--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমি আজি আপোনাৰ সৈতে আলোচনা কৰিবলৈ গৈ আছোঁ বিগ বি অমিতাভৰ জীৱনৰ সৈতে সম্পৰ্কিত এটা ঘটনা যিটো বহু কম মানুহেহে জানে। অমিতাভ বচ্চনে বলীউডত তেওঁৰ অভিনয়েৰে এক বিশেষ প্ৰভাৱ পেলাইছে আৰু কোটি কোটি মানুহৰ হৃদয়ত তেওঁ এতিয়াও আধিপত্য বিস্তাৰ কৰি আছে। ১৯৮৩ চনত অমিতাভৰ ছবি 'কুলি'য়ে মুক্তি পাইছিল। এই চিনেমাখন ছুপাৰহিট হৈছিল। কিন্তু কুলি চলচ্চিত্ৰখনৰ দৃশ্যগ্ৰহণৰ সময়ত অমিতাভ বচ্চনৰ এটা ডাঙৰ দুৰ্ঘটনা সংঘটিত হৈছিল। কথমপিহে এই দুৰ্ঘটনাৰ পৰা প্ৰাণ ৰক্ষা পৰিছিল অমিতাভ বচ্চনৰ। দুৰ্ঘটনাটোত অমিতাভ বচ্চনৰ পাকস্থলী আঘাতপ্ৰাপ্ত হৈছিল আৰু তেওঁৰ অন্ত্ৰ বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছিল। তাৰপাছত তেওঁক দীৰ্ঘদিন ধৰি মুম্বাইৰ ব্ৰিচকেণ্ডি হাস্পতালত চিকিৎসাৰ বাবে ৰখা হৈছিল। সেই সময়ত সমগ্ৰ ভাৰতবাসীয়ে অমিতাভ বচ্চনে জীৱন-মৰণৰ সৈতে যুঁজ কৰি থকাৰ খবৰ পাইছিল আৰু সকলোৱে অভিনেতাজনৰ আশু আৰোগ্য কামনা কৰি প্ৰাৰ্থনা জনাইছিল। সেই সময়ৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে পুত্ৰৰ সৈতে আমেৰিকাত থকা সময়ত এই ঘটনাৰ বিষয়ে জানিব পাৰিছিল। ইন্দিৰা গান্ধীয়ে এই তথ্যৰ কথা এখন কিতাপত লিখিছিল। তেওঁ লিখিছিল, "মই লছ এঞ্জেলছত থকাৰ সময়ত খবৰ পাইছিলো যে অমিতাভৰ অৱস্থা সংকটজনক। যদি মই ভাৰতত থাকিলোহেঁতেন মোৰ গোটেই পৰিয়ালটো মুম্বাইত তেওঁৰ সৈতে থাকিলেহেঁতেন।" এই খবৰ পায়ে লগে লগে ইন্দিৰা গান্ধীয়ে তেওঁৰ পুত্ৰ ৰাজীৱ গান্ধীক ভাৰতলৈ ঘূৰাই পঠিয়ায় আৰু ইন্দিৰা গান্ধী ভাৰতলৈ উভতি অহাৰ পাছত তেওঁ তেওঁৰ পুত্ৰ আৰু বোৱাৰীৰ সৈতে অমিতাভ বচ্চনক চাবলৈ চিকিৎসালয়লৈ গৈছিল। সেই সময়ত চিকিৎসালয়ত অমিতাভ বচ্চনৰ শহুৰেক তৰুণ কুমাৰ ভাদুৰী আছিল। প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক দেখাৰ লগে লগে তৰুণ কুমাৰ ভাদুৰীৰ চকু সেমেকা হৈ পৰিছিল। আনহাতে অমিতাভৰ অৱস্থাও সেই সময়ত অতি বেয়া আছিল। অমিতাভ বচ্চনে প্ৰধানমন্ত্ৰীগৰাকীক দেখি কৈছিল "আণ্টি মই শুব পৰা নাই"। এই কথা শুনি ইন্দিৰা গান্ধীয়ে কান্দি কান্দি অমিতাভক সান্ত্বনা দি কৈছিল, "ময়ো কেতিয়াবা শুব নোৱাৰো, তোমাৰ অতি সোনকালে ভাল হ'ব, চিন্তা নকৰিবা। ইয়াৰ পাছতেই অভিনেতাগৰাকী কোমালৈ গৈছিল। এটা সাক্ষাৎকাৰত বিগ বিয়ে নিজেই কৈছিল যে "মই কোমালৈ গৈছিলো। মোক জৰুৰীকালীন অৱস্থাত চিকিৎসালয়লৈ লৈ যোৱা হৈছিল আৰু মোৰ অস্ত্ৰোপচাৰ কৰা হৈছিল। মই ১৪ ঘণ্টা ধৰি অচেতন হৈ আছিলো। ভগৱানৰ আশীৰ্বাদ আৰু অলেখ মানুহৰ প্ৰাৰ্থনাত লাহে লাহে অমিতাভ সুস্থ হৈ আহিছিল। পত্নী জয়া বচ্চনে কৈছিল যে "সেই সময়ত মোৰ হাতত হনুমান চালিছাৰ এখন কিতাপ আছিল আৰু মই অহৰহ প্ৰাৰ্থনা কৰি আছিলো।" উল্লেখ্য যে কুলি বোলছবিখনে মুক্তিৰ লগে লগেই সফলতা পাবলৈ সক্ষম হৈছিল আৰু ছুপাৰ ডুপাৰ হিট হৈছিল। অমিতাভ বচ্চনৰ কেৰিয়াৰ উৰ্ধগামী হোৱাত এই চিনেমাখনৰ যথেষ্ট অৱদান আছে। আৰু পঢ়কঃ ৮ পত্নীৰে সোণৰ সংসাৰ এইজন লোকৰ! মিলি-জুলি একেখন ঘৰতে আনন্দেৰে কটাইছে জীৱন

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু