--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হিমাচল প্ৰদেশত শেহতীয়াকৈ অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমী পাৰ্টীয়ে ব্যাপক গণ সমৰ্থন লাভ কৰাৰ বিষয়টোকলৈ চৰ্চা চলি থকাৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্য খনত উপস্থিত হৈ নিৰ্বাচনী ৰণশিঙা বজালে। চলিত বৰ্ষৰ  শেষৰ ফালে হিমাচল প্ৰদেশত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব।

 নিৰ্বাচন আয়োগে শীঘ্ৰেই ৰাজ্যখনত ভোটগ্ৰহণৰ তাৰিখ ঘোষণা কৰিবলৈ সাজু হৈছে। এনে পৰিস্থিতিত নৰেন্দ্ৰ মোদীয়ে হিমাচল প্ৰদেশৰ বিলাসপুৰত এইমছ চিকিৎসালয় উদ্বোধন কৰিবলৈ অহাৰ সময়ত আক্ষৰিক ভাৱে নিৰ্বাচনৰ ৰণশিঙা বজায়।

এইমছৰ আনুষ্ঠানিক উদ্বোধনৰ সময়তে  তেওঁ  এক সম্পূৰ্ণ নিৰ্বাচনমুখী ভাষণ দিয়ে।  প্ৰধানমন্ত্ৰীয়ে ৰাজ্য খনৰ  বিলাসপুৰত এইমছ উদ্বোধন কৰাৰ  লগতে আন কেইবাটাও প্ৰকল্প উদ্বোধন কৰে।মোদীয়ে কয়  "পূৰ্বৰ কংগ্ৰেছ চৰকাৰে কেৱল প্ৰকল্পটো ঘোষণা কৰিহে দায়িত্ব সামৰিছিল , আমি পিছে তেনে কৰা নাই । আমাৰ চৰকাৰে প্ৰকল্প ঘোষণা কৰাৰ লগতে ইয়াক  সমাপ্তও কৰে। 

বিলাসপুৰৰ এইমছ তাৰ প্ৰমাণ"। তেওঁ দাবী কৰে যে পূৰ্বৰ চৰকাৰৰ দিনত  নিৰ্বাচনৰ আগে আগে  বৃহৎ সংখ্যক আধাৰশিলা স্থাপন কৰিছিল। কিন্তু বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰে প্ৰকল্পসমূহ সময়মতে নিৰ্মাণ কৰি সেয়া  উদ্বোধনো কৰে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ মতে হিমাচল প্ৰদেশৰ এইমছ ২৪৭ একৰ ভূমিত স্থাপন কৰা হৈছে। ইয়াত ৭৫০ খন সাধাৰণ বিচনা আৰু ৬৪ খন আইচিইউ বিচনা আছে। চিকিৎসালয়খনৰ নিৰ্মাণৰ ব্যয় হৈছে ১,৪৭০  কোটি টকা। উদ্বোধনৰ পিছত প্ৰধানমন্ত্ৰীয়ে চিকিৎসালয়খনৰ চি ব্লকৰ এটা অংশ পৰিদৰ্শন কৰে।

 বিলাসপুৰৰ পৰা মোদীয়ে দশেৰা উৎসৱত অংশগ্ৰহণ কৰিবলৈ কুল্লুলৈ যায়। উল্লেখ্য কুল্লুৰ দশেৰা উৎসৱত প্ৰধানমন্ত্ৰীয়ে প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰে। ইপিনে আম আদমী পাৰ্টীয়ে হিমাচলত ক্ষমতা হস্তগত কৰিবলৈ প্ৰাণপণে চেষ্টা অব্যাহত ৰাখিছে। দলটোৱে ৰাজ্য খনৰ জনসাধাৰণক ছটা বিশেষ গেৰাণ্টী দিছে। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক