--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আকৰ্ষণীয় হৈ পৰিছে এছেজৰ দ্বিতীয়খন মেচ। অষ্ট্ৰেলিয়াৰ পাছত এইবাৰ ইংলেণ্ডেও আৰম্ভ কৰিছে বেটিং বিক্ৰম। বাতৰি লিখাৰ পৰলৈকে ইংলেণ্ডে প্ৰথম ইনিংছত সংগ্ৰহ কৰিছে ৫২ অভাৰত ২৫১ ৰাণ। হেৰুৱাইছে ৪ টা উইকেট।

ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়াই ৪১৬ ৰাণত প্ৰথম ইনিংছ সামৰে। আটাইকেওটা উইকেটৰ পতন হয়। দূৰ্দান্ত শতক অৰ্জন কৰে ষ্টিভ স্মিথে। তেওঁ কৰে ১১০ ৰাণ। ট্ৰেভিছ হেডে ৭৭ আৰু ডেভিড ৱাৰ্ণাৰে কৰে ৬৬ ৰাণ। শেষৰ ফালে পেট কামিন্সে ২২ ৰাণৰ বৰঙণি আগবঢ়ায়।

ইংলেণ্ডৰ হৈ জ’ছ টংগ আৰু অলি ৰবিনছনে সংগ্ৰহ কৰে দুটাকৈ উইকেট। আনহাতে দূৰ্দান্ত অলৰাউণ্ডাৰ ৰূপত অৱতীৰ্ণ হোৱা জ’ ৰুটে সংগ্ৰহ কৰে দুটাকৈ উইকেট। একেটা অভাৰতে তেওঁ ট্ৰেভিছ হেড আৰু কেমেৰণ গ্ৰীনক আউট কৰি চমক সৃষ্টি কৰে।

প্ৰত্যুত্তৰত ইংলেণ্ডেও দূৰ্দান্ত ৰূপত ইনিংছ আৰম্ভণি কৰে। জ’ ৰূটৰ বাদে বাকী কেওজন বেটাৰেই সুন্দৰ প্ৰদৰ্শন কৰে। অপেনাৰদ্বয় বেন ডাকেটে ৯৮ আৰু জেক ক্ৰাউলীয়ে ৪৮ ৰাণ সংগ্ৰহ কৰে। অলি পপে ৪২ ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে বাতৰি লিখাৰ পৰলৈকে হেৰী ব্ৰুক (২৬) আৰু বেন ষ্ট’কছ (৯) অপৰাজীত হৈ আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব