--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত এতিয়া লোকসভা নিৰ্বাচনৰ ঢৌ৷ ৰাজনৈতিক দলসমূহে নিৰ্বাচনক লৈ চলাইছে ব্যাপক কুচকাৱাজ৷ দলসমূহৰ মাজত চলিছে অঘোষিত প্ৰতিযোগিতা৷ 

১৬ মাৰ্চত আনুষ্ঠানিকভাৱে ২০২৪ বৰ্ষৰ লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচনী আয়োগে। দেশত ১৯ এপ্ৰিলৰ পৰা আৰম্ভ হ'ব লোকসভা নিৰ্বাচন। নিৰ্বাচন অনুষ্ঠিত হ'ব ৭টা পৰ্যায়ত। 

লোকসভা নিৰ্বাচনত কিমান মহিলা প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব সেয়া লক্ষ্যণীয় হ’ব। কোন দলে কিমান মহিলাক টিকট বিতৰণ কৰি জয়ৰ আধাৰ হিচাপে বিবেচনা কৰিছে, অতি সোনকালে সেয়া জলজল পটপট হৈ পৰিব।

ভাৰতীয় জনতা পাৰ্টি, সমাজবাদী পাৰ্টি, বহুজন সমাজ পাৰ্টি আৰু কংগ্ৰেছ এই চাৰিটা প্ৰধান দলৰ তালিকাত মহিলাক টিকট দিয়াৰ ক্ষেত্ৰত কোনে উৎসাহ দেখুৱাইছে সেয়া স্পষ্ট হ’ব।

এই পৰ্যন্ত সমাজবাদী পাৰ্টিয়ে ৩৫ গৰাকী প্ৰাৰ্থী ঘোষণা কৰিছে, ইয়াৰে ৬ গৰাকী মহিলা, ইকৰা হাছান (কাইৰানা), উষা বাৰ্মা (হৰদয়), শ্ৰেয়া ভাৰ্মা (গোণ্ডা), ডিম্পল যাদৱ (মৈনপুৰী), অনু তেণ্ডন (উন্নাও) আৰু কাজল নিছাদ (গোৰখপুৰ)। এওঁলোকক টিকট দিয়া হৈছে। সম্প্ৰতি ২২খন আসনৰ এতিয়াও প্ৰাৰ্থীৰ সিদ্ধান্ত লোৱা হোৱা নাই।

ভাৰতীয় জনতা পাৰ্টিয়ে ৫১ খন আসনত প্ৰাৰ্থী ঘোষণা কৰি এতিয়ালৈকে ৫ গৰাকী মহিলা স্মৃতি ইৰাণী (আমেথি), হেমামলিনী (মথুৰা), ৰেখা ভাৰ্মা (ধৌৰহৰা), সাধ্বী নিৰঞ্জন জ্যোতি (ফতেহপুৰ), নীলম সোণকাৰ (লালগঞ্জ)ক টিকট প্ৰদান কৰা বুলি ঘোষণা কৰিছে। 

আনহাতে অনুপ্ৰিয়া পেটেলৰ আপনা দল (সোনেলাল)ৰ সৈতে যুঁজখনো নিশ্চিত। এই পৰ্যন্ত বিজেপি আৰু অন্য দলৰ পৰা টিকট লাভ কৰা মুঠ ৬ গৰাকী মহিলা বৰ্তমান সাংসদ। 

কংগ্ৰেছ আৰু বহুজন সমাজ পাৰ্টিৰ তালিকা এতিয়াও ঘোষণা হোৱা নাই।

বিগত নির্বাচনত বিজেপিৰ টিকটত ৰীতা বহুগুণা যোশী, স্মৃতি ইৰাণী, ৰেখা বার্মা, সংঘমিত্রা মৌৰ্য, হেমা মালিনী, নিৰঞ্জন জ্যোতি, মানেকা গান্ধী, কেশাৰী দেৱী পেটেল ৮ গৰাকী মহিলাই বিজেপিৰ টিকটত জয়লাভ কৰিছিল৷ 

আনহাতে বহুজন সমাজ পাৰ্টিৰ টিকটত সংগীতা আজাদ, আপনা দল (সোনেলাল)ৰ পৰা অনুপ্ৰিয়া পেটেল আৰু কংগ্ৰেছৰ পৰা ছোনিয়া গান্ধী নিৰ্বাচনত জয়ী হৈ সাংসদ হৈছিল। মহিলা সাংসদৰ ৰাষ্ট্ৰীয় গড় ১৪.১০ শতাংশ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক