--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ‘আনোতাই আনে..ৰান্ধোতাই ৰান্ধে..খাওঁতাই পেলাই দিয়ে।’ এই সাঁথৰটো নিশ্চয় আপুনি শুনিছে। ইয়াৰ উত্তৰটো হ’ল তেজপাত। খাদ্যৰ সোৱাদ বৃদ্ধি কৰিবলৈ আৰু সুগন্ধি আনিবৰ বাবে ৰান্ধনীয়ে তেজপাত ব্যৱহাৰ কৰে। তেজপাত যদিও ব্যঞ্জনত দিয়া হয়, এয়া কিন্তু কোনেও নাখায়। বহু মানুহে চাহতো তেজপাত ব্যৱহাৰ কৰে। তেজপাত গছৰ বৈজ্ঞানিক নাম হ’ল Cinnamomum tamala। এই গছৰ সুগন্ধিযুক্ত পাতকে তেজপাত বোলা হয়। ইংৰাজীত ইয়াক Bay Leaf বুলি কোৱা হয়। ইয়াক কেঁচা, শুকান আৰু পাউদাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি। 

তেজপাতত বহু উদ্ভিদ উৎসৰ ৰাসায়নিক দ্রব্য, ভিটামিন আৰু খনিজ দ্রব্য আছে আৰু সেই কাৰণে ই এটা বহু উপকাৰী গুণসম্পন্ন উদ্ভিদ দ্রব্য। গ্রীক আৰু ৰোমানসকলে বিভিন্ন ধৰণে তেজপাত ব্যৱহাৰ কৰে আৰু তেওঁলোকে এই উদ্ভিদজোপাক ‘প্রজ্ঞা, শান্তি আৰু নিৰাপত্তাৰ প্ৰতীক’ হিচাপে বিশ্বাস কৰে।

তেজপাত ভিটামিনৰ লগতে কপাৰ, পটাচিয়াম, কেলচিয়াম, জিংক, আইৰণ, ছেলেনিয়াম আৰু মেগনেচিয়ামৰ এটা চহকী উৎস। ইয়াৰ উপৰি তেজপাতত সুগদ্ধি তেল আৰু দৰকাৰী উদ্ভিদ উৎসৰ ৰাসায়নিক দ্রব্যবিলাক থাকে। তেজপাতৰ বিভিন্ন উপকাৰিতাৰ বিষয়ে জানো আহক।


তেজপাতৰ নানা উপকাৰিতা

১) তেজপাতে পাচন তন্ত্ৰ সৱল কৰে। বদহজম, বেয়া উগাৰ অহা ,অৰুচী, আভোক, শৌচ কচা আদি দূৰ কৰে। 

২) পেটৰ মন্দাগ্নি, গেচ (বায়ু) পিত্ত , দুৰ কৰাৰ লগতে অখাদ্য গ্ৰহণৰ পৰা হ’বলগা ৰোগ প্ৰতিৰোধ কৰে।

৩) কাহ-চৰ্দি, হাপানি, মাতভঙা আদি এলাৰ্জী ৰোগত তেজপাত, তুলসী, আদাসহ বেচিকৈ উতলাই চাহ খালে ভাল হয়।

৪) মুৰৰ বিষ, গাথি বিষ বা অন্যান্য বিষত তেজপাতৰ চাহ খোৱাৰ লগতে তেজপাত আৰু এৰাপাত বতি লেপ লগালে উপসম হয়।

৫) প্ৰস্ৰাৱৰ যাৱতীয় ৰোগ তথা কিডনীৰ ৰোগ বা পাথৰী ৰোগত তেজপাতৰ চাহ বা উতলোৱা পানী খোৱাতো উপকাৰী।

৬) বহুমুত্ৰ ৰোগীৰ বাবে উপকাৰী।

৭) হৃদয় ৰোগ বা হৃদযন্ত্ৰ দুৰ্বল বা বুকুৰ ধপধপনি, সোনকালে ভাগৰি যোৱা ব্যক্তিৰ বাবে যথেষ্ঠ উপকাৰী।
অনিদ্ৰা ৰোগত তেজপাত উপকাৰী

৮। তেজপাত ভিজোৱা পানীৰে চকু ধুলে জ্বলা-পোৰা ভাল হয়। 

৯) দাঁতৰ ৰোগত তেজপাত সিজোৱা পানীৰে কুলু কুলু কৰিব লাগে।

১০) মহিলাৰ অধিক ৰক্তস্ৰাৱ, পেটৰ বিষ বা প্ৰসৱৰ পাছত গৰ্ভাশয়ৰ সমস্যাৰ বাবে তেজপাত উতলোৱা পানী উপকাৰী।

১১) নাক বা দাঁতেৰে তেজযোৱা ৰোগতো তেজপাত উতলোৱা পানী খাব পাৰে।

১২) চুলিৰ নানা সমস্যা, ওকণী আদিতো তেজপাতৰ ৰস বা উতলোৱা পানী সানি কিছুসময় বান্ধি ৰাখিলে সমস্যা দূৰ হয়।

১৩) তেজপাত উতলোৱা পানী চতিয়ালে কীটপতঙ্গ কমে, বায়ু বিশুদ্ধ কৰে।

১৪) দাঁত বগা, উজ্জ্বল কৰি ৰাখিবলৈ তেজপাতৰ পৰা বনোৱা পাউদাৰ লৈ ৩ দিনৰ মূৰে মূৰে দাঁত ব্ৰাছ কৰিব লাগে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক