--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হিমাচল প্ৰদেশত শেহতীয়াকৈ অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমী পাৰ্টীয়ে ব্যাপক গণ সমৰ্থন লাভ কৰাৰ বিষয়টোকলৈ চৰ্চা চলি থকাৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্য খনত উপস্থিত হৈ নিৰ্বাচনী ৰণশিঙা বজালে। চলিত বৰ্ষৰ  শেষৰ ফালে হিমাচল প্ৰদেশত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব।

 নিৰ্বাচন আয়োগে শীঘ্ৰেই ৰাজ্যখনত ভোটগ্ৰহণৰ তাৰিখ ঘোষণা কৰিবলৈ সাজু হৈছে। এনে পৰিস্থিতিত নৰেন্দ্ৰ মোদীয়ে হিমাচল প্ৰদেশৰ বিলাসপুৰত এইমছ চিকিৎসালয় উদ্বোধন কৰিবলৈ অহাৰ সময়ত আক্ষৰিক ভাৱে নিৰ্বাচনৰ ৰণশিঙা বজায়।

এইমছৰ আনুষ্ঠানিক উদ্বোধনৰ সময়তে  তেওঁ  এক সম্পূৰ্ণ নিৰ্বাচনমুখী ভাষণ দিয়ে।  প্ৰধানমন্ত্ৰীয়ে ৰাজ্য খনৰ  বিলাসপুৰত এইমছ উদ্বোধন কৰাৰ  লগতে আন কেইবাটাও প্ৰকল্প উদ্বোধন কৰে।মোদীয়ে কয়  "পূৰ্বৰ কংগ্ৰেছ চৰকাৰে কেৱল প্ৰকল্পটো ঘোষণা কৰিহে দায়িত্ব সামৰিছিল , আমি পিছে তেনে কৰা নাই । আমাৰ চৰকাৰে প্ৰকল্প ঘোষণা কৰাৰ লগতে ইয়াক  সমাপ্তও কৰে। 

বিলাসপুৰৰ এইমছ তাৰ প্ৰমাণ"। তেওঁ দাবী কৰে যে পূৰ্বৰ চৰকাৰৰ দিনত  নিৰ্বাচনৰ আগে আগে  বৃহৎ সংখ্যক আধাৰশিলা স্থাপন কৰিছিল। কিন্তু বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰে প্ৰকল্পসমূহ সময়মতে নিৰ্মাণ কৰি সেয়া  উদ্বোধনো কৰে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ মতে হিমাচল প্ৰদেশৰ এইমছ ২৪৭ একৰ ভূমিত স্থাপন কৰা হৈছে। ইয়াত ৭৫০ খন সাধাৰণ বিচনা আৰু ৬৪ খন আইচিইউ বিচনা আছে। চিকিৎসালয়খনৰ নিৰ্মাণৰ ব্যয় হৈছে ১,৪৭০  কোটি টকা। উদ্বোধনৰ পিছত প্ৰধানমন্ত্ৰীয়ে চিকিৎসালয়খনৰ চি ব্লকৰ এটা অংশ পৰিদৰ্শন কৰে।

 বিলাসপুৰৰ পৰা মোদীয়ে দশেৰা উৎসৱত অংশগ্ৰহণ কৰিবলৈ কুল্লুলৈ যায়। উল্লেখ্য কুল্লুৰ দশেৰা উৎসৱত প্ৰধানমন্ত্ৰীয়ে প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰে। ইপিনে আম আদমী পাৰ্টীয়ে হিমাচলত ক্ষমতা হস্তগত কৰিবলৈ প্ৰাণপণে চেষ্টা অব্যাহত ৰাখিছে। দলটোৱে ৰাজ্য খনৰ জনসাধাৰণক ছটা বিশেষ গেৰাণ্টী দিছে। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ