--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ‘আনোতাই আনে..ৰান্ধোতাই ৰান্ধে..খাওঁতাই পেলাই দিয়ে।’ এই সাঁথৰটো নিশ্চয় আপুনি শুনিছে। ইয়াৰ উত্তৰটো হ’ল তেজপাত। খাদ্যৰ সোৱাদ বৃদ্ধি কৰিবলৈ আৰু সুগন্ধি আনিবৰ বাবে ৰান্ধনীয়ে তেজপাত ব্যৱহাৰ কৰে। তেজপাত যদিও ব্যঞ্জনত দিয়া হয়, এয়া কিন্তু কোনেও নাখায়। বহু মানুহে চাহতো তেজপাত ব্যৱহাৰ কৰে। তেজপাত গছৰ বৈজ্ঞানিক নাম হ’ল Cinnamomum tamala। এই গছৰ সুগন্ধিযুক্ত পাতকে তেজপাত বোলা হয়। ইংৰাজীত ইয়াক Bay Leaf বুলি কোৱা হয়। ইয়াক কেঁচা, শুকান আৰু পাউদাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি। 

তেজপাতত বহু উদ্ভিদ উৎসৰ ৰাসায়নিক দ্রব্য, ভিটামিন আৰু খনিজ দ্রব্য আছে আৰু সেই কাৰণে ই এটা বহু উপকাৰী গুণসম্পন্ন উদ্ভিদ দ্রব্য। গ্রীক আৰু ৰোমানসকলে বিভিন্ন ধৰণে তেজপাত ব্যৱহাৰ কৰে আৰু তেওঁলোকে এই উদ্ভিদজোপাক ‘প্রজ্ঞা, শান্তি আৰু নিৰাপত্তাৰ প্ৰতীক’ হিচাপে বিশ্বাস কৰে।

তেজপাত ভিটামিনৰ লগতে কপাৰ, পটাচিয়াম, কেলচিয়াম, জিংক, আইৰণ, ছেলেনিয়াম আৰু মেগনেচিয়ামৰ এটা চহকী উৎস। ইয়াৰ উপৰি তেজপাতত সুগদ্ধি তেল আৰু দৰকাৰী উদ্ভিদ উৎসৰ ৰাসায়নিক দ্রব্যবিলাক থাকে। তেজপাতৰ বিভিন্ন উপকাৰিতাৰ বিষয়ে জানো আহক।


তেজপাতৰ নানা উপকাৰিতা

১) তেজপাতে পাচন তন্ত্ৰ সৱল কৰে। বদহজম, বেয়া উগাৰ অহা ,অৰুচী, আভোক, শৌচ কচা আদি দূৰ কৰে। 

২) পেটৰ মন্দাগ্নি, গেচ (বায়ু) পিত্ত , দুৰ কৰাৰ লগতে অখাদ্য গ্ৰহণৰ পৰা হ’বলগা ৰোগ প্ৰতিৰোধ কৰে।

৩) কাহ-চৰ্দি, হাপানি, মাতভঙা আদি এলাৰ্জী ৰোগত তেজপাত, তুলসী, আদাসহ বেচিকৈ উতলাই চাহ খালে ভাল হয়।

৪) মুৰৰ বিষ, গাথি বিষ বা অন্যান্য বিষত তেজপাতৰ চাহ খোৱাৰ লগতে তেজপাত আৰু এৰাপাত বতি লেপ লগালে উপসম হয়।

৫) প্ৰস্ৰাৱৰ যাৱতীয় ৰোগ তথা কিডনীৰ ৰোগ বা পাথৰী ৰোগত তেজপাতৰ চাহ বা উতলোৱা পানী খোৱাতো উপকাৰী।

৬) বহুমুত্ৰ ৰোগীৰ বাবে উপকাৰী।

৭) হৃদয় ৰোগ বা হৃদযন্ত্ৰ দুৰ্বল বা বুকুৰ ধপধপনি, সোনকালে ভাগৰি যোৱা ব্যক্তিৰ বাবে যথেষ্ঠ উপকাৰী।
অনিদ্ৰা ৰোগত তেজপাত উপকাৰী

৮। তেজপাত ভিজোৱা পানীৰে চকু ধুলে জ্বলা-পোৰা ভাল হয়। 

৯) দাঁতৰ ৰোগত তেজপাত সিজোৱা পানীৰে কুলু কুলু কৰিব লাগে।

১০) মহিলাৰ অধিক ৰক্তস্ৰাৱ, পেটৰ বিষ বা প্ৰসৱৰ পাছত গৰ্ভাশয়ৰ সমস্যাৰ বাবে তেজপাত উতলোৱা পানী উপকাৰী।

১১) নাক বা দাঁতেৰে তেজযোৱা ৰোগতো তেজপাত উতলোৱা পানী খাব পাৰে।

১২) চুলিৰ নানা সমস্যা, ওকণী আদিতো তেজপাতৰ ৰস বা উতলোৱা পানী সানি কিছুসময় বান্ধি ৰাখিলে সমস্যা দূৰ হয়।

১৩) তেজপাত উতলোৱা পানী চতিয়ালে কীটপতঙ্গ কমে, বায়ু বিশুদ্ধ কৰে।

১৪) দাঁত বগা, উজ্জ্বল কৰি ৰাখিবলৈ তেজপাতৰ পৰা বনোৱা পাউদাৰ লৈ ৩ দিনৰ মূৰে মূৰে দাঁত ব্ৰাছ কৰিব লাগে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু