--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডত এতিয়া 'গেহৰাইয়া' ছবিখনৰ প্ৰচাৰ পূৰ্ণ গতিত চলি আছে। দীপিকা পাডুকন, অনন্যা পাণ্ডে আৰু সিদ্ধান্ত চতুৰ্বেদীৰ সৈতে পৰিচালক শকুন বাত্ৰাই অলপতে এটা সাক্ষাৎকাৰলৈ গৈছিল। সেই সাক্ষাৎকাৰটোতে তেওঁলোকৰ জীৱনৰ সৈতে জড়িত কিছুমান আকৰ্ষণীয় কাহিনীৰ ভাগ বতৰা কৰে। উক্ত সাক্ষাৎকাৰটোতে দীপিকা পাডুকন আৰু আলিয়া ভাটৰ পুৰণি কৰ্মকাণ্ডৰ বিষয়ে প্ৰকাশ পাইছে। সাক্ষাৎকাৰটো প্ৰকাশৰ পাছতে সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰা দেখা গৈছে। স্মৰ্তব্য যে, বাৰ্লিনত আমেৰিকান সংগীত দল 'ক’ল্ডপ্লে'ৰ অনুষ্ঠানত দৰ্শক হিচাপে উপস্থিত আছিল দীপিকা পাডুকন। ভাট কন্যা আলিয়া আৰু শকুনো উপস্থিত আছিল অনুষ্ঠানটোত। মঞ্চত এটা পাছত আনটো মনপৰশা গীত।আনন্দত মতলীয়া উপস্থিত তাৰকা। ইফালে অনুষ্ঠানৰ মাজতে দুই তাৰকা অভিনেত্ৰীৰ লাগিল শৌচ। পাছে এনে এটা আকৰ্ষণীয় অনুষ্ঠান মাজতে এৰি যায় কেনেকৈ ,তাতে আকৌ 'কল্ডপ্লে'ৰ দৰে আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ সংগীতানুষ্ঠান। বৰ বেছি ভাবি গুণি নাথাকি দীপিকা-আলিয়া দুয়ো বাহিৰলৈ ওলাই আহিল। তাতো লাগিল কেনা! মহিলাৰ শৌচালয়ৰ সন্মুখত দীঘলীয়া শাৰী দেখি উদ্বিগ্ন হৈ পৰিল দুয়ো। তেওঁলোকে মনতে বুধি পাঙিলে। এনেকৈ শাৰী পাতি থাকিলে অনুষ্ঠানত প্ৰৱেশৰ সুযোগে নাপাম। 'ক’ল্ডপ্লে'ৰ সংগীতানুষ্ঠানো শেষ হ'ব। উপায়ন্তৰ হৈ মহিলা শৌচালয়ৰ পৰিৱৰ্তে দুই নায়িকাই পুৰুষৰ শৌচালয়ৰ ফালে লৈছিল বাট। পাছৰ খিনি ইতিহাস...। ঘটনাটো কোন চনৰ আছিল দীপিকাই সেই বিষয়ে অৱগত নকৰিলেও আলিয়াৰ পুৰণি পোষ্টটোৱে ইয়াৰ প্ৰমাণ। ২০১৬ চনত বাৰ্লিনত 'ক’ল্ডপ্লে' অনুষ্ঠানলৈ গৈছিল ৰণবীৰৰ প্ৰাক্তন আৰু বৰ্তমানৰ প্ৰেয়সী। লগত আছিল শকুন বাত্ৰা আৰু সোনম কাপুৰ। শেহতীয়াকৈ এই ঘটনাটোৰ স্মৃতি ৰোমন্থন কৰি উচ্ছসিত হৈ পৰে অভিনেত্ৰী দীপিকা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু