--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  নৈ খন শান্ত-সমাহিত হৈয়েই আছিল। কিন্তু হঠাতে নৈ খনৰ জলস্তৰ বৃদ্ধি পাবলৈ ধৰে আৰু মাত্ৰ দুই মিনিটৰ ভিতৰতে নৈ খন হৈ পৰে সাগৰ সদৃশ। পশ্চিমবংগৰ জলপাইগুৰিত দুৰ্গা প্ৰতিমা বিসৰ্জনৰ সময়তে ঘটিছে এই অঘটন। নিশা প্ৰায় ৮ বজাত জলপাইগুৰিৰ  মালবজাৰ চহৰ আৰু চাহ বাগিচাৰ চাৰিওফালৰ লোকসকল  মাল নদীৰ পাৰত দুৰ্গা মূৰ্তি লৈ বিসৰ্জনৰ বাবে উপস্থিত হৈছিল।

 নদীখনৰ দুয়োফালে অগণন লোকৰ  ভিৰ হৈছিল। প্ৰশাসনে  নিৰন্তৰভাবে মাইকৰ জৰিয়তে মানুহক সতৰ্ক হ'বলৈ পৰামৰ্শ দি আছিল। দুৰ্গা মূৰ্তি বিসৰ্জনৰ সময়তে হঠাতে নদীৰ  পানী দ্ধি পোৱাত বহু লোকক পানীৰ সোঁতে উটুৱাই লৈ যায়। বংগৰ জলপাইগুৰি জিলাৰ মালবজাৰত ঘটিছে এই অঘটন। প্ৰতিমা বিসৰ্জন  দিবলৈ অহা বহুলোক মাল নদীত উটি যায়। 

ভূটানৰ পাহাৰৰ পৰা হঠাতে পানী নামি অহাৰ ফলতে নৈ খনত জলস্তৰ বৃদ্ধি পায়। প্ৰশাসনে প্ৰকাশ কৰা মতে , কমেও ৩০-৩৫   জন লোক সন্ধানহীন হৈ আছে।জিলা দণ্ডাধীশ মৌমিতা গোদাৰা বসুৱে কয়  যে আঠ জন লোকৰ  মৃত্যু হৈছে।  কিমান জন উটি  গৈছে সেয়া সঠিককৈ কোৱা সম্ভৱ হোৱা নাই।

জলপাইগুৰিৰ আৰক্ষী অধীক্ষক দেবৰশী দত্তই কয়, "নিশা প্ৰায় ৮.৩০ বজাত নৈ খনত  বান আহে। ফলস্বৰূপে, কেইজনমান লোক উটি যায়। তেওঁলোকৰ সাতজনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। কেইজনমানে নদীৰ মাজত এটা চাৰত আশ্ৰয় লৈছিল। আশ্ৰয় লোৱা সকলোক উদ্ধাৰ কৰা হৈছে। নদীখনত এতিয়াও  উদ্ধাৰ অভিযান চলি আছে। নদীৰ পাৰটো খালী কৰা হৈছে। উদ্ধাৰ অভিযানত  নামি পৰিছে  আৰক্ষী, দুৰ্যোগ সঁহাৰি বাহিনী আৰু অসামৰিক প্ৰতিৰক্ষা বাহিনী। ''

এন ডি আৰ এফৰ দলে  নিশা প্ৰায় ১ বজালৈকে উদ্ধাৰ কাৰ্য্যত নিয়োজিত থাকে ।প্ৰত্যক্ষদৰ্শীয়ে প্ৰকাশ কৰা মতে  বহু সংখ্যক লোকে দুৰ্গাৰ মূৰ্তি বিসৰ্জন দিবলৈ   নদীৰ মাজলৈ গৈছিল।বহু  ভক্তই  নদীৰ পাৰত থিয় হৈ আছিল । ঢল আহাৰ সময়ত পাৰত থকা বহু লোকো পানীত উটি যায়।

পানীৰ সোঁত ইমানেই তীব্ৰ আছিল যে কোনেও নিৰাপদ স্থানলৈ অহাৰ সুযোগ পোৱা নাছিল।  ঘটনাত নিহতৰ সংখ্যা আৰু অধিক বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ঘটনাত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে মৃতকৰ আত্মাৰ সদগতি কামনা কৰিছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক