--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গৰ্ভধাৰণৰ সময়ত মহিলাৰ  ওজন বৃদ্ধি হোৱাটো  স্বাভাৱিক কথা৷  এই ওজন কেৱল মাতৃৰে নহয়, লগতে শৰীৰৰ ভিতৰত অলপ বাঢ়ি অহা ভ্ৰূণৰ ওজনো ইয়াত যোগ হৈ থাকে। অৱশ্যে একেই নিয়ম সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য নহয়। বহুক্ষেত্ৰত, সন্তান জন্মৰ ছয় মাহ পিছতো ওজনৰ কোনো গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হোৱা দেখা নাযায়। আকৌ, এনে  সময়ত পুষ্টিকৰ খাদ্য বেছিকৈ  খোৱাৰ বাবে বহুতৰে  ওজন নিয়ন্ত্ৰণৰ বাহিৰলৈ যাব পাৰে৷  ফলত  সমস্যাৰো সৃষ্টি হ’ব পাৰে৷ 

চিকিৎসকৰ পৰা পুষ্টিবিদলৈকে সকলোৰ মতে মূলতঃ গৰ্ভৱতী মহিলাৰ শৰীৰৰ ভৰ সূচকৰ কথাটো অতি গুৰুত্বপূৰ্ণ। গৰ্ভধাৰণৰ সময়ত মহিলাসকলৰ   গড়ে ১০ ৰ পৰা ১২ কিলোগ্ৰাম ওজন বৃদ্ধি হোৱাটো  স্বাভাৱিক।  সন্তান জন্মৰ প্ৰথম পৰ্যায়ত, মহিলাসকল  বহুতো শাৰীৰিক পৰিৱৰ্তনৰসন্মুখীন হ’বলগীয়া হয়৷  যদি বমি, মূৰ ঘূৰোৱা, দুৰ্বল অনুভৱ কৰাৰ দৰে লক্ষণ থাকে, তেনেহ'লে আহাৰৰ পৰিৱৰ্তন কৰাৰ পৰামৰ্শ দিয়া হয়। গতিকে সেই সময়ত বহু মহিলাৰ  ওজন বৃদ্ধি নহ'বও পাৰে। পিছত, ভ্ৰূণটো ডাঙৰ হোৱাৰ লগে লগে মহিলাৰ  ওজনো বৃদ্ধি হয়।

স্বাস্থ্য বিজ্ঞানীসকলৰ মতে  গৰ্ভৱতী মহিলাৰ বাবে একক ভ্ৰূণৰ ক্ষেত্ৰত ১৮.৫ ৰ পৰা ২৪.৯ ৰ ভিতৰত বিএমআই(বডি মাছ ইনডেক্স) থকাটো ভাল। মহিলা এগৰাকীৰ ক্ষেত্ৰত, যদি হাৰ  ১৮-ৰ তলত হয় তেন্তে সাৱধান হোৱাটো প্ৰয়োজনীয় কথা৷ যদি এই হাৰ  ৩০-ৰ ওপৰত হয়, তেন্তে সাৱধান হোৱাটো গুৰুত্বপূৰ্ণ। অৱশ্যে, যমজ সন্তানৰ ক্ষেত্ৰত, গোটেই সংখ্যাটো বেলেগ হ’ব পাৰে।

মাতৃসকলৰ ওজন নিয়ন্ত্ৰণত ৰাখিবলৈ স্বাস্থ্যকৰ খাদ্য খোৱাৰ উপৰি চিকিৎসকে নিয়মীয়া ব্যায়াম, পৰ্যাপ্ত পানী খোৱা, টোপনি যোৱাৰ পৰামৰ্শ দিয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement