰ বিষয়  হৈ আছে। 




অৱশ্যে, এই বিষয়ে সমগ্ৰ বিশ্বতে বিভিন্ন ধৰণৰ  দাবী কৰা হয়। কিছুমান লোকে কয় যে তেওঁলোক হয়তো এলিয়েনৰ দ্বাৰা নাইকিয়া হৈছে, কিয়নো চাৰিওফালৰ অঞ্চলবোৰত প্ৰায়ে এলিয়েনৰ বিমান অৰ্থাৎ ইউএফঅ' দেখা যায় বুলি বহুতে দাবী কৰিছে৷ ডেইলী ষ্টাৰৰ প্ৰতিবেদন অনুসৰি ডিছক’ভাৰী চেনেলৰ এখন তথ্যচিত্ৰই কিছুমান আচৰিত কথা উন্মোচন কৰিছে। এই তথ্যচিত্ৰখনে একাংশ  লোকৰ সাক্ষাৎকাৰ দেখুৱাইছে , যিসকল লোকে আলাস্কা ত্ৰিভুজত ইউএফঅ' দেখা বুলি দাবী কৰে।ৱেছ স্মিথো তেওঁলোকৰ মাজৰে এজন। তেওঁ কয়  যে তেওঁ এই ঠাইত কিছুমান বিমান অতি কম উচ্চতাত উৰি থকা দেখিছিল, যিবোৰ সাধাৰণ বিমানৰ দৰে  নাছিল আৰু একে সময়তে সেইবোৰে কোনো শব্দ কৰা নাছিল৷ কিন্তু  সাধাৰণতে বিমানবোৰে উৰাৰ সময়ত ইমান শব্দ কৰে যে ইয়াৰ শব্দ বহু দূৰলৈ শুনা যায়।

মাইকেল ডিলনো সেই সকলৰ ভিতৰত আছে যিয়ে এই ঠাইত ৰহস্যজনক বিমান উৰি থকা দেখিছে। তেওঁ দাবী কৰে যে তেওঁ তেওঁৰ কেমেৰাত এখন ৰহস্যময় বিমানৰ ছবি বন্দী কৰিছিল, যিখন দেখাত  ইউএফঅ'ৰ দৰে লাগিছিল। একে সময়তে, কিছুমান লোক আছে যিয়ে ভাবে যে  ইয়াৰ পৰা মানুহ নিৰুদ্দেশ হোৱাৰ আঁৰত এলিয়েনৰ হাত থাকিব পাৰে৷  কোৱা হয় যে যেতিয়া সন্ধানহীন লোকসকলক বিচাৰি অভিযান চলোৱা হৈছিল, তেতিয়া তাত কেতবোৰ  ভৌতিক শব্দ শুনা গৈছিল বুলি বহুতে দাবী কৰিছিল৷  এই সকলো বোৰ ঘটনাৰ আধাৰত বহুতে  বিশ্বাস কৰে  যে তাত কিবা এটা আছে, যিটো ৰহস্য আজিও উন্মোচন হোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা