--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এছিয়াৰ ৰাজনীতিত দেখা গৈছে কূটনৈতিক পৰিৱৰ্তন৷একনায়কত্ববাদী শাসক কিম জং উনৰ সৈতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সাক্ষাতৰ গুজৱে সকলোকে আচৰিত কৰি তুলিছে৷উত্তৰ কোৰিয়াৰ চৰকাৰী সংবাদ মাধ্যম কেচিএনএই দেওবাৰে প্ৰকাশ কৰা অনুসৰি ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে শীঘ্ৰে পিয়ংইয়াং ভ্ৰমণ কৰাৰ পৰিকল্পনা কৰিছে।


বিদেশ মন্ত্ৰালয়ৰ এজন বিষয়াৰ উদ্ধৃতি দি কেচিএনএই জনোৱা মতে, যোৱা সপ্তাহত ৰাছিয়া ভ্ৰমণ কৰা উত্তৰ কোৰিয়াৰ বৈদেশিক মন্ত্ৰী চ’ ছন হুইক সাক্ষাৎ কৰাৰ সময়ত পুটিনে উত্তৰ কোৰিয়াৰ নেতা কিম জং উনক ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনোৱাৰ বাবেও ধন্যবাদ জনায়।


ইউক্ৰেইন যুদ্ধত উত্তৰ কোৰিয়াই আগবঢ়োৱা সমৰ্থন আৰু সংহতিৰ বাবে ৰাছিয়াই ধন্যবাদ জনাইছে আৰু আঞ্চলিক বিষয়ত সহযোগিতা আগবঢ়াবলৈ সন্মত হোৱাৰ লগতে পিয়ংইয়াঙৰ সাৰ্বভৌম অধিকাৰৰ বিৰুদ্ধে আমেৰিকা আৰু মিত্ৰশক্তিৰ উচটনিমূলক কাৰ্যক লৈয়ো দুয়োজনে গুৰুতৰ উদ্বেগ প্ৰকাশ কৰিছে বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে।


উল্লেখ্য যে পিয়ংইয়াং আৰু মস্কোৰ মাজত সহযোগিতা ৰাষ্ট্ৰসংঘৰ চনদ আৰু অন্যান্য আন্তঃৰাষ্ট্ৰীয় আইন অনুসৰি হ’ব বুলিও প্ৰতিবেদনত কোৱা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ