--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  নৈ খন শান্ত-সমাহিত হৈয়েই আছিল। কিন্তু হঠাতে নৈ খনৰ জলস্তৰ বৃদ্ধি পাবলৈ ধৰে আৰু মাত্ৰ দুই মিনিটৰ ভিতৰতে নৈ খন হৈ পৰে সাগৰ সদৃশ। পশ্চিমবংগৰ জলপাইগুৰিত দুৰ্গা প্ৰতিমা বিসৰ্জনৰ সময়তে ঘটিছে এই অঘটন। নিশা প্ৰায় ৮ বজাত জলপাইগুৰিৰ  মালবজাৰ চহৰ আৰু চাহ বাগিচাৰ চাৰিওফালৰ লোকসকল  মাল নদীৰ পাৰত দুৰ্গা মূৰ্তি লৈ বিসৰ্জনৰ বাবে উপস্থিত হৈছিল।

 নদীখনৰ দুয়োফালে অগণন লোকৰ  ভিৰ হৈছিল। প্ৰশাসনে  নিৰন্তৰভাবে মাইকৰ জৰিয়তে মানুহক সতৰ্ক হ'বলৈ পৰামৰ্শ দি আছিল। দুৰ্গা মূৰ্তি বিসৰ্জনৰ সময়তে হঠাতে নদীৰ  পানী দ্ধি পোৱাত বহু লোকক পানীৰ সোঁতে উটুৱাই লৈ যায়। বংগৰ জলপাইগুৰি জিলাৰ মালবজাৰত ঘটিছে এই অঘটন। প্ৰতিমা বিসৰ্জন  দিবলৈ অহা বহুলোক মাল নদীত উটি যায়। 

ভূটানৰ পাহাৰৰ পৰা হঠাতে পানী নামি অহাৰ ফলতে নৈ খনত জলস্তৰ বৃদ্ধি পায়। প্ৰশাসনে প্ৰকাশ কৰা মতে , কমেও ৩০-৩৫   জন লোক সন্ধানহীন হৈ আছে।জিলা দণ্ডাধীশ মৌমিতা গোদাৰা বসুৱে কয়  যে আঠ জন লোকৰ  মৃত্যু হৈছে।  কিমান জন উটি  গৈছে সেয়া সঠিককৈ কোৱা সম্ভৱ হোৱা নাই।

জলপাইগুৰিৰ আৰক্ষী অধীক্ষক দেবৰশী দত্তই কয়, "নিশা প্ৰায় ৮.৩০ বজাত নৈ খনত  বান আহে। ফলস্বৰূপে, কেইজনমান লোক উটি যায়। তেওঁলোকৰ সাতজনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। কেইজনমানে নদীৰ মাজত এটা চাৰত আশ্ৰয় লৈছিল। আশ্ৰয় লোৱা সকলোক উদ্ধাৰ কৰা হৈছে। নদীখনত এতিয়াও  উদ্ধাৰ অভিযান চলি আছে। নদীৰ পাৰটো খালী কৰা হৈছে। উদ্ধাৰ অভিযানত  নামি পৰিছে  আৰক্ষী, দুৰ্যোগ সঁহাৰি বাহিনী আৰু অসামৰিক প্ৰতিৰক্ষা বাহিনী। ''

এন ডি আৰ এফৰ দলে  নিশা প্ৰায় ১ বজালৈকে উদ্ধাৰ কাৰ্য্যত নিয়োজিত থাকে ।প্ৰত্যক্ষদৰ্শীয়ে প্ৰকাশ কৰা মতে  বহু সংখ্যক লোকে দুৰ্গাৰ মূৰ্তি বিসৰ্জন দিবলৈ   নদীৰ মাজলৈ গৈছিল।বহু  ভক্তই  নদীৰ পাৰত থিয় হৈ আছিল । ঢল আহাৰ সময়ত পাৰত থকা বহু লোকো পানীত উটি যায়।

পানীৰ সোঁত ইমানেই তীব্ৰ আছিল যে কোনেও নিৰাপদ স্থানলৈ অহাৰ সুযোগ পোৱা নাছিল।  ঘটনাত নিহতৰ সংখ্যা আৰু অধিক বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ঘটনাত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে মৃতকৰ আত্মাৰ সদগতি কামনা কৰিছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু