--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গৰ্ভধাৰণৰ সময়ত মহিলাৰ  ওজন বৃদ্ধি হোৱাটো  স্বাভাৱিক কথা৷  এই ওজন কেৱল মাতৃৰে নহয়, লগতে শৰীৰৰ ভিতৰত অলপ বাঢ়ি অহা ভ্ৰূণৰ ওজনো ইয়াত যোগ হৈ থাকে। অৱশ্যে একেই নিয়ম সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য নহয়। বহুক্ষেত্ৰত, সন্তান জন্মৰ ছয় মাহ পিছতো ওজনৰ কোনো গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হোৱা দেখা নাযায়। আকৌ, এনে  সময়ত পুষ্টিকৰ খাদ্য বেছিকৈ  খোৱাৰ বাবে বহুতৰে  ওজন নিয়ন্ত্ৰণৰ বাহিৰলৈ যাব পাৰে৷  ফলত  সমস্যাৰো সৃষ্টি হ’ব পাৰে৷ 

চিকিৎসকৰ পৰা পুষ্টিবিদলৈকে সকলোৰ মতে মূলতঃ গৰ্ভৱতী মহিলাৰ শৰীৰৰ ভৰ সূচকৰ কথাটো অতি গুৰুত্বপূৰ্ণ। গৰ্ভধাৰণৰ সময়ত মহিলাসকলৰ   গড়ে ১০ ৰ পৰা ১২ কিলোগ্ৰাম ওজন বৃদ্ধি হোৱাটো  স্বাভাৱিক।  সন্তান জন্মৰ প্ৰথম পৰ্যায়ত, মহিলাসকল  বহুতো শাৰীৰিক পৰিৱৰ্তনৰসন্মুখীন হ’বলগীয়া হয়৷  যদি বমি, মূৰ ঘূৰোৱা, দুৰ্বল অনুভৱ কৰাৰ দৰে লক্ষণ থাকে, তেনেহ'লে আহাৰৰ পৰিৱৰ্তন কৰাৰ পৰামৰ্শ দিয়া হয়। গতিকে সেই সময়ত বহু মহিলাৰ  ওজন বৃদ্ধি নহ'বও পাৰে। পিছত, ভ্ৰূণটো ডাঙৰ হোৱাৰ লগে লগে মহিলাৰ  ওজনো বৃদ্ধি হয়।

স্বাস্থ্য বিজ্ঞানীসকলৰ মতে  গৰ্ভৱতী মহিলাৰ বাবে একক ভ্ৰূণৰ ক্ষেত্ৰত ১৮.৫ ৰ পৰা ২৪.৯ ৰ ভিতৰত বিএমআই(বডি মাছ ইনডেক্স) থকাটো ভাল। মহিলা এগৰাকীৰ ক্ষেত্ৰত, যদি হাৰ  ১৮-ৰ তলত হয় তেন্তে সাৱধান হোৱাটো প্ৰয়োজনীয় কথা৷ যদি এই হাৰ  ৩০-ৰ ওপৰত হয়, তেন্তে সাৱধান হোৱাটো গুৰুত্বপূৰ্ণ। অৱশ্যে, যমজ সন্তানৰ ক্ষেত্ৰত, গোটেই সংখ্যাটো বেলেগ হ’ব পাৰে।

মাতৃসকলৰ ওজন নিয়ন্ত্ৰণত ৰাখিবলৈ স্বাস্থ্যকৰ খাদ্য খোৱাৰ উপৰি চিকিৎসকে নিয়মীয়া ব্যায়াম, পৰ্যাপ্ত পানী খোৱা, টোপনি যোৱাৰ পৰামৰ্শ দিয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চৰাইদেউ নামচাইত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ বৰটোকোলা
আজি বিশ্ব হস্তী দিৱস, আপুনি জানেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান হাতীৰ সংখ্যা কিমান?
সাৱধান! ফুটপাথৰ হোটেল নহয় এইবাৰ বিলাসী ৰেষ্টুৰেণ্টত অস্বাস্থ্যকৰ খাদ্য
ইতিহাসৰ পৃষ্ঠাত ৫০ বছৰ পূৰ্বে মুক্তি পোৱা এই ছবিখন , বক্স অফিচত '৩০০০ কোটি' উপাৰ্জন
টীয়ক চাহ বাগিচাত যুৱতী নিৰুদ্দেশৰ ঘটনাক লাভ জেহাদ আখ্যা ৰাইজৰ!
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে