--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশবাসীৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু এতিয়া অসম সন্তান ৰিয়ান পৰাগ। বৃহস্পতিবাৰে IPLত ৮৪ ৰাণৰ দুৰ্দান্ত ইনিংছ খেলাৰ পাছত দেশৰ তাৰকা ক্ৰিকেটাৰসকলে প্ৰশংসাৰে ওপচাই পেলাইছে ৰিয়ানক। 

টীম ইণ্ডিয়াত স্থান পোৱাৰ ক্ষেত্ৰত এই বিস্ফোৰক ইনিংছৰে এঢাপ আগুৱালে ৰিয়ান পৰাগ। বিগত সময়ছোৱাত দুৰ্বল প্ৰদৰ্শনৰ বাবে যথেষ্ট সমালোচিত হৈছিল অসম সন্তানগৰাকী৷ বহুসময়ত অসমবাসীকো নিৰাশ কৰিছিল ৰিয়ানে৷ হৈছিল ট্ৰ’ল, চলিছিল আক্ৰমণ৷ বেয়া দিনৰ যাতনাবোৰ নীৰৱে সামৰি থৈছিল ৰিয়ানে৷ আৰু মনতে পণ লৈছিল সূৰ্যসম দৃঢ়তাৰে উজলি উঠাৰ৷ কালিৰ খেলখনত বিশ্ববাসীৰ লগতে অসমবাসীৰো দৃষ্টি নিবদ্ধ আছিল৷ 

অসমবাসীৰ দৃষ্টি নিবদ্ধ আছিল ৰিয়ানৰ ওপৰত৷ সকলোৱে কামনা কৰিছিল ৰিয়ান উজলি উঠাটো৷ আৰু আকাংক্ষিতধৰণেই ৰিয়ান পৰাগে কালি সৰ্বশক্তি প্ৰয়োগ কৰি প্ৰদৰ্শন কৰিলে নিজৰ ক্ৰীড়া প্ৰতিভা৷ সমালোচককো দিলে প্ৰত্যুত্তৰ। এক কথাত ক’বলৈ গ’লে শক্তিশালী প্ৰত্যাৱৰ্তন ঘটালে ৰিয়ান পৰাগে৷ বৃহস্পতিবাৰে ৰাজস্থান ৰয়েলছৰ ত্ৰাণকৰ্তা ৰূপত দেখা গ’ল অসম সন্তান ৰিয়ান পৰাগক। দিল্লী কেপিটেলছৰ বিৰুদ্ধে ৰিয়ান পৰাগে উপহাৰ দিলে বিস্ফোৰক ইনিংছ। 

৩৪টা বলতে অৰ্ধশতক অৰ্জন কৰা ৰিয়ানে ৪৫টা বলত ৮৪ ৰাণৰ বিস্ফোৰক ইনিংছ উপহাৰ দিয়ে তেওঁৰ অনুৰাগীক৷ ৰিয়ান পৰাগৰ দুৰ্দান্ত বেটিঙৰ ফলতে ৰাজস্থান ৰয়েলছে সংগ্ৰহ কৰে ১৮৫ ৰাণ। ৰিয়ান পৰাগে কোবাই ৭টা ফ’ৰ আৰু ৬টা ছিক্সাৰ৷

প্ৰথমে বেটিং কৰি ৩৬ ৰাণতে যশস্বী জয়ছোৱাল, জ’ছ বাটলাৰ আৰু সঞ্জু ছেমচনৰ উইকেট হেৰুৱাইছিল ৰাজস্থানে। ৪ নম্বৰত বেটিং কৰিবলৈ আহি ৰিয়ানৰ পৰাগে দুৰ্দান্ত বেটিং আৰম্ভ কৰে।

চলিত আইপিএলত বৰ্তমানলৈ ৰিয়ানে সংগ্ৰহ কৰিছে ১২৭ ৰাণ। আইপিএলৰ অৰেঞ্জ কেপৰ দৌৰত বৰ্তমান দ্বিতীয় স্থানত আছে ৰিয়ান পৰাগ। প্ৰথম মেচত ৪৩ ৰাণ সংগ্ৰহ কৰিছিল ৰিয়ানে। ৰিয়ান পৰাগৰ বেটিঙত এতিয়া প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে প্ৰতিগৰাকী ক্ৰিকেটানুৰাগীৰ লগতে কেইবাগৰাকীও ক্ৰিকেটাৰো৷

সমুখত ব’হাগৰ৷ বসন্তৰ এই আগলি দিনতে এতিয়া অসমীয়াই আশা কৰিছে অদূৰ ভৱিষ্যতে ভাৰতীয় ক্ৰিকেট দলত উজলি উঠিব ৰিয়ান পৰাগ৷ ভাৰতীয় ক্ৰিকেট দলত ৰিয়ান পৰাগক চাবলৈ আকুল হেঁপাহেৰে ৰৈ আছে প্ৰতিগৰাকী অসমীয়া৷ বিচিচিআইৰ যুটীয়া সম্পাদকৰ দায়িত্বতো আছে এজন অসমীয়া৷ দেৱজিৎ শইকীয়াৰ কাৰ্যকালতে ৰিয়ান পৰাগে টীম ইণ্ডিয়াত স্থান পাবলৈ সক্ষম হ’ব বুলি আশাবাদী অসমবাসী৷ ৰিয়ান পৰাগক আগবঢ়াই দিয়াৰ ক্ষেত্ৰত নিঃসন্দেহে দেৱজিৎ শইকীয়াৰো থাকিব গুৰুত্বপূৰ্ণ ভূমিকা৷ আছাম ক্ৰিকেট এছোচিয়েশ্যনেও এই বিষয়টোত বিশেষ পৃষ্ঠপোষকতা কৰাৰ আশাপ্ৰকাশ কৰিছে অসমবাসীয়ে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ