--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ‘আৰপি’ মানে ঋষভ পণ্ট নহয়! অৱশেষত এই কথা জনালে উৰ্বশী ৰাউতেলাই। আনকি ঋষভ পণ্ট আৰু তেওঁক কেন্দ্ৰ কৰি হোৱা চৰ্চাৰ প্ৰতিও আশ্বৰ্যবোধ প্ৰকাশ কৰিছে অভিনেত্ৰীগৰাকীয়ে।

ঋষভ পণ্ট নহয়, ‘আৰপি’ মানে উৰ্বশীয়ে অভিনেতা ৰাম পোথিনেনিৰ কথা কৈছিল বুলি তেওঁ কয়। উৰ্বশীয়ে কয় যে আৰপি মানে মোৰ সহ-অভিনেতা ৰাম পোথিনানি। 

“মই গমেই পোৱা নাছিলো যে ঋষভ পণ্টকো মানুহে আৰপি নামেৰে চিনি পায়।”- উৰ্বশীয়ে আশ্বৰ্যবোধ কৰে।

“মানুহে যি মন যায় তেনেকৈয়ে ভাবি লয়। সেয়ে গুজৱৰ পৰিৱৰ্তে প্ৰথমে যুক্তি বিচাৰ কৰা উচিত। ইউটিউবাৰেই হওক বা যিয়েই নহওক, এইধৰণৰ কথা ক’লেই আপুনি বিশ্বাস কৰি ল’ব? ইমান সহজ?”- তেওঁ কয়।

উল্লেখ্য যে টি২০ বিশ্বকাপৰ সময়ত উৰ্বশী অষ্ট্ৰেলিয়ালৈ গৈছিল। তাৰপাছতে ঋষভ পণ্টক উৰ্বশীয়ে বিৰক্ত কৰিছে বুলি অভিযোগ উত্থাপিত হৈছিল।

এই লৈ উৰ্বশীয়ে বৃহস্পতিবাৰে দুখ প্ৰকাশ কৰিছে। কয় যে বিনা দোষত তেওঁক কঠোৰ পৰিস্থিতৰ মাজলৈ লৈ যোৱা হৈছে।

“আমি সকলো সময়তে এই তুলনা দেখা পাওঁ যে ক্ৰিকেটাৰসকলৰ সন্মান অভিনেতাসকলতকৈ অনেক বেছি। ইয়াৰ কাৰণ কি? খেলুৱৈসকলে বেছি উপাৰ্জন কৰে বাবে নেকি?”- উৰ্বশীয়ে প্ৰশ্ন কৰে।

“মই ভাবো দেশৰ প্ৰতিনিধিত্ব যিসকলে কৰে তেওঁলোক সকলো গুৰুত্বপূৰ্ণ। মইও বহুবাৰ দেশৰ হৈ কিমান ঠাইলৈ গৈছো, এইসমূহ তুলনা কৰা হৈছে নে?”- উৰ্বশীয়ে কয়।

উৰ্বশীৰ দাবী কৰে যে সামাজিক মাধ্যম গালিগালাজ কৰাৰ মঞ্চ হৈ উঠিছে। ইয়াত ঘৃণা আৰু হিংসাৰ প্ৰচাৰৰ বাহিৰে আন কি হয়?- উৰ্বশীয়ে ক্ষোভ উজাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক