--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এছিয়াৰ ৰাজনীতিত দেখা গৈছে কূটনৈতিক পৰিৱৰ্তন৷একনায়কত্ববাদী শাসক কিম জং উনৰ সৈতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সাক্ষাতৰ গুজৱে সকলোকে আচৰিত কৰি তুলিছে৷উত্তৰ কোৰিয়াৰ চৰকাৰী সংবাদ মাধ্যম কেচিএনএই দেওবাৰে প্ৰকাশ কৰা অনুসৰি ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে শীঘ্ৰে পিয়ংইয়াং ভ্ৰমণ কৰাৰ পৰিকল্পনা কৰিছে।


বিদেশ মন্ত্ৰালয়ৰ এজন বিষয়াৰ উদ্ধৃতি দি কেচিএনএই জনোৱা মতে, যোৱা সপ্তাহত ৰাছিয়া ভ্ৰমণ কৰা উত্তৰ কোৰিয়াৰ বৈদেশিক মন্ত্ৰী চ’ ছন হুইক সাক্ষাৎ কৰাৰ সময়ত পুটিনে উত্তৰ কোৰিয়াৰ নেতা কিম জং উনক ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনোৱাৰ বাবেও ধন্যবাদ জনায়।


ইউক্ৰেইন যুদ্ধত উত্তৰ কোৰিয়াই আগবঢ়োৱা সমৰ্থন আৰু সংহতিৰ বাবে ৰাছিয়াই ধন্যবাদ জনাইছে আৰু আঞ্চলিক বিষয়ত সহযোগিতা আগবঢ়াবলৈ সন্মত হোৱাৰ লগতে পিয়ংইয়াঙৰ সাৰ্বভৌম অধিকাৰৰ বিৰুদ্ধে আমেৰিকা আৰু মিত্ৰশক্তিৰ উচটনিমূলক কাৰ্যক লৈয়ো দুয়োজনে গুৰুতৰ উদ্বেগ প্ৰকাশ কৰিছে বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে।


উল্লেখ্য যে পিয়ংইয়াং আৰু মস্কোৰ মাজত সহযোগিতা ৰাষ্ট্ৰসংঘৰ চনদ আৰু অন্যান্য আন্তঃৰাষ্ট্ৰীয় আইন অনুসৰি হ’ব বুলিও প্ৰতিবেদনত কোৱা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন