--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পৃথিৱী খনত যে কিমান ৰহস্য লুকাই আছে৷ আজিও সাঁথৰ হৈ থকা বাৰ্মুডা ত্ৰিভুজৰ দৰেই  আমেৰিকা যুক্তৰাষ্ট্ৰত সন্ধান পোৱা গৈছে  আলাস্কান ত্ৰিভুজ নামৰ এটা বিশেষ এলেকাৰ৷  এই স্থানত  ৰহস্যজনকভাৱে নাইকিয়া হৈছে ২০ হাজাৰৰো অধিক লোক! ইয়াৰ আঁৰত হয়তো  বহু ৰহস্য লুকাই আছে৷ বাৰ্মুডা ত্ৰিভুজ বহু বছৰ ধৰি বিশ্বৰ বাবে এক ৰহস্য হৈ আহিছে৷ বহুতে দাবী কৰি আহিছে যে বাৰ্মুডা ত্ৰিভুজত এতিয়ালৈকে ৫০ খন জাহাজ আৰু ২০  খন বিমান ৰহস্যজনকভাৱে নাইকিয়া হৈছে।

 অৱশ্যে এতিয়া এই ৰহস্যৰ সমাধান কৰা হৈছে। শেহতীয়াকৈ নিক হাচিংছ নামৰ এজন খনিজ বিশেষজ্ঞই দাবী কৰিছে  যে বাৰ্মুডাত এটা আগ্নেয়শিলা আছে, যিয়ে নেভিগেশ্যনেল সঁজুলিবোৰ অকামিলা কৰি তোলে আৰু জাহাজবোৰ ইয়াৰ ফালে টানি নিয়ে৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ আলাস্কাতো একে ধৰণৰ ত্ৰিভুজ আছে, যাক বাৰ্মুডা ত্ৰিভুজৰ দৰেই ৰহস্যজনক বুলি গণ্য কৰা হয়৷আলাস্কা ত্ৰিভুজৰ বিষয়ে কোৱা হয় যে এতিয়ালৈকে ইয়াত ২০ হাজাৰৰো অধিক লোক ৰহস্যজনকভাৱে নাইকিয়া হৈছে। তেওঁলোক ক'লৈ গ’ল, এতিয়ালৈকে সেয়া  এক ৰহস্যৰ বিষয়  হৈ আছে। 




অৱশ্যে, এই বিষয়ে সমগ্ৰ বিশ্বতে বিভিন্ন ধৰণৰ  দাবী কৰা হয়। কিছুমান লোকে কয় যে তেওঁলোক হয়তো এলিয়েনৰ দ্বাৰা নাইকিয়া হৈছে, কিয়নো চাৰিওফালৰ অঞ্চলবোৰত প্ৰায়ে এলিয়েনৰ বিমান অৰ্থাৎ ইউএফঅ' দেখা যায় বুলি বহুতে দাবী কৰিছে৷ ডেইলী ষ্টাৰৰ প্ৰতিবেদন অনুসৰি ডিছক’ভাৰী চেনেলৰ এখন তথ্যচিত্ৰই কিছুমান আচৰিত কথা উন্মোচন কৰিছে। এই তথ্যচিত্ৰখনে একাংশ  লোকৰ সাক্ষাৎকাৰ দেখুৱাইছে , যিসকল লোকে আলাস্কা ত্ৰিভুজত ইউএফঅ' দেখা বুলি দাবী কৰে।ৱেছ স্মিথো তেওঁলোকৰ মাজৰে এজন। তেওঁ কয়  যে তেওঁ এই ঠাইত কিছুমান বিমান অতি কম উচ্চতাত উৰি থকা দেখিছিল, যিবোৰ সাধাৰণ বিমানৰ দৰে  নাছিল আৰু একে সময়তে সেইবোৰে কোনো শব্দ কৰা নাছিল৷ কিন্তু  সাধাৰণতে বিমানবোৰে উৰাৰ সময়ত ইমান শব্দ কৰে যে ইয়াৰ শব্দ বহু দূৰলৈ শুনা যায়।

মাইকেল ডিলনো সেই সকলৰ ভিতৰত আছে যিয়ে এই ঠাইত ৰহস্যজনক বিমান উৰি থকা দেখিছে। তেওঁ দাবী কৰে যে তেওঁ তেওঁৰ কেমেৰাত এখন ৰহস্যময় বিমানৰ ছবি বন্দী কৰিছিল, যিখন দেখাত  ইউএফঅ'ৰ দৰে লাগিছিল। একে সময়তে, কিছুমান লোক আছে যিয়ে ভাবে যে  ইয়াৰ পৰা মানুহ নিৰুদ্দেশ হোৱাৰ আঁৰত এলিয়েনৰ হাত থাকিব পাৰে৷  কোৱা হয় যে যেতিয়া সন্ধানহীন লোকসকলক বিচাৰি অভিযান চলোৱা হৈছিল, তেতিয়া তাত কেতবোৰ  ভৌতিক শব্দ শুনা গৈছিল বুলি বহুতে দাবী কৰিছিল৷  এই সকলো বোৰ ঘটনাৰ আধাৰত বহুতে  বিশ্বাস কৰে  যে তাত কিবা এটা আছে, যিটো ৰহস্য আজিও উন্মোচন হোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত