--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এদিনীয়া ক্ৰিকেট মেচত ভংগ কৰা হ’ল নিয়ম। আম্পায়াৰৰ অলক্ষিতে ভংগ হয় এটা কঠোৰ নিয়ম।  নিউজিলেণ্ড আকু শ্ৰীলংকাৰ মহিলা দলৰ মাজত হোৱা এখন মেচত সংঘটিত হয় এই ঘটনা। নিউজিলেণ্ডৰ বলাৰ ইডেন কাৰ্ছনে এদিনীয়া মেচখনত ১১ অভাৰত বলিং কৰে। শুকুৰবাৰে শ্ৰীলংকাৰ মহিলা দলৰ বিৰুদ্ধে নিৰ্ধাৰিত ১০ অভাৰতকৈ এটা অভাৰ বেছিকৈ বলিং কৰে কিউই অফ স্পিনাৰগৰাকীয়ে। আইচিচিৰ নিয়ম ভংগ কৰাৰ বাবে শাস্তি পাব পাৰে তেওঁ।

নিয়ম অনুসৰি এদিনীয়া খেলত বলাৰ এজনে সৰ্বাধিক ১০ অভাৰত বলিং কৰিব পাৰে। নিউজিলেণ্ডে সেই নিয়ম ভংগ কৰিলে। শ্ৰীলংকাৰ ইনিংছৰ ৪৫ অভাৰত কাৰ্ছনে নিজৰ বলিং স্পেলৰ অন্ত পেলায়। ১০ অভাৰত ৪০ ৰানেৰে ২ উইকেট দখল কৰে। অধিনায়ক ছফী ডেভিনে অফ স্পিনাৰগৰাকীক ৪৭ নং অভাৰত পুনৰ বলিং কৰিবলৈ মাতিছিল। ১১ নং অভাৰত বলিং কৰিবলৈ মাতি অনা কাৰ্ছনে একো কোৱা নাছিল।

বলাৰ এজনে কিমান অভাৰ বল কৰিলে, খেলপথাৰত থকা আম্পায়াৰ দুজনে চাগে তেওঁৰ গণনা শুদ্ধকৈ ৰাখিব পৰা নাছিল। আনকি শ্ৰীলংকাৰ মহিলা দলটোৱেও আপত্তি কৰা নাছিল। ফলত কাৰ্ছনে ১১ নং অভাৰটো মসৃণভাৱে বল কৰে। সেই অভাৰত তেওঁ ১ ৰান দিছিল। খেল শেষ হোৱাৰ পিছত সকলোৰে দৃষ্টিগোচৰ হৈছিল বিষয়টো। বিতৰ্কৰ সৃষ্টি হয়।

আইচিচিৰ নিয়মৰ ১৩.৯.১ দফা অনুসৰি এদিনীয়া খেলত ১০ অভাৰতকৈ অধিক ক্ৰিকেটাৰে বলিং কৰিব নোৱাৰে। নিয়ম ভংগ কৰি ১১ অভাৰত বলিং কৰাৰ বাবে কাৰ্চেনে শাস্তি পাব পাৰে। নিউজিলেণ্ডৰ মহিলা ক্ৰিকেট দলকো শাস্তি পাব পাৰে। সেই সিদ্ধান্ত মেচ ৰেফাৰীয়ে ল’ব।

শুকুৰবাৰৰ খেলখনত আন এক বিতৰ্কিত ঘটনা সংঘটিত হয়। শ্ৰীলংকাই খেলপথাৰৰ মাজৰ পৰা দৌৰি যোৱাৰ বাবে ৫ ৰানৰ পেনাল্টি দিয়াৰ বিপৰীতে নিউজিলেণ্ডৰ দুজন বেটছমেনে শ্বৰ্ট ৰান সংগ্ৰহ কৰে। এই ঘটনাৰ সময়ত ফিল্ড আম্পায়াৰসকলে নিউজিলেণ্ডৰ বেটছমেনক সকীয়াই দিবলৈ পাহৰা নাছিল। প্ৰথমে ব্ৰুক হেলিডেক খেলপথাৰৰ মাজৰ পৰা দৌৰি যোৱাৰ বাবে আম্পায়াৰসকলে সকীয়াই দিছিল। পিছত লিয়া টাহুহুৱেও একে কাম কৰি শ্ৰীলংকাক ৫ ৰান দিয়ে।

অৱশ্যে তাৰ পৰা শ্ৰীলংকাই লাভৱান নহ’ল। শুকুৰবাৰৰ খেলখনত ১১৬ ৰানত পৰাস্ত হয়। প্ৰথমে বেটিং কৰি নিউজিলেণ্ডে ৭ উইকেটত ৩২৯ ৰান সংগ্ৰহ কৰে। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ৪৮.৪ অভাৰত ২১৩ ৰানত শ্ৰীলংকাৰ ইনিংছ সমাপ্ত হয়। তিনিখন খেলৰ শৃংখলাৰ প্ৰথমখন খেলত জয়লাভ কৰে শ্ৰীলংকাই। শুকুৰবাৰে নিউজিলেণ্ডে সমতা স্থাপন কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান