--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ধনৰ বিনিময়ত যোগ শিক্ষা প্ৰদা কৰি থকাৰ পিছতো কৰ আদায় দিয়া নাই বাবা ৰামদেৱে। ৰামদেৱে সেৱা কৰ পৰিশোধ কৰিবলৈ অস্বীকাৰ ক ৰি আহিছে। এবাৰ সেয়ে উভতি ধৰিলে উচ্চতম ন্যায়ালয়ে ।ন্যায়ালয়ে ৰামদেৱৰ অযৌক্তিক দাবী নাকচ কৰি পুনৰ  ৰামদেৱক সকিয়াই দিছে। উচ্চতম ন্যায়ালয়ে যোগ গুৰুসকলৰ মালিকানাধীন কোম্পানী পতঞ্জলি যোগপীঠক উপযুক্ত কৰ পৰিশোধ কৰিবলৈ নিৰ্দেশ দিছে।

 ৰামদেৱ আৰু তেওঁৰ সহযোগী আচাৰ্য বালাকৃষ্ণনৰ সংগঠনে দেশৰ বিভিন্ন স্থানত যোগ শিবিৰ আয়োজন কৰি আহিছে। ইয়াৰ বিনিময়ত তেওঁলোকে ধন আদায় লৈছে কিন্তু এটকাও কৰ আদায় দিয়া নাই।  অৱশ্যে চৰকাৰক  কোনো সেৱা কৰ আদায় দিয়া নাই  । কোম্পানীটোৱে দাবী কৰি আহিছে যে যোগ শিক্ষা সেৱা কৰৰ অধীনত নপৰে।

উল্লেখ কৰব পাৰি যে   ৮  অক্টোবৰ ২০২৩ তাৰিখে আবকাৰী আৰু সেৱা কৰ আপীল ন্যায়াধিকৰণৰ এলাহাবাদ বিচাৰপীঠে কৈছিল যে যোগ গুৰুৰ কোম্পানীয়ে সেৱা কৰ পৰিশোধ কৰিব লাগিব। ন্যায়াধিকৰণে কৈছিল যে যিহেতু যোগ শিবিৰ বিনামূলীয়া নাছিল আৰু  মানুহে  ধন পৰিশোধ কৰিব লগা হৈছিল, ই সেৱা কৰৰ অধীনত পৰে। 

সেয়েহে, ৰামদেৱৰ কোম্পানীয়ে সেৱা কৰ পৰিশোধ কৰিব লাগিব বুলি কোৱা হৈছিল।ন্যায়াধিকৰণৰ ৰায়ৰ বিৰুদ্ধে  পতঞ্জলীয়ে শীৰ্ষ আদালতত আবেদন  কৰিছিল।  ন্যায়াধীশ অভয় এছ ওকা আৰু উজ্জল ভূঞাৰ খণ্ড বিচাৰপীঠে কয় যে ন্যায়াধিকৰণৰ নিৰ্দেশ অনুসৰি যোগ গুৰুজনে কৰ পৰিশোধ কৰিব লাগিব।

 দৰাচলতে, ৰামদেৱৰ বেয়া দিন চলিছে। ইয়াৰ পূৰ্বে, যোগ গুৰুজনে বিভ্ৰান্তিকৰ বিজ্ঞাপন দিয়াৰ বাবে উচ্চতম ন্যায়ালয়ত তীব্ৰ ভৰ্ৎসনাৰ সন্মুখীন হৈছিল। এতিয়া  আকৌ তেওঁ বহুত কৰ পৰিশোধ কৰিব লাগিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ