--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত এতিয়া লোকসভা নিৰ্বাচনৰ ঢৌ৷ ৰাজনৈতিক দলসমূহে নিৰ্বাচনক লৈ চলাইছে ব্যাপক কুচকাৱাজ৷ দলসমূহৰ মাজত চলিছে অঘোষিত প্ৰতিযোগিতা৷ 

১৬ মাৰ্চত আনুষ্ঠানিকভাৱে ২০২৪ বৰ্ষৰ লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচনী আয়োগে। দেশত ১৯ এপ্ৰিলৰ পৰা আৰম্ভ হ'ব লোকসভা নিৰ্বাচন। নিৰ্বাচন অনুষ্ঠিত হ'ব ৭টা পৰ্যায়ত। 

লোকসভা নিৰ্বাচনত কিমান মহিলা প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব সেয়া লক্ষ্যণীয় হ’ব। কোন দলে কিমান মহিলাক টিকট বিতৰণ কৰি জয়ৰ আধাৰ হিচাপে বিবেচনা কৰিছে, অতি সোনকালে সেয়া জলজল পটপট হৈ পৰিব।

ভাৰতীয় জনতা পাৰ্টি, সমাজবাদী পাৰ্টি, বহুজন সমাজ পাৰ্টি আৰু কংগ্ৰেছ এই চাৰিটা প্ৰধান দলৰ তালিকাত মহিলাক টিকট দিয়াৰ ক্ষেত্ৰত কোনে উৎসাহ দেখুৱাইছে সেয়া স্পষ্ট হ’ব।

এই পৰ্যন্ত সমাজবাদী পাৰ্টিয়ে ৩৫ গৰাকী প্ৰাৰ্থী ঘোষণা কৰিছে, ইয়াৰে ৬ গৰাকী মহিলা, ইকৰা হাছান (কাইৰানা), উষা বাৰ্মা (হৰদয়), শ্ৰেয়া ভাৰ্মা (গোণ্ডা), ডিম্পল যাদৱ (মৈনপুৰী), অনু তেণ্ডন (উন্নাও) আৰু কাজল নিছাদ (গোৰখপুৰ)। এওঁলোকক টিকট দিয়া হৈছে। সম্প্ৰতি ২২খন আসনৰ এতিয়াও প্ৰাৰ্থীৰ সিদ্ধান্ত লোৱা হোৱা নাই।

ভাৰতীয় জনতা পাৰ্টিয়ে ৫১ খন আসনত প্ৰাৰ্থী ঘোষণা কৰি এতিয়ালৈকে ৫ গৰাকী মহিলা স্মৃতি ইৰাণী (আমেথি), হেমামলিনী (মথুৰা), ৰেখা ভাৰ্মা (ধৌৰহৰা), সাধ্বী নিৰঞ্জন জ্যোতি (ফতেহপুৰ), নীলম সোণকাৰ (লালগঞ্জ)ক টিকট প্ৰদান কৰা বুলি ঘোষণা কৰিছে। 

আনহাতে অনুপ্ৰিয়া পেটেলৰ আপনা দল (সোনেলাল)ৰ সৈতে যুঁজখনো নিশ্চিত। এই পৰ্যন্ত বিজেপি আৰু অন্য দলৰ পৰা টিকট লাভ কৰা মুঠ ৬ গৰাকী মহিলা বৰ্তমান সাংসদ। 

কংগ্ৰেছ আৰু বহুজন সমাজ পাৰ্টিৰ তালিকা এতিয়াও ঘোষণা হোৱা নাই।

বিগত নির্বাচনত বিজেপিৰ টিকটত ৰীতা বহুগুণা যোশী, স্মৃতি ইৰাণী, ৰেখা বার্মা, সংঘমিত্রা মৌৰ্য, হেমা মালিনী, নিৰঞ্জন জ্যোতি, মানেকা গান্ধী, কেশাৰী দেৱী পেটেল ৮ গৰাকী মহিলাই বিজেপিৰ টিকটত জয়লাভ কৰিছিল৷ 

আনহাতে বহুজন সমাজ পাৰ্টিৰ টিকটত সংগীতা আজাদ, আপনা দল (সোনেলাল)ৰ পৰা অনুপ্ৰিয়া পেটেল আৰু কংগ্ৰেছৰ পৰা ছোনিয়া গান্ধী নিৰ্বাচনত জয়ী হৈ সাংসদ হৈছিল। মহিলা সাংসদৰ ৰাষ্ট্ৰীয় গড় ১৪.১০ শতাংশ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু