--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লী টেষ্টত অষ্ট্ৰেলিয়াক দূৰ্দান্তভাৱে পৰাস্ত কৰি ভাৰতীয় ক্ৰিকেট দলে শৃংখলা জয় কৰিলে। কেৱল শৃংখলা জয়েই নহয়, কেইবাটাও অভিলেখো গঢ়িবলৈ সক্ষম হ’ল ৰোহিত শৰ্মা, বিৰাট কোহলীহঁতে।

টেষ্টখনত জয়ী হৈ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে সৰ্বাধিকবাৰ টেষ্ট মেচত জয়লাভ কৰাৰ কীৰ্তি গঢ়ে টীম ইণ্ডিয়াই। দিল্লীৰ এই জয় আছিল অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ ৩২ সংখ্যক টেষ্ট জয়। ভাৰতে আন কোনো দেশৰ বিৰুদ্ধে ইমান টেষ্ট মেচত জয়ী হোৱা নাই।

১৯৪৭ চনত ভাৰত আৰু অষ্ট্ৰেলিয়াই প্ৰথমবাৰৰ বাবে টেষ্ট মেচত মুখামুখি হৈছিল। এই পৰ্যন্ত ১০৪খন টেষ্টত দুয়োখন দেশৰ মুখামুখি হৈছে। দিল্লীত অনুষ্ঠিত ৩২ সংখ্যক টেষ্টত ভাৰতে জয়লাভ কৰে। অষ্ট্ৰেলিয়াই ৪৩খন টেষ্টত জয়লাভ কৰিছে। দুয়োখন দেশৰ মাজত ২৮খন টেষ্ট ড্ৰ’ত সমাপ্ত হয়। এখন টেষ্ট টাই হয়।

ঘৰুৱা খেলপথাৰত অষ্ট্ৰেলিয়াক ২২খন মেচত পৰাস্ত কৰিলে ভাৰতে। অষ্ট্ৰেলিয়াৰ মাটিত ৯খন মেচত জয়ী হৈছে টীম ইণ্ডিয়া। আনহাতে অষ্ট্ৰেলিয়াই ঘৰুৱা মাটিত ভাৰতৰ বিৰুদ্ধে ৩০খন খেলত জয়লাভ কৰিছে। ভাৰতৰ মাটিত ১৩খন মেচত জয়লাভ কৰিছে।

ইয়াৰ আগলৈকে ভাৰতৰ সৰ্বাধিক টেষ্ট জয় হৈছে ইংলেণ্ডৰ বিৰুদ্ধে। ৩১ খন টেষ্ট মেচত জয়লাভ কৰিছিল ভাৰতে। ১৯৩২ চনত প্ৰথমবাৰৰ বাবে ভাৰত আৰু ইংলেণ্ডৰ মাজত টেষ্ট মেচত মুখামুখি হৈছিল। এই পৰ্যন্ত দুয়োটা দলে ১৩১ খন টেষ্ট খেলিছে। ইংলেণ্ডৰ পিছতে শ্ৰীলংকা, ৱেষ্ট ইণ্ডিজ আৰু নিউজিলেণ্ড যৌথভাৱে তৃতীয় স্থানত আছে। এই তিনিখন দেশৰ বিৰুদ্ধে এতিয়ালৈকে ভাৰতে ২২খন টেষ্ট মেচত জয়লাভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক