--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অথলে গ’ল স্মৃতি মান্ধানা, ৰিছাৰ কষ্ট৷  প্ৰাণপণে  যুঁজাৰ পিছতো   টি-২০ বিশ্বকাপৰ এখন অতি গুৰুত্বপূৰ্ণ খেলত শক্তিশালী ইংলেণ্ডৰ হাতত পৰাজিত হ’ল ভাৰতীয় মহিলা ক্ৰিকেট দলটো।ফলত ভাৰতে তেওঁলোকৰ গ্ৰুপৰ শীৰ্ষত থকাৰ  আশা প্ৰায় শেষ হৈছে।

ভাৰতৰ অধিনায়ক হৰমনপ্ৰীত সিঙে টছত জয়ী হৈ শনিবাৰে ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়। তেওঁৰ সিদ্ধান্ত ভাৰতীয় পেচাৰসকলৰ বাবে  সঠিক প্ৰমাণিত হৈছিল। ভাৰতে সহজে ইংলেণ্ডৰ প্ৰথম তিনিটা উইকেট দখল কৰিছিল। কিন্তু যেতিয়াই নাটালি চাইভাৰ ব্ৰেণ্ডে ক্ৰিজলৈ  আহিল তেতিয়াই যেন ইংলেণ্ড দলটোৱে নতুন প্ৰাণ শক্তি লাভ কৰিলে৷ চাইভাৰ ব্ৰেণ্ডে ৪২ টা বলত অপৰাজিত ৫০ ৰাণ কৰে । এমি জোন্সে ২৭ টা বলত ৪০ ৰাণ সংগ্ৰহ কৰে। ইংলেণ্ডে  ২০ অভাৰত ৭ টা উইকেটৰ বিনিময়ত  ১৫১ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয়।

ইয়াৰ প্ৰত্যুত্তৰত স্মৃতি মান্ধানাই ভাৰতীয় দলটোৰ হৈ  ভাল আৰম্ভণি কৰে। আৰম্ভণিতে তেওঁ ৪১  টা বলত ৫২ ৰাণৰ অপৰাজিত ইনিংছ খেলে। কিন্তু আন কোনো টপ অৰ্ডাৰবেটছমেনে তেওঁৰ সৈতে তাল মিলাই খেলি যাব নোৱাৰিলে। বেটিঙত শেফালী, জেমিমা বিফল হয়। কেপ্টেইন হৰমনপ্ৰীতো বিফল হ'ল। এটা সময়ত বহুতৰে  এনে ধাৰণা হৈছিল  যে ভাৰতে হয়তো  ইংলেণ্ডৰ ৰাণৰ কাষেই চাপিব নোৱাৰিব। ৰিছা ঘোষে এটা সুন্দৰ ইনিংছ খেলি টীম ইণ্ডিয়াক কিছু গতি দিয়ে  । ৰিছাই মাত্ৰ ৩৪ টা বলত ৪৭ ৰাণৰ অপৰাজিত ইনিংছ খেলে। তেওঁ চাৰিটা চাৰি আৰু দুটা ছয় মাৰে। কিন্তু ৰিছাৰ যুঁজেই  যথেষ্ট নাছিল। অৱশেষত ভাৰত ১১ ৰাণত পৰাজিত হয়।

এই পৰাজয়ৰ ফলস্বৰূপে, ভাৰতৰ গ্ৰুপত শীৰ্ষস্থান দখল কৰাৰ আশা প্ৰায় শেষ হৈছে। অৱশ্যে ছেমি ফাইনেলৰ বাবে যুঁজ এতিয়াও বাকী আছে। যদি ভাৰতে  আয়াৰলেণ্ডক পৰাস্ত কৰিব তেন্তে অন্তিম চাৰিখনত খেলাটো প্ৰায় নিশ্চিত হ'ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু