--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ স্বামীৰ ‘আপেক্ষিক শাৰীৰিক অক্ষমতা’ৰ দোহাই দি আদালতে দম্পতীহালক বিবাহ বিচ্ছেদৰ অনুমতি প্ৰদান কৰে। আইনী বিচ্ছেদৰ অনুমতি বিচাৰি আদালতৰ কাষ চাপিছিল দম্পতীহালে। পৰিয়াল আদালতত তেওঁলোকৰ আবেদন খাৰিজ কৰা হয়। ইয়াৰ পিছতে এই নিৰ্দেশক প্ৰত্যাহ্বান জনাই বম্বে উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল দম্পতীহালে। তাত তেওঁলোকৰ আবেদন অনুমোদন কৰা হৈছে।

বম্বে উচ্চ ন্যায়ালয়ৰ ঔৰংগাবাদ বিচাৰপীঠে কয় যে স্বামীৰ “আপেক্ষিক শাৰীৰিক অক্ষমতা”ৰ বাবে দম্পতীহালৰ হতাশাক আওকাণ কৰিব নোৱাৰি। সেই সমস্যাই দম্পতীহালক শাৰীৰিক আৰু মানসিকভাৱে কষ্ট দিছে। গতিকে এই বিবাহ স্থায়ী হোৱাৰ কোনো প্ৰয়োজন নাই।


কিন্তু ‘আপেক্ষিক শাৰীৰিক অক্ষমতা’ কি? যেতিয়া কোনো ব্যক্তিয়ে যৌন সম্পৰ্কত লিপ্ত হ’বলৈ সক্ষম হয় কিন্তু পত্নীৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিব নোৱাৰে তেতিয়া সমস্যাটোক ‘আপেক্ষিক শাৰীৰিক নপুংসকতা’ বুলি কোৱা হয়। এই ক্ষেত্ৰত ২৭ বছৰীয়া যুৱকজনে পত্নীৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিব নোৱাৰিলে। তাৰ বাবেই দম্পতীহালৰ বৈবাহিক সম্পৰ্কৰ শান্তি বিঘ্নিত হয়।


কিন্তু ‘আপেক্ষিক শাৰীৰিক অক্ষমতা’ কি? যেতিয়া কোনো ব্যক্তিয়ে যৌন সম্পৰ্কত লিপ্ত হ’বলৈ সক্ষম হয় কিন্তু পত্নীৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিব নোৱাৰে তেতিয়া সমস্যাটোক ‘আপেক্ষিক শাৰীৰিক নপুংসকতা’ বুলি কোৱা হয়। এই ক্ষেত্ৰত ২৭ বছৰীয়া যুৱকজনে পত্নীৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিব নোৱাৰিলে। তাৰ বাবেই দম্পতীহালৰ বৈবাহিক সম্পৰ্কৰ শান্তি বিঘ্নিত হয়।

আদালতে আৰু পৰ্যবেক্ষণ কৰে যে যুৱকজনে প্ৰথমে পত্নীৰ আগত নিজৰ অক্ষমতা স্বীকাৰ কৰিবলৈ অনিচ্ছুক আছিল। তাৰ বাবেই তেওঁ বিবাহৰ অসম্পূৰ্ণতাৰ বাবে পত্নীক দোষাৰোপ কৰিছিল। অৱশ্যে পিছত আদালতত নিজৰ ভুল স্বীকাৰ কৰে যুৱকজনে।


২০২৩ চনৰ মাৰ্চ মাহত দুয়োৰে বিবাহ হয়। ১৭ দিনৰ মূৰত দুয়ো বিচ্ছেদ হয়। মহিলাগৰাকীয়ে দাবী কৰে যে তেওঁৰ স্বামীয়ে তেওঁৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিবলৈ অস্বীকাৰ কৰিছিল। এই কাৰণ উল্লেখ কৰি মহিলাগৰাকীয়ে পৰিয়াল আদালতত বিচ্ছেদ বিচাৰিছিল। অৱশেষত বম্বে উচ্চ ন্যায়ালয়ে তেওঁৰ এই আবেদনৰ অনুমতি দিলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ