--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এদিনীয়া ক্ৰিকেট মেচত ভংগ কৰা হ’ল নিয়ম। আম্পায়াৰৰ অলক্ষিতে ভংগ হয় এটা কঠোৰ নিয়ম।  নিউজিলেণ্ড আকু শ্ৰীলংকাৰ মহিলা দলৰ মাজত হোৱা এখন মেচত সংঘটিত হয় এই ঘটনা। নিউজিলেণ্ডৰ বলাৰ ইডেন কাৰ্ছনে এদিনীয়া মেচখনত ১১ অভাৰত বলিং কৰে। শুকুৰবাৰে শ্ৰীলংকাৰ মহিলা দলৰ বিৰুদ্ধে নিৰ্ধাৰিত ১০ অভাৰতকৈ এটা অভাৰ বেছিকৈ বলিং কৰে কিউই অফ স্পিনাৰগৰাকীয়ে। আইচিচিৰ নিয়ম ভংগ কৰাৰ বাবে শাস্তি পাব পাৰে তেওঁ।

নিয়ম অনুসৰি এদিনীয়া খেলত বলাৰ এজনে সৰ্বাধিক ১০ অভাৰত বলিং কৰিব পাৰে। নিউজিলেণ্ডে সেই নিয়ম ভংগ কৰিলে। শ্ৰীলংকাৰ ইনিংছৰ ৪৫ অভাৰত কাৰ্ছনে নিজৰ বলিং স্পেলৰ অন্ত পেলায়। ১০ অভাৰত ৪০ ৰানেৰে ২ উইকেট দখল কৰে। অধিনায়ক ছফী ডেভিনে অফ স্পিনাৰগৰাকীক ৪৭ নং অভাৰত পুনৰ বলিং কৰিবলৈ মাতিছিল। ১১ নং অভাৰত বলিং কৰিবলৈ মাতি অনা কাৰ্ছনে একো কোৱা নাছিল।

বলাৰ এজনে কিমান অভাৰ বল কৰিলে, খেলপথাৰত থকা আম্পায়াৰ দুজনে চাগে তেওঁৰ গণনা শুদ্ধকৈ ৰাখিব পৰা নাছিল। আনকি শ্ৰীলংকাৰ মহিলা দলটোৱেও আপত্তি কৰা নাছিল। ফলত কাৰ্ছনে ১১ নং অভাৰটো মসৃণভাৱে বল কৰে। সেই অভাৰত তেওঁ ১ ৰান দিছিল। খেল শেষ হোৱাৰ পিছত সকলোৰে দৃষ্টিগোচৰ হৈছিল বিষয়টো। বিতৰ্কৰ সৃষ্টি হয়।

আইচিচিৰ নিয়মৰ ১৩.৯.১ দফা অনুসৰি এদিনীয়া খেলত ১০ অভাৰতকৈ অধিক ক্ৰিকেটাৰে বলিং কৰিব নোৱাৰে। নিয়ম ভংগ কৰি ১১ অভাৰত বলিং কৰাৰ বাবে কাৰ্চেনে শাস্তি পাব পাৰে। নিউজিলেণ্ডৰ মহিলা ক্ৰিকেট দলকো শাস্তি পাব পাৰে। সেই সিদ্ধান্ত মেচ ৰেফাৰীয়ে ল’ব।

শুকুৰবাৰৰ খেলখনত আন এক বিতৰ্কিত ঘটনা সংঘটিত হয়। শ্ৰীলংকাই খেলপথাৰৰ মাজৰ পৰা দৌৰি যোৱাৰ বাবে ৫ ৰানৰ পেনাল্টি দিয়াৰ বিপৰীতে নিউজিলেণ্ডৰ দুজন বেটছমেনে শ্বৰ্ট ৰান সংগ্ৰহ কৰে। এই ঘটনাৰ সময়ত ফিল্ড আম্পায়াৰসকলে নিউজিলেণ্ডৰ বেটছমেনক সকীয়াই দিবলৈ পাহৰা নাছিল। প্ৰথমে ব্ৰুক হেলিডেক খেলপথাৰৰ মাজৰ পৰা দৌৰি যোৱাৰ বাবে আম্পায়াৰসকলে সকীয়াই দিছিল। পিছত লিয়া টাহুহুৱেও একে কাম কৰি শ্ৰীলংকাক ৫ ৰান দিয়ে।

অৱশ্যে তাৰ পৰা শ্ৰীলংকাই লাভৱান নহ’ল। শুকুৰবাৰৰ খেলখনত ১১৬ ৰানত পৰাস্ত হয়। প্ৰথমে বেটিং কৰি নিউজিলেণ্ডে ৭ উইকেটত ৩২৯ ৰান সংগ্ৰহ কৰে। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ৪৮.৪ অভাৰত ২১৩ ৰানত শ্ৰীলংকাৰ ইনিংছ সমাপ্ত হয়। তিনিখন খেলৰ শৃংখলাৰ প্ৰথমখন খেলত জয়লাভ কৰে শ্ৰীলংকাই। শুকুৰবাৰে নিউজিলেণ্ডে সমতা স্থাপন কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব