--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃঅৱশেষত মহিলা আই পি এল দল ঘোষণা কৰা হৈছে। শেহতীয়াকৈ  আই পি এলৰ অধ্যক্ষ অৰুণ ধুমলে কৈছে যে মহিলাৰ আই পি এল আৰম্ভ হ'বলৈ এমাহো বাকী নাই। মহিলাৰ টি-২০ বিশ্বকাপ ২৬ ফেব্ৰুৱাৰীত সমাপ্ত হ'ব। তাৰ এসপ্তাহৰ ভিতৰত মহিলাৰ আই পি এল আৰম্ভ হ'ব।

তেওঁ কয় "মহিলা প্ৰিমিয়াৰ লীগ ৪ মাৰ্চৰ পৰা ২৬ মাৰ্চলৈ চলিব। গোটেই প্ৰতিযোগিতাখন মুম্বাইত অনুষ্ঠিত হ'ব"। সূত্ৰ অনুসৰি, সকলো বোৰ মেচ ব্ৰেবোৰ্ণ আৰু ডি ৱাই পাটিল ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। গুজৰাট জায়ান্টছ আৰু মুম্বাই ইণ্ডিয়ানছে প্ৰথম খন খেলত মুখামুখি হোৱাৰ সম্ভাৱনা আছে। ধুমলে নিশ্চিত কৰিছে  যে মহিলাৰ আই পি এলৰ নিলাম ১৩ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব। প্ৰথম সংস্কৰণত ২২ খন খেল খেলা হ'ব। অৱশ্যে, সম্পূৰ্ণ সময়সূচী এতিয়াও মুকলি কৰা হোৱা নাই। সকলো দলৰ নাম চূড়ান্ত হোৱাৰ পিছতহে সেয়া কৰা ।নিলামৰ আগদিনা, টি-২০  বিশ্বকাপত ভাৰত-পাকিস্তানৰ এখন খেল আছে।ভাৰতীয় মহিলা ক্ৰিকেট দলৰ হৰমনপ্ৰীতেও মহিলাৰ প্ৰথম খন আই পি এলৰ প্ৰতি অতি  আগ্ৰহী। তেওঁ মহিলা প্ৰিমিয়াৰ লীগক আদৰণি জনাইছে। 
হৰমনপ্ৰীতে কয় , "এয়া আমাৰ সকলোৰে বাবে এটা ডাঙৰ কথা। আমি এই প্ৰতিযোগিতাৰ বাবে বহু বছৰ অপেক্ষা কৰিছো। অৱশেষত এই বছৰৰ পৰা এই খেল আৰম্ভ হ’ব । মহিলা ক্ৰিকেটৰ বাবে পৰৱৰ্তী দুই বা তিনি মাহ অতি গুৰুত্বপূৰ্ণ। ''

মহিলা আই পি এলৰ বাবে   আদানি স্পৰ্টছলাইন প্ৰাইভেট লিমিটেডে দল সৰ্বাধিক মূল্যত ক্ৰয় কৰিছে। তেওঁলোকৰ দলটোৱে আহমেদাবাদ চহৰৰ হৈ খেলিব। আদানীয়ে মহিলাৰ আই পি এলত দলটো ১২৮৯ কোটি টকাত ক্ৰয় কৰিছে। ইণ্ডিয়াউইন স্পৰ্টছ প্ৰাইভেট লিমিটেড মূল্যৰ ক্ষেত্ৰত দ্বিতীয় স্থানত আছে। তেওঁলোকে মুম্বাই দলটো ৯১২.৯৯ কোটি টকাত ক্ৰয় কৰিছে। আই পি এল দল ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে দলটোক ৯০১ কোটি টকাত ক্ৰয় কৰিছে। তেওঁলোকে বাংগালুৰুৰ হৈ খেলিব।







 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক