--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নিউজিলেণ্ডৰ প্ৰশিক্ষক গেৰী ষ্টেডে স্বীকাৰ কৰে যে দেওবাৰে চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত দলে ভাৰতৰ স্পীন চাঞ্চল্য বৰুণ চক্ৰৱৰ্তীৰ তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে। বৰুণক ৰুধিবলৈ কিৱি বাহিনীয়ে কোনো সুৰুঙা নৰখাকৈ বিশেষ প্রস্তুতি চলাইছে বুলি প্রশিক্ষক ষ্টেডে জানিবলৈ দিছে। নিউজিলেণ্ডে দেওবাৰে ভাৰতৰ বিৰুদ্ধে চেম্পিয়নছ ট্ৰফীৰ ফাইনেল খেলিব। 

বৰুণে কেৰিয়াৰৰ দ্বিতীয়খন এদিনীয়াত চলিত প্রতিযোগিতাখনৰ গ্ৰুপ লীগত নিউজিলেণ্ডৰ ইনিংছত ৪২ ৰান খৰচ কৰি দখল কৰিছিল ৫টা উইকেট। গ্ৰুপ লীগৰ সেই খেলখনত বৰুণে দাঙি ধৰা দুৰন্ত প্ৰদৰ্শনৰ স্মৃতি এতিয়াও সজীৱ হৈ আছে কিৱি বাহিনীৰ শিবিৰত। আনহাতে, অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ছেমি ফাইনেলত বৰুণে ৪৯ ৰানত পাইছিল দুটা উইকেট। ফাইনেলতো ভাৰতীয় শিবিৰৰ অন্যতম তৰুণ তামিলনাডুৰ স্পীনাৰগৰাকী। নিউজিলেণ্ডে ভালদৰেই অৱগত যে ফাইনেলতো বৰুণে তেওঁলোকক সমস্যাত পেলাব পাৰে। তাকে লৈ নিউজিলেণ্ড সতর্ক হৈ আছে। 

নিউজিলেণ্ডৰ প্রশিক্ষক ষ্টেডে গুৰুত্ব দিছে বৰুণক। ষ্টেডে কয়, 'আমাৰ বিৰুদ্ধে ৪২ ৰানত ৫টা উইকেট দখল কৰিছিল বৰুণে। আশা কৰিছোঁ ফাইনেলত তেওঁ খেলিব। বৰুণ খুব ভাল বলাৰ। আমাৰ বিৰুদ্ধে অন্তিম খেলখনত তেওঁ নিজৰ দক্ষতা প্ৰকাশ কৰিছে। নিশ্চিতভাৱেই বৰুণৰ ওপৰত দৃষ্টি ৰাখিব লাগিব। তেওঁৰ বলিঙৰ বিৰুদ্ধে মোকাবিলা কৰিবলৈ উপায় উলিয়াবই লাগিব। তেওঁৰ বিৰুদ্ধে ৰান তুলিবলৈ বিশেষ ৰণ-কৌশল প্ৰস্তুত কৰাৰ প্ৰয়োজন আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ প্ৰদেশৰ বলৰামপুৰত ভয়ংকৰ দুৰ্ঘটনা; ট্ৰাকত খুন্দা মাৰি বাগৰিল যাত্ৰীবাহী বাছ
মানাহত অসম বিধানসভাৰ প্ৰতিনিধি দল ; পৰ্যটন ক্ষেত্ৰৰ বিকাশ পৰ্যবেক্ষণৰ বাবে আহিছে কেবাজনো বিধায়কৰ প্ৰতিনিধি দল
পুটিনৰ ভাৰত ভ্ৰমণে দেশলৈ কি কঢ়িয়াই আনিব?
ছোনিয়া, ৰাহুল গান্ধীৰ বিৰুদ্ধে অপৰাধমূলক ষড়যন্ত্ৰৰ অভিযোগ, নেশ্যনেল হেল্ড গোচৰত নতুনকৈ এজাহাৰ
বাংলাদেশৰ গ্ৰামীণ বেংকত আল-কায়দাৰ পুঁজি, চি আই এৰ প্ৰতিবেদনৰ উদ্ধৃতিৰে ৱাল ষ্ট্ৰীট জার্নেলত প্রকাশিত বাতৰিক লৈ চাঞ্চল্য
গুৱাহাটীৰ যান-জঁট সমস্যাৰ নতুন সমাধানসূত্ৰ ; ITMS প্ৰযুক্তিৰে এতিয়াৰে পৰা গুৱাহাটীত চলিব ASTCৰ বাছ
শীতকালত মৰ্ণি ৱাক নে ইভিণিং ৱাক! ওজন কমোৱাত কোনটো সঠিক ?
৫০খন আন্তর্জাতিক মহোৎসৱত সাফল্য 'লাচিত দ্য ৱাৰিয়ৰ'ৰ, সর্বশ্রেষ্ঠ ডকুমেন্টৰী, এনিমেটেড ফিল্মকে ধৰি বিভিন্ন বঁটা লাভ
খাদ্য খোৱাৰ পিছত ইলাচি কিয় চোবাই খাব লাগে? জানিলে আচৰিত হ’ব আপুনি
থলুৱাভাৱে নিৰ্মিত আই এন এছ 'মাহে'ক নৌ সেনাত অন্তর্ভুক্তি, শক্তি বৃদ্ধি হ'ল নৌ-প্ৰতিৰক্ষা খণ্ডৰ
কৃষকৰ সপোন ছাৰখাৰ; মাজুলীৰ বৰুণচুক গাঁৱৰ ধাননি পথাৰত দপদপকৈ জ্বলি উঠিল জুই
জুৰীয়াত জুৱাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা