--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিৰাট কোহলী আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ২৫,০০০ ৰাণ সংগ্ৰহ কৰা দ্ৰুততম খেলুৱৈ হৈ পৰিছে। তেওঁ এইক্ষেত্ৰত  শচীন তেণ্ডুলকাৰকো অতিক্ৰম কৰিবলৈ সক্ষম হৈছে।শেহতীয়াকৈ বিৰাট কোহলীয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ২৫,০০০ ৰাণ সম্পূৰ্ণ কৰিছে। ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়কজনে শচীন তেণ্ডুলকাৰ আৰু ৰিকি পন্টিংক এই অভিলেখৰ ক্ষেত্ৰত অতিক্ৰম কৰি নজিৰ সৃষ্টি  কৰিছে।

পৰিসংখ্যা অনুসৰি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ২৫,০০০ ৰাণ সম্পূৰ্ণ কৰিবলৈ শচীনক ৫৭৭ ইনিংছ লাগিছিল। বিৰাটে ৫৪৯ টা ইনিংছতে সেইনজিৰ গঢ়িবলৈ সক্ষম হৈছে৷  অৰ্থাৎ, বিৰাটে শচীনতকৈ ২৮  টা ইনিংছ কম খেলি সেই অভিলেখ গঢ়িলে।উল্লেখ্য বিৰাট কোহলীয়ে  ৫৪৯ টা ইনিংছত ২৫,০০০ ৰাণ সম্পূৰ্ণ কৰে। গড় হৈছে ৫৩.৬৪। তেওঁৰ কেৰিয়াৰত মুঠ খেলৰ সংখ্যা হৈছে ৪৯২ খন। 

আনহাতে শচীন তেণ্ডুলকাৰে  ৫৭৭ টা ইনিংছত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ২৫,০০০ ৰাণ সম্পূৰ্ণ কৰিছিল। সামগ্ৰিকভাৱে, তেওঁ ৬৬৪  খন মেচত ৩৪,২৫৭ ৰাণ সংগ্ৰহ কৰিছিল। গড় আছিল ৪৮.৫২।

ৰিকি পন্টিঙৰ ক্ষেত্ৰত  আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ২৫,০০০ ৰাণ সম্পূৰ্ণ কৰিবলৈ অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়কগৰাকীক  ৫৮৮ ইনিংছ লাগিছিল। সামগ্ৰিকভাৱে, তেওঁ ৫৬০  খন মেচ খেলিছিল। তেওঁ ২৭,৪৮৩ ৰাণ সংগ্ৰহ কৰিছিল। গড় আছিল ৪৫.৯৫।

দক্ষিণ আফ্ৰিকাৰ তাৰকা জাক কালিছে ৫৯৪ টা ইনিংছত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ২৫,০০০ ৰাণৰ সীমা অতিক্ৰম কৰিছিল। সামগ্ৰিকভাৱে, তেওঁ ৫১৯  খন মেচত ২৫,৫৩৪  ৰাণ সংগ্ৰহ কৰিছিল। গড় আছিল ৪৯.১।

কুমাৰ চাংগাকাৰাই  ৬০৮ টা ইনিংছত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ২৫,০০০ ৰাণ সম্পূৰ্ণ কৰিছিল। তেওঁ তেওঁৰ দীঘলীয়া ক্ৰিকেট কেৰিয়াৰত মুঠ ৫৯৪ খন খেল খেলিছিল। তেওঁ ২৮,০১৬ ৰাণ সংগ্ৰহ কৰিছিল। গড় আছিল ৪৬.৭৭।

শ্ৰীলংকাৰ ক্ৰিকেট  তাৰকা মাহেলা জয়বৰ্ধনে   ৭০১ টা ইনিংছত ২৫,০০০ ৰাণৰ সীমা অতিক্ৰম কৰিছিল। তেওঁ তেওঁৰ কেৰিয়াৰত ৬৫২ খন খেলত ২৫,৯৫৭ ৰাণ সংগ্ৰহ কৰিছিল। গড় আছিল ৩৯.১৫।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
Advertisement