--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডত এতিয়া 'গেহৰাইয়া' ছবিখনৰ প্ৰচাৰ পূৰ্ণ গতিত চলি আছে। দীপিকা পাডুকন, অনন্যা পাণ্ডে আৰু সিদ্ধান্ত চতুৰ্বেদীৰ সৈতে পৰিচালক শকুন বাত্ৰাই অলপতে এটা সাক্ষাৎকাৰলৈ গৈছিল। সেই সাক্ষাৎকাৰটোতে তেওঁলোকৰ জীৱনৰ সৈতে জড়িত কিছুমান আকৰ্ষণীয় কাহিনীৰ ভাগ বতৰা কৰে। উক্ত সাক্ষাৎকাৰটোতে দীপিকা পাডুকন আৰু আলিয়া ভাটৰ পুৰণি কৰ্মকাণ্ডৰ বিষয়ে প্ৰকাশ পাইছে। সাক্ষাৎকাৰটো প্ৰকাশৰ পাছতে সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰা দেখা গৈছে। স্মৰ্তব্য যে, বাৰ্লিনত আমেৰিকান সংগীত দল 'ক’ল্ডপ্লে'ৰ অনুষ্ঠানত দৰ্শক হিচাপে উপস্থিত আছিল দীপিকা পাডুকন। ভাট কন্যা আলিয়া আৰু শকুনো উপস্থিত আছিল অনুষ্ঠানটোত। মঞ্চত এটা পাছত আনটো মনপৰশা গীত।আনন্দত মতলীয়া উপস্থিত তাৰকা। ইফালে অনুষ্ঠানৰ মাজতে দুই তাৰকা অভিনেত্ৰীৰ লাগিল শৌচ। পাছে এনে এটা আকৰ্ষণীয় অনুষ্ঠান মাজতে এৰি যায় কেনেকৈ ,তাতে আকৌ 'কল্ডপ্লে'ৰ দৰে আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ সংগীতানুষ্ঠান। বৰ বেছি ভাবি গুণি নাথাকি দীপিকা-আলিয়া দুয়ো বাহিৰলৈ ওলাই আহিল। তাতো লাগিল কেনা! মহিলাৰ শৌচালয়ৰ সন্মুখত দীঘলীয়া শাৰী দেখি উদ্বিগ্ন হৈ পৰিল দুয়ো। তেওঁলোকে মনতে বুধি পাঙিলে। এনেকৈ শাৰী পাতি থাকিলে অনুষ্ঠানত প্ৰৱেশৰ সুযোগে নাপাম। 'ক’ল্ডপ্লে'ৰ সংগীতানুষ্ঠানো শেষ হ'ব। উপায়ন্তৰ হৈ মহিলা শৌচালয়ৰ পৰিৱৰ্তে দুই নায়িকাই পুৰুষৰ শৌচালয়ৰ ফালে লৈছিল বাট। পাছৰ খিনি ইতিহাস...। ঘটনাটো কোন চনৰ আছিল দীপিকাই সেই বিষয়ে অৱগত নকৰিলেও আলিয়াৰ পুৰণি পোষ্টটোৱে ইয়াৰ প্ৰমাণ। ২০১৬ চনত বাৰ্লিনত 'ক’ল্ডপ্লে' অনুষ্ঠানলৈ গৈছিল ৰণবীৰৰ প্ৰাক্তন আৰু বৰ্তমানৰ প্ৰেয়সী। লগত আছিল শকুন বাত্ৰা আৰু সোনম কাপুৰ। শেহতীয়াকৈ এই ঘটনাটোৰ স্মৃতি ৰোমন্থন কৰি উচ্ছসিত হৈ পৰে অভিনেত্ৰী দীপিকা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ