--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃঅৱশেষত মহিলা আই পি এল দল ঘোষণা কৰা হৈছে। শেহতীয়াকৈ  আই পি এলৰ অধ্যক্ষ অৰুণ ধুমলে কৈছে যে মহিলাৰ আই পি এল আৰম্ভ হ'বলৈ এমাহো বাকী নাই। মহিলাৰ টি-২০ বিশ্বকাপ ২৬ ফেব্ৰুৱাৰীত সমাপ্ত হ'ব। তাৰ এসপ্তাহৰ ভিতৰত মহিলাৰ আই পি এল আৰম্ভ হ'ব।

তেওঁ কয় "মহিলা প্ৰিমিয়াৰ লীগ ৪ মাৰ্চৰ পৰা ২৬ মাৰ্চলৈ চলিব। গোটেই প্ৰতিযোগিতাখন মুম্বাইত অনুষ্ঠিত হ'ব"। সূত্ৰ অনুসৰি, সকলো বোৰ মেচ ব্ৰেবোৰ্ণ আৰু ডি ৱাই পাটিল ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। গুজৰাট জায়ান্টছ আৰু মুম্বাই ইণ্ডিয়ানছে প্ৰথম খন খেলত মুখামুখি হোৱাৰ সম্ভাৱনা আছে। ধুমলে নিশ্চিত কৰিছে  যে মহিলাৰ আই পি এলৰ নিলাম ১৩ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব। প্ৰথম সংস্কৰণত ২২ খন খেল খেলা হ'ব। অৱশ্যে, সম্পূৰ্ণ সময়সূচী এতিয়াও মুকলি কৰা হোৱা নাই। সকলো দলৰ নাম চূড়ান্ত হোৱাৰ পিছতহে সেয়া কৰা ।নিলামৰ আগদিনা, টি-২০  বিশ্বকাপত ভাৰত-পাকিস্তানৰ এখন খেল আছে।ভাৰতীয় মহিলা ক্ৰিকেট দলৰ হৰমনপ্ৰীতেও মহিলাৰ প্ৰথম খন আই পি এলৰ প্ৰতি অতি  আগ্ৰহী। তেওঁ মহিলা প্ৰিমিয়াৰ লীগক আদৰণি জনাইছে। 
হৰমনপ্ৰীতে কয় , "এয়া আমাৰ সকলোৰে বাবে এটা ডাঙৰ কথা। আমি এই প্ৰতিযোগিতাৰ বাবে বহু বছৰ অপেক্ষা কৰিছো। অৱশেষত এই বছৰৰ পৰা এই খেল আৰম্ভ হ’ব । মহিলা ক্ৰিকেটৰ বাবে পৰৱৰ্তী দুই বা তিনি মাহ অতি গুৰুত্বপূৰ্ণ। ''

মহিলা আই পি এলৰ বাবে   আদানি স্পৰ্টছলাইন প্ৰাইভেট লিমিটেডে দল সৰ্বাধিক মূল্যত ক্ৰয় কৰিছে। তেওঁলোকৰ দলটোৱে আহমেদাবাদ চহৰৰ হৈ খেলিব। আদানীয়ে মহিলাৰ আই পি এলত দলটো ১২৮৯ কোটি টকাত ক্ৰয় কৰিছে। ইণ্ডিয়াউইন স্পৰ্টছ প্ৰাইভেট লিমিটেড মূল্যৰ ক্ষেত্ৰত দ্বিতীয় স্থানত আছে। তেওঁলোকে মুম্বাই দলটো ৯১২.৯৯ কোটি টকাত ক্ৰয় কৰিছে। আই পি এল দল ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে দলটোক ৯০১ কোটি টকাত ক্ৰয় কৰিছে। তেওঁলোকে বাংগালুৰুৰ হৈ খেলিব।







 

FOLLOW US F
POPULAR
FEATURE
TRENDY
চণ্ডীগড়ত হ'ব IAFৰ ঐতিহাসিক অধ্যায়ৰ সামৰণি অনুষ্ঠান!  মিগ-২১ৰ শেষ উৰণ, প্রতীকী বিদায়
কি ৰঙৰ গণপতিৰ মূৰ্তি ঘৰত ৰাখিলে জীৱনলৈ সুখ-সমৃদ্ধিৰ আগমন ঘটে? নিশ্চিতভাৱে গণেশ চতুৰ্থীত জানি লওক
বিশ্বত হৈ থকা যুদ্ধই প্ৰাণ কাঢ়িছে বহু সাংবাদিকৰ! জানি লওক ক'ত কিমানে হেৰুৱালে প্ৰাণ?
অমিত শ্বাহক ১৮জন প্রাক্তন ন্যায়াধীশৰ সমালোচনা
বিশ্বৰ প্ৰখ্যাত বিত্তীয় সংস্থা গ'ল্ডমেন চছৰ দাবী! দহ বছৰত বিশ্বক হতবাক কৰিব পৰা অৰ্থনৈতিক প্রগতি হ'ব ভাৰতৰ
হোষ্টেলত ৪২৬ টা শিশুৰ খাদ্যত ফেনাইল মিহলাই হত্যা কৰাৰ ষড়যন্ত্ৰ! এনেকৈ পৰিল জীৱন ৰক্ষা
ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপৰ অভিজ্ঞতা বর্ণনা কৰি উৎফুল্ল দীপ্তি চহৰীয়া
ভয়ানক বিপদৰ পৰা ৰক্ষা পৰিল দেৰগাঁও!  পেট্ৰ’ল পাম্পৰ চৌহদত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত
'আগতে কোনো মুখ্যমন্ত্রী বি টি চিলৈ অহা নাছিল, মই ২০০ বাৰ আহিছোঁ', গোসাইগাঁৱত বিজয় সংকল্প সমাৰোহত মুখ্যমন্ত্রী
ভাৰতীয় বায়ুসেনাই দেখুৱালে মানৱীয়তা! থাই নাগৰিকৰ জীৱন ৰক্ষাৰ বাবে দেখুৱালে অদম্য সাহস
ডিব্ৰুগড় জিলাত কলেৰা ৰোগীৰ প্ৰাদুৰ্ভাৱক লৈ হাই এলাৰ্ট জাৰি ; স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ সংবাদমেল সম্বোধন
'পকৱান'ৰ সফল মঞ্চায়ন
চতিয়া দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
দিল্লীৰ দৰিয়াগঞ্জত অঘটন,অট্টালিকা খহি ৩ জন লোকৰ মৃত্যু