--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অথলে গ’ল স্মৃতি মান্ধানা, ৰিছাৰ কষ্ট৷  প্ৰাণপণে  যুঁজাৰ পিছতো   টি-২০ বিশ্বকাপৰ এখন অতি গুৰুত্বপূৰ্ণ খেলত শক্তিশালী ইংলেণ্ডৰ হাতত পৰাজিত হ’ল ভাৰতীয় মহিলা ক্ৰিকেট দলটো।ফলত ভাৰতে তেওঁলোকৰ গ্ৰুপৰ শীৰ্ষত থকাৰ  আশা প্ৰায় শেষ হৈছে।

ভাৰতৰ অধিনায়ক হৰমনপ্ৰীত সিঙে টছত জয়ী হৈ শনিবাৰে ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়। তেওঁৰ সিদ্ধান্ত ভাৰতীয় পেচাৰসকলৰ বাবে  সঠিক প্ৰমাণিত হৈছিল। ভাৰতে সহজে ইংলেণ্ডৰ প্ৰথম তিনিটা উইকেট দখল কৰিছিল। কিন্তু যেতিয়াই নাটালি চাইভাৰ ব্ৰেণ্ডে ক্ৰিজলৈ  আহিল তেতিয়াই যেন ইংলেণ্ড দলটোৱে নতুন প্ৰাণ শক্তি লাভ কৰিলে৷ চাইভাৰ ব্ৰেণ্ডে ৪২ টা বলত অপৰাজিত ৫০ ৰাণ কৰে । এমি জোন্সে ২৭ টা বলত ৪০ ৰাণ সংগ্ৰহ কৰে। ইংলেণ্ডে  ২০ অভাৰত ৭ টা উইকেটৰ বিনিময়ত  ১৫১ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয়।

ইয়াৰ প্ৰত্যুত্তৰত স্মৃতি মান্ধানাই ভাৰতীয় দলটোৰ হৈ  ভাল আৰম্ভণি কৰে। আৰম্ভণিতে তেওঁ ৪১  টা বলত ৫২ ৰাণৰ অপৰাজিত ইনিংছ খেলে। কিন্তু আন কোনো টপ অৰ্ডাৰবেটছমেনে তেওঁৰ সৈতে তাল মিলাই খেলি যাব নোৱাৰিলে। বেটিঙত শেফালী, জেমিমা বিফল হয়। কেপ্টেইন হৰমনপ্ৰীতো বিফল হ'ল। এটা সময়ত বহুতৰে  এনে ধাৰণা হৈছিল  যে ভাৰতে হয়তো  ইংলেণ্ডৰ ৰাণৰ কাষেই চাপিব নোৱাৰিব। ৰিছা ঘোষে এটা সুন্দৰ ইনিংছ খেলি টীম ইণ্ডিয়াক কিছু গতি দিয়ে  । ৰিছাই মাত্ৰ ৩৪ টা বলত ৪৭ ৰাণৰ অপৰাজিত ইনিংছ খেলে। তেওঁ চাৰিটা চাৰি আৰু দুটা ছয় মাৰে। কিন্তু ৰিছাৰ যুঁজেই  যথেষ্ট নাছিল। অৱশেষত ভাৰত ১১ ৰাণত পৰাজিত হয়।

এই পৰাজয়ৰ ফলস্বৰূপে, ভাৰতৰ গ্ৰুপত শীৰ্ষস্থান দখল কৰাৰ আশা প্ৰায় শেষ হৈছে। অৱশ্যে ছেমি ফাইনেলৰ বাবে যুঁজ এতিয়াও বাকী আছে। যদি ভাৰতে  আয়াৰলেণ্ডক পৰাস্ত কৰিব তেন্তে অন্তিম চাৰিখনত খেলাটো প্ৰায় নিশ্চিত হ'ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক