--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লী টেষ্টত অষ্ট্ৰেলিয়াক দূৰ্দান্তভাৱে পৰাস্ত কৰি ভাৰতীয় ক্ৰিকেট দলে শৃংখলা জয় কৰিলে। কেৱল শৃংখলা জয়েই নহয়, কেইবাটাও অভিলেখো গঢ়িবলৈ সক্ষম হ’ল ৰোহিত শৰ্মা, বিৰাট কোহলীহঁতে।

টেষ্টখনত জয়ী হৈ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে সৰ্বাধিকবাৰ টেষ্ট মেচত জয়লাভ কৰাৰ কীৰ্তি গঢ়ে টীম ইণ্ডিয়াই। দিল্লীৰ এই জয় আছিল অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ ৩২ সংখ্যক টেষ্ট জয়। ভাৰতে আন কোনো দেশৰ বিৰুদ্ধে ইমান টেষ্ট মেচত জয়ী হোৱা নাই।

১৯৪৭ চনত ভাৰত আৰু অষ্ট্ৰেলিয়াই প্ৰথমবাৰৰ বাবে টেষ্ট মেচত মুখামুখি হৈছিল। এই পৰ্যন্ত ১০৪খন টেষ্টত দুয়োখন দেশৰ মুখামুখি হৈছে। দিল্লীত অনুষ্ঠিত ৩২ সংখ্যক টেষ্টত ভাৰতে জয়লাভ কৰে। অষ্ট্ৰেলিয়াই ৪৩খন টেষ্টত জয়লাভ কৰিছে। দুয়োখন দেশৰ মাজত ২৮খন টেষ্ট ড্ৰ’ত সমাপ্ত হয়। এখন টেষ্ট টাই হয়।

ঘৰুৱা খেলপথাৰত অষ্ট্ৰেলিয়াক ২২খন মেচত পৰাস্ত কৰিলে ভাৰতে। অষ্ট্ৰেলিয়াৰ মাটিত ৯খন মেচত জয়ী হৈছে টীম ইণ্ডিয়া। আনহাতে অষ্ট্ৰেলিয়াই ঘৰুৱা মাটিত ভাৰতৰ বিৰুদ্ধে ৩০খন খেলত জয়লাভ কৰিছে। ভাৰতৰ মাটিত ১৩খন মেচত জয়লাভ কৰিছে।

ইয়াৰ আগলৈকে ভাৰতৰ সৰ্বাধিক টেষ্ট জয় হৈছে ইংলেণ্ডৰ বিৰুদ্ধে। ৩১ খন টেষ্ট মেচত জয়লাভ কৰিছিল ভাৰতে। ১৯৩২ চনত প্ৰথমবাৰৰ বাবে ভাৰত আৰু ইংলেণ্ডৰ মাজত টেষ্ট মেচত মুখামুখি হৈছিল। এই পৰ্যন্ত দুয়োটা দলে ১৩১ খন টেষ্ট খেলিছে। ইংলেণ্ডৰ পিছতে শ্ৰীলংকা, ৱেষ্ট ইণ্ডিজ আৰু নিউজিলেণ্ড যৌথভাৱে তৃতীয় স্থানত আছে। এই তিনিখন দেশৰ বিৰুদ্ধে এতিয়ালৈকে ভাৰতে ২২খন টেষ্ট মেচত জয়লাভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু