--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ধনৰ বিনিময়ত যোগ শিক্ষা প্ৰদা কৰি থকাৰ পিছতো কৰ আদায় দিয়া নাই বাবা ৰামদেৱে। ৰামদেৱে সেৱা কৰ পৰিশোধ কৰিবলৈ অস্বীকাৰ ক ৰি আহিছে। এবাৰ সেয়ে উভতি ধৰিলে উচ্চতম ন্যায়ালয়ে ।ন্যায়ালয়ে ৰামদেৱৰ অযৌক্তিক দাবী নাকচ কৰি পুনৰ  ৰামদেৱক সকিয়াই দিছে। উচ্চতম ন্যায়ালয়ে যোগ গুৰুসকলৰ মালিকানাধীন কোম্পানী পতঞ্জলি যোগপীঠক উপযুক্ত কৰ পৰিশোধ কৰিবলৈ নিৰ্দেশ দিছে।

 ৰামদেৱ আৰু তেওঁৰ সহযোগী আচাৰ্য বালাকৃষ্ণনৰ সংগঠনে দেশৰ বিভিন্ন স্থানত যোগ শিবিৰ আয়োজন কৰি আহিছে। ইয়াৰ বিনিময়ত তেওঁলোকে ধন আদায় লৈছে কিন্তু এটকাও কৰ আদায় দিয়া নাই।  অৱশ্যে চৰকাৰক  কোনো সেৱা কৰ আদায় দিয়া নাই  । কোম্পানীটোৱে দাবী কৰি আহিছে যে যোগ শিক্ষা সেৱা কৰৰ অধীনত নপৰে।

উল্লেখ কৰব পাৰি যে   ৮  অক্টোবৰ ২০২৩ তাৰিখে আবকাৰী আৰু সেৱা কৰ আপীল ন্যায়াধিকৰণৰ এলাহাবাদ বিচাৰপীঠে কৈছিল যে যোগ গুৰুৰ কোম্পানীয়ে সেৱা কৰ পৰিশোধ কৰিব লাগিব। ন্যায়াধিকৰণে কৈছিল যে যিহেতু যোগ শিবিৰ বিনামূলীয়া নাছিল আৰু  মানুহে  ধন পৰিশোধ কৰিব লগা হৈছিল, ই সেৱা কৰৰ অধীনত পৰে। 

সেয়েহে, ৰামদেৱৰ কোম্পানীয়ে সেৱা কৰ পৰিশোধ কৰিব লাগিব বুলি কোৱা হৈছিল।ন্যায়াধিকৰণৰ ৰায়ৰ বিৰুদ্ধে  পতঞ্জলীয়ে শীৰ্ষ আদালতত আবেদন  কৰিছিল।  ন্যায়াধীশ অভয় এছ ওকা আৰু উজ্জল ভূঞাৰ খণ্ড বিচাৰপীঠে কয় যে ন্যায়াধিকৰণৰ নিৰ্দেশ অনুসৰি যোগ গুৰুজনে কৰ পৰিশোধ কৰিব লাগিব।

 দৰাচলতে, ৰামদেৱৰ বেয়া দিন চলিছে। ইয়াৰ পূৰ্বে, যোগ গুৰুজনে বিভ্ৰান্তিকৰ বিজ্ঞাপন দিয়াৰ বাবে উচ্চতম ন্যায়ালয়ত তীব্ৰ ভৰ্ৎসনাৰ সন্মুখীন হৈছিল। এতিয়া  আকৌ তেওঁ বহুত কৰ পৰিশোধ কৰিব লাগিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু