--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশবাসীৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু এতিয়া অসম সন্তান ৰিয়ান পৰাগ। বৃহস্পতিবাৰে IPLত ৮৪ ৰাণৰ দুৰ্দান্ত ইনিংছ খেলাৰ পাছত দেশৰ তাৰকা ক্ৰিকেটাৰসকলে প্ৰশংসাৰে ওপচাই পেলাইছে ৰিয়ানক। 

টীম ইণ্ডিয়াত স্থান পোৱাৰ ক্ষেত্ৰত এই বিস্ফোৰক ইনিংছৰে এঢাপ আগুৱালে ৰিয়ান পৰাগ। বিগত সময়ছোৱাত দুৰ্বল প্ৰদৰ্শনৰ বাবে যথেষ্ট সমালোচিত হৈছিল অসম সন্তানগৰাকী৷ বহুসময়ত অসমবাসীকো নিৰাশ কৰিছিল ৰিয়ানে৷ হৈছিল ট্ৰ’ল, চলিছিল আক্ৰমণ৷ বেয়া দিনৰ যাতনাবোৰ নীৰৱে সামৰি থৈছিল ৰিয়ানে৷ আৰু মনতে পণ লৈছিল সূৰ্যসম দৃঢ়তাৰে উজলি উঠাৰ৷ কালিৰ খেলখনত বিশ্ববাসীৰ লগতে অসমবাসীৰো দৃষ্টি নিবদ্ধ আছিল৷ 

অসমবাসীৰ দৃষ্টি নিবদ্ধ আছিল ৰিয়ানৰ ওপৰত৷ সকলোৱে কামনা কৰিছিল ৰিয়ান উজলি উঠাটো৷ আৰু আকাংক্ষিতধৰণেই ৰিয়ান পৰাগে কালি সৰ্বশক্তি প্ৰয়োগ কৰি প্ৰদৰ্শন কৰিলে নিজৰ ক্ৰীড়া প্ৰতিভা৷ সমালোচককো দিলে প্ৰত্যুত্তৰ। এক কথাত ক’বলৈ গ’লে শক্তিশালী প্ৰত্যাৱৰ্তন ঘটালে ৰিয়ান পৰাগে৷ বৃহস্পতিবাৰে ৰাজস্থান ৰয়েলছৰ ত্ৰাণকৰ্তা ৰূপত দেখা গ’ল অসম সন্তান ৰিয়ান পৰাগক। দিল্লী কেপিটেলছৰ বিৰুদ্ধে ৰিয়ান পৰাগে উপহাৰ দিলে বিস্ফোৰক ইনিংছ। 

৩৪টা বলতে অৰ্ধশতক অৰ্জন কৰা ৰিয়ানে ৪৫টা বলত ৮৪ ৰাণৰ বিস্ফোৰক ইনিংছ উপহাৰ দিয়ে তেওঁৰ অনুৰাগীক৷ ৰিয়ান পৰাগৰ দুৰ্দান্ত বেটিঙৰ ফলতে ৰাজস্থান ৰয়েলছে সংগ্ৰহ কৰে ১৮৫ ৰাণ। ৰিয়ান পৰাগে কোবাই ৭টা ফ’ৰ আৰু ৬টা ছিক্সাৰ৷

প্ৰথমে বেটিং কৰি ৩৬ ৰাণতে যশস্বী জয়ছোৱাল, জ’ছ বাটলাৰ আৰু সঞ্জু ছেমচনৰ উইকেট হেৰুৱাইছিল ৰাজস্থানে। ৪ নম্বৰত বেটিং কৰিবলৈ আহি ৰিয়ানৰ পৰাগে দুৰ্দান্ত বেটিং আৰম্ভ কৰে।

চলিত আইপিএলত বৰ্তমানলৈ ৰিয়ানে সংগ্ৰহ কৰিছে ১২৭ ৰাণ। আইপিএলৰ অৰেঞ্জ কেপৰ দৌৰত বৰ্তমান দ্বিতীয় স্থানত আছে ৰিয়ান পৰাগ। প্ৰথম মেচত ৪৩ ৰাণ সংগ্ৰহ কৰিছিল ৰিয়ানে। ৰিয়ান পৰাগৰ বেটিঙত এতিয়া প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে প্ৰতিগৰাকী ক্ৰিকেটানুৰাগীৰ লগতে কেইবাগৰাকীও ক্ৰিকেটাৰো৷

সমুখত ব’হাগৰ৷ বসন্তৰ এই আগলি দিনতে এতিয়া অসমীয়াই আশা কৰিছে অদূৰ ভৱিষ্যতে ভাৰতীয় ক্ৰিকেট দলত উজলি উঠিব ৰিয়ান পৰাগ৷ ভাৰতীয় ক্ৰিকেট দলত ৰিয়ান পৰাগক চাবলৈ আকুল হেঁপাহেৰে ৰৈ আছে প্ৰতিগৰাকী অসমীয়া৷ বিচিচিআইৰ যুটীয়া সম্পাদকৰ দায়িত্বতো আছে এজন অসমীয়া৷ দেৱজিৎ শইকীয়াৰ কাৰ্যকালতে ৰিয়ান পৰাগে টীম ইণ্ডিয়াত স্থান পাবলৈ সক্ষম হ’ব বুলি আশাবাদী অসমবাসী৷ ৰিয়ান পৰাগক আগবঢ়াই দিয়াৰ ক্ষেত্ৰত নিঃসন্দেহে দেৱজিৎ শইকীয়াৰো থাকিব গুৰুত্বপূৰ্ণ ভূমিকা৷ আছাম ক্ৰিকেট এছোচিয়েশ্যনেও এই বিষয়টোত বিশেষ পৃষ্ঠপোষকতা কৰাৰ আশাপ্ৰকাশ কৰিছে অসমবাসীয়ে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু