--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নিউজিলেণ্ডৰ প্ৰশিক্ষক গেৰী ষ্টেডে স্বীকাৰ কৰে যে দেওবাৰে চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত দলে ভাৰতৰ স্পীন চাঞ্চল্য বৰুণ চক্ৰৱৰ্তীৰ তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে। বৰুণক ৰুধিবলৈ কিৱি বাহিনীয়ে কোনো সুৰুঙা নৰখাকৈ বিশেষ প্রস্তুতি চলাইছে বুলি প্রশিক্ষক ষ্টেডে জানিবলৈ দিছে। নিউজিলেণ্ডে দেওবাৰে ভাৰতৰ বিৰুদ্ধে চেম্পিয়নছ ট্ৰফীৰ ফাইনেল খেলিব। 

বৰুণে কেৰিয়াৰৰ দ্বিতীয়খন এদিনীয়াত চলিত প্রতিযোগিতাখনৰ গ্ৰুপ লীগত নিউজিলেণ্ডৰ ইনিংছত ৪২ ৰান খৰচ কৰি দখল কৰিছিল ৫টা উইকেট। গ্ৰুপ লীগৰ সেই খেলখনত বৰুণে দাঙি ধৰা দুৰন্ত প্ৰদৰ্শনৰ স্মৃতি এতিয়াও সজীৱ হৈ আছে কিৱি বাহিনীৰ শিবিৰত। আনহাতে, অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ছেমি ফাইনেলত বৰুণে ৪৯ ৰানত পাইছিল দুটা উইকেট। ফাইনেলতো ভাৰতীয় শিবিৰৰ অন্যতম তৰুণ তামিলনাডুৰ স্পীনাৰগৰাকী। নিউজিলেণ্ডে ভালদৰেই অৱগত যে ফাইনেলতো বৰুণে তেওঁলোকক সমস্যাত পেলাব পাৰে। তাকে লৈ নিউজিলেণ্ড সতর্ক হৈ আছে। 

নিউজিলেণ্ডৰ প্রশিক্ষক ষ্টেডে গুৰুত্ব দিছে বৰুণক। ষ্টেডে কয়, 'আমাৰ বিৰুদ্ধে ৪২ ৰানত ৫টা উইকেট দখল কৰিছিল বৰুণে। আশা কৰিছোঁ ফাইনেলত তেওঁ খেলিব। বৰুণ খুব ভাল বলাৰ। আমাৰ বিৰুদ্ধে অন্তিম খেলখনত তেওঁ নিজৰ দক্ষতা প্ৰকাশ কৰিছে। নিশ্চিতভাৱেই বৰুণৰ ওপৰত দৃষ্টি ৰাখিব লাগিব। তেওঁৰ বলিঙৰ বিৰুদ্ধে মোকাবিলা কৰিবলৈ উপায় উলিয়াবই লাগিব। তেওঁৰ বিৰুদ্ধে ৰান তুলিবলৈ বিশেষ ৰণ-কৌশল প্ৰস্তুত কৰাৰ প্ৰয়োজন আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ