--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমি আজি আপোনাৰ সৈতে আলোচনা কৰিবলৈ গৈ আছোঁ বিগ বি অমিতাভৰ জীৱনৰ সৈতে সম্পৰ্কিত এটা ঘটনা যিটো বহু কম মানুহেহে জানে। অমিতাভ বচ্চনে বলীউডত তেওঁৰ অভিনয়েৰে এক বিশেষ প্ৰভাৱ পেলাইছে আৰু কোটি কোটি মানুহৰ হৃদয়ত তেওঁ এতিয়াও আধিপত্য বিস্তাৰ কৰি আছে। ১৯৮৩ চনত অমিতাভৰ ছবি 'কুলি'য়ে মুক্তি পাইছিল। এই চিনেমাখন ছুপাৰহিট হৈছিল। কিন্তু কুলি চলচ্চিত্ৰখনৰ দৃশ্যগ্ৰহণৰ সময়ত অমিতাভ বচ্চনৰ এটা ডাঙৰ দুৰ্ঘটনা সংঘটিত হৈছিল। কথমপিহে এই দুৰ্ঘটনাৰ পৰা প্ৰাণ ৰক্ষা পৰিছিল অমিতাভ বচ্চনৰ। দুৰ্ঘটনাটোত অমিতাভ বচ্চনৰ পাকস্থলী আঘাতপ্ৰাপ্ত হৈছিল আৰু তেওঁৰ অন্ত্ৰ বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছিল। তাৰপাছত তেওঁক দীৰ্ঘদিন ধৰি মুম্বাইৰ ব্ৰিচকেণ্ডি হাস্পতালত চিকিৎসাৰ বাবে ৰখা হৈছিল। সেই সময়ত সমগ্ৰ ভাৰতবাসীয়ে অমিতাভ বচ্চনে জীৱন-মৰণৰ সৈতে যুঁজ কৰি থকাৰ খবৰ পাইছিল আৰু সকলোৱে অভিনেতাজনৰ আশু আৰোগ্য কামনা কৰি প্ৰাৰ্থনা জনাইছিল। সেই সময়ৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে পুত্ৰৰ সৈতে আমেৰিকাত থকা সময়ত এই ঘটনাৰ বিষয়ে জানিব পাৰিছিল। ইন্দিৰা গান্ধীয়ে এই তথ্যৰ কথা এখন কিতাপত লিখিছিল। তেওঁ লিখিছিল, "মই লছ এঞ্জেলছত থকাৰ সময়ত খবৰ পাইছিলো যে অমিতাভৰ অৱস্থা সংকটজনক। যদি মই ভাৰতত থাকিলোহেঁতেন মোৰ গোটেই পৰিয়ালটো মুম্বাইত তেওঁৰ সৈতে থাকিলেহেঁতেন।" এই খবৰ পায়ে লগে লগে ইন্দিৰা গান্ধীয়ে তেওঁৰ পুত্ৰ ৰাজীৱ গান্ধীক ভাৰতলৈ ঘূৰাই পঠিয়ায় আৰু ইন্দিৰা গান্ধী ভাৰতলৈ উভতি অহাৰ পাছত তেওঁ তেওঁৰ পুত্ৰ আৰু বোৱাৰীৰ সৈতে অমিতাভ বচ্চনক চাবলৈ চিকিৎসালয়লৈ গৈছিল। সেই সময়ত চিকিৎসালয়ত অমিতাভ বচ্চনৰ শহুৰেক তৰুণ কুমাৰ ভাদুৰী আছিল। প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক দেখাৰ লগে লগে তৰুণ কুমাৰ ভাদুৰীৰ চকু সেমেকা হৈ পৰিছিল। আনহাতে অমিতাভৰ অৱস্থাও সেই সময়ত অতি বেয়া আছিল। অমিতাভ বচ্চনে প্ৰধানমন্ত্ৰীগৰাকীক দেখি কৈছিল "আণ্টি মই শুব পৰা নাই"। এই কথা শুনি ইন্দিৰা গান্ধীয়ে কান্দি কান্দি অমিতাভক সান্ত্বনা দি কৈছিল, "ময়ো কেতিয়াবা শুব নোৱাৰো, তোমাৰ অতি সোনকালে ভাল হ'ব, চিন্তা নকৰিবা। ইয়াৰ পাছতেই অভিনেতাগৰাকী কোমালৈ গৈছিল। এটা সাক্ষাৎকাৰত বিগ বিয়ে নিজেই কৈছিল যে "মই কোমালৈ গৈছিলো। মোক জৰুৰীকালীন অৱস্থাত চিকিৎসালয়লৈ লৈ যোৱা হৈছিল আৰু মোৰ অস্ত্ৰোপচাৰ কৰা হৈছিল। মই ১৪ ঘণ্টা ধৰি অচেতন হৈ আছিলো। ভগৱানৰ আশীৰ্বাদ আৰু অলেখ মানুহৰ প্ৰাৰ্থনাত লাহে লাহে অমিতাভ সুস্থ হৈ আহিছিল। পত্নী জয়া বচ্চনে কৈছিল যে "সেই সময়ত মোৰ হাতত হনুমান চালিছাৰ এখন কিতাপ আছিল আৰু মই অহৰহ প্ৰাৰ্থনা কৰি আছিলো।" উল্লেখ্য যে কুলি বোলছবিখনে মুক্তিৰ লগে লগেই সফলতা পাবলৈ সক্ষম হৈছিল আৰু ছুপাৰ ডুপাৰ হিট হৈছিল। অমিতাভ বচ্চনৰ কেৰিয়াৰ উৰ্ধগামী হোৱাত এই চিনেমাখনৰ যথেষ্ট অৱদান আছে। আৰু পঢ়কঃ ৮ পত্নীৰে সোণৰ সংসাৰ এইজন লোকৰ! মিলি-জুলি একেখন ঘৰতে আনন্দেৰে কটাইছে জীৱন

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ