--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১৯৪৭ চনত ব্ৰিটিছ চৰকাৰে ভাৰতক বিভাজিত কৰি নতুন দেশ পাকিস্তানৰ জন্ম দিয়ে। এই বিভাজনৰ লগে লগে কেইবাটাও ‘শত্ৰুতা’, তিক্ততা আৰু বহুতো নেতিবাচক দ্বিপাক্ষিক সম্পৰ্কৰ জন্ম হ’ল। চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানৰ সৈতে ভাৰতৰ সম্পৰ্ক সদায় তিক্ত। বিভাজনৰ পিছৰে পৰা সেই তিক্ততাৰ পাৰা ক্ৰমান্বয়ে বাঢ়িছে। বিশ্বৰ দৰবাৰত পাকিস্তানৰ ‘শত্ৰু’ দেশ হিচাপে ভাৰতৰ নাম প্ৰথমে আহে। কিন্তু আন এখন দেশ আছে, যাৰ লগত পাকিস্তানৰ ‘বন্ধুত্ব’ একেবাৰেই নাই। বৰং তেওঁলোকৰ সম্পৰ্ক দিনক দিনে অধিক তিক্ত হৈ পৰিছে।

আমি আফগানিস্তানৰ কথা কৈছো। ভাৰতৰ উত্তৰ-পশ্চিমত এই দেশৰ সৈতে ভাৰতৰ সীমা মাত্ৰ ১০৬ কিলোমিটাৰ। পাকিস্তানৰ বিস্তৃত উত্তৰ আৰু পশ্চিম সীমান্ত আফগানিস্তানে সামৰি লৈছে। আফগানিস্তান আৰু পাকিস্তানৰ সীমান্ত ডুৰাণ্ড লাইন নামেৰে জনাজাত। এই সীমাৰ বিস্তৃতি প্ৰায় ২,৬৭০ কিলোমিটাৰ। পাকিস্তানৰ বেলুচিস্তান আৰু খাইবাৰ পখতুনখোৱা প্ৰদেশ এই সীমান্তৰ সংলগ্ন।

এই ‘ডুৰাণ্ড লাইন’ক কেন্দ্ৰ কৰি হোৱা সকলো বিবাদৰ উৎপত্তি। এই সীমা নিৰ্ধাৰণৰ ৰেখাই পাকিস্তান আৰু আফগানিস্তানৰ দুখন প্ৰধান মুছলমান ৰাষ্ট্ৰৰ মাজত মিত্ৰতাৰ অনুমতি নিদিলে। চাৰিওফালৰ কাঁইটীয়া তাঁৰডাল বাৰে বাৰে ৰক্তাক্ত হৈ পৰিছে।

ভাৰতৰ স্বাধীনতাৰ পিছত পাকিস্তানৰ একমাত্ৰ বিৰোধী ৰাষ্ট্ৰ হিচাপে আফগানিস্তানৰ নাম আহিছিল। কাৰণ, সেই দেশৰ চৰকাৰে পাকিস্তানৰ ৰাষ্ট্ৰসংঘত প্ৰৱেশৰ বিৰোধিতা কৰিছিল। আন কোনো দেশেই পাকিস্তানৰ বিৰোধিতা কৰা নাছিল। ভাৰতেও কৰা নাছিল।





আফগান সীমান্তৰ ওচৰৰ পাকিস্তানৰ বেলুচিস্তান আৰু খাইবাৰ পাখতুনখোৱা প্ৰদেশত মূলতঃ পষ্টুন সম্প্ৰদায়ৰ লোকে বসবাস কৰে। আফগান চৰকাৰে এই ক্ষেত্ৰত পাকিস্তানৰ অধিকাৰ কেতিয়াও স্বীকৃতি দিয়া নাই। এই অঞ্চলটো তেওঁলোকৰ সীমান্তৰ বুলি দাবী কৰে। "ডুৰাণ্ড লাইনে" অন্যায়ভাৱে পাকিস্তানলৈ পঠিয়াই দিলে অঞ্চলটোক।

১৮৯৩ চনত আফগানিস্তান আৰু ব্ৰিটিছ ভাৰতৰ মাজত ডুৰাণ্ড লাইন অংকন কৰা হৈছিল। তেতিয়াৰ ব্ৰিটিছ চৰকাৰ আৰু আফগান চৰকাৰৰ মাজত হোৱা চুক্তিৰ ভিত্তিত এই সীমা নিৰ্ধাৰণ কৰা হৈছিল। ব্ৰিটিছ কূটনীতিবিদ মৰ্টিমাৰ ডুৰাণ্ডৰ নামেৰে এই সীমাৰ নামকৰণ কৰা হৈছিল। ১৮৯৩ চনত তেওঁ আফগান সম্ৰাট আব্দুৰ ৰহমান খানৰ সৈতে এখন চুক্তিত স্বাক্ষৰ কৰে, য’ত ব্ৰিটিছ ভাৰত আৰু আফগানিস্তানৰ সীমা নিৰ্ধাৰণ কৰা হয়।

ব্ৰিটিছৰ সৈতে হোৱা যুদ্ধত আফগানসকল পৰাস্ত হৈছিল। অভিযোগ অনুসৰি সেই হেঁচাত আফগান চৰকাৰে ‘ডুৰাণ্ড লাইন’ত সন্মতি দিবলৈ বাধ্য হৈছিল। কিন্তু তেওঁলোকে এই সীমা কেতিয়াও মানি ল’ব পৰা নাছিল। ফলত ব্ৰিটিছ শাসনৰ অন্ত পৰাৰ পিছত প্ৰায় প্ৰতিদিনে দুয়োখন দেশৰ মাজত সংঘাতৰ ফলত সীমান্ত উত্তপ্ত হৈ পৰিছে।

‘ডুৰাণ্ড লাইন’ক কেন্দ্ৰ কৰি যি বিবাদৰ উৎপত্তি হৈছিল, সেই বিবাদ ক্ৰমান্বয়ে আন বিষয়লৈও সম্প্ৰসাৰিত হৈছে। কেতিয়াবা পাকিস্তানত আফগান শৰণাৰ্থীৰ উপস্থিতি, কেতিয়াবা নদীৰ পানী বিতৰণক কেন্দ্ৰ কৰি দুয়োখন দেশৰ পৰিস্থিতি উত্তপ্ত হৈ পৰিছে।

ক্ৰমান্বয়ে পাকিস্তানৰ সৈতে আফগানিস্তানৰ সম্পৰ্ক অৱনতি ঘটাৰ অন্যতম কাৰণ হৈ পৰিছে ভাৰত। কাৰণ আফগান চৰকাৰে ভাৰতৰ সৈতে সদায় ভাল সম্পৰ্ক বজাই ৰাখিছে। যিটো পাকিস্তানে ভাল নেদেখে।

পাকিস্তানৰ জন্মৰ কিছুদিনৰ ভিতৰতে দেশখনত সশস্ত্ৰ বিচ্ছিন্নতাবাদী আন্দোলন সংঘটিত হয়। ইয়াৰ নেতৃত্ব দিছিল মিৰ্জালি খান। এই আন্দোলনক আফগানিস্তানে সমৰ্থন কৰিছিল। যাৰ ফলত দুয়োখন দেশৰ সম্পৰ্ক অধিক তিক্ত হৈ পৰে।

পাকিস্তান চৰকাৰে আফগানিস্তানে সন্ত্ৰাসবাদক সমৰ্থন কৰা বুলি সদায় অভিযোগ উত্থাপন কৰি আহিছে। অভিযোগ অনুসৰি, তেওঁলোকৰ বাবেই পাকিস্তানৰ ভিতৰত সন্ত্ৰাসবাদৰ প্ৰকোপ। আনহাতে, আফগানিস্তানৰ ভিতৰত অশান্তি জগাই তোলা আৰু ইন্ধন যোগোৱাৰ  অভিযোগ উত্থাপন হৈছে পাকিস্তান চৰকাৰৰ বিৰুদ্ধে।

আফগানিস্তানে অভিযোগ কৰে যে পাকিস্তানে নিজৰ দেশৰ ভিতৰতে উগ্ৰপন্থী সংগঠনক সমৰ্থন অব্যাহত ৰাখিছে। সুপৰিকল্পিতভাৱে চুবুৰীয়া দেশৰ বিৰুদ্ধে থিয় কৰাইছে। আনকি কেইবাবাৰো গোপনে তালিবানক সমৰ্থন কৰাৰ অভিযোগ উত্থাপন হৈছে।

বেলুচিস্তান আৰু খাইবাৰ পখতুনখোৱাৰ অধিকাৰ আৰু ‘ডুৰাণ্ড লাইন’ সম্প্ৰসাৰণৰ ক্ষেত্ৰত পূৰ্বৰ আফগান চৰকাৰৰ যি স্থিতি আছিল, একে স্থিতিয়ে আছে বৰ্তমানৰ তালিবান চৰকাৰৰো। ফলত সীমান্ত প্ৰায় প্ৰতিদিনে ৰক্তাক্ত হৈ আহিছে।

কোনো কোনোৱে দাবী কৰে যে আফগান-পাক সীমান্ত কেতিয়াবা ভাৰতৰ সীমাতকৈও অধিক অশান্ত আৰু মাৰাত্মক।  অৱশ্যে সকলো বাতৰি তেনেকৈয়ে প্ৰচাৰ নহয়। আফগানিস্তানৰ সাধাৰণ জনতাৰ মাজতো পাকিস্তানৰ প্ৰতি শত্ৰুতাপূৰ্ণ মনোভাৱ আছে। একেদৰে পাকিস্তানৰ বাসিন্দাসকলেও আফগান শৰণাৰ্থীৰ প্ৰতি অনুকূল দৃষ্টি নিক্ষেপ নকৰে। আনকি পাকিস্তানৰ পাষ্টুন প্ৰধান অঞ্চলসমূহো আফগান শৰণাৰ্থীৰ প্ৰতি শত্ৰুতাপূৰ্ণ।

শেহতীয়াকৈ দুয়োখন দেশৰ সম্পৰ্ক উন্নত কৰাৰ চেষ্টা চলাই থকা হৈথে। ২০২১ চনত পাকিস্তানে যুদ্ধবিধ্বস্ত আফগানিস্তানত চিকিৎসালয়, বিদ্যালয়, মহাবিদ্যালয়, পথ নিৰ্মাণৰ বাবে ৮ হাজাৰ কোটি টকাৰ অনুদান আগবঢ়াইছে। কিন্তু ইয়াৰ দ্বাৰা দুয়োখন দেশৰ মাজৰ সম্পৰ্ক কিমান উন্নত হ’ব তাক লৈ সন্দেহ প্ৰকাশ কৰিছে বিশেষজ্ঞসকলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা