--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ‘আৰপি’ মানে ঋষভ পণ্ট নহয়! অৱশেষত এই কথা জনালে উৰ্বশী ৰাউতেলাই। আনকি ঋষভ পণ্ট আৰু তেওঁক কেন্দ্ৰ কৰি হোৱা চৰ্চাৰ প্ৰতিও আশ্বৰ্যবোধ প্ৰকাশ কৰিছে অভিনেত্ৰীগৰাকীয়ে।

ঋষভ পণ্ট নহয়, ‘আৰপি’ মানে উৰ্বশীয়ে অভিনেতা ৰাম পোথিনেনিৰ কথা কৈছিল বুলি তেওঁ কয়। উৰ্বশীয়ে কয় যে আৰপি মানে মোৰ সহ-অভিনেতা ৰাম পোথিনানি। 

“মই গমেই পোৱা নাছিলো যে ঋষভ পণ্টকো মানুহে আৰপি নামেৰে চিনি পায়।”- উৰ্বশীয়ে আশ্বৰ্যবোধ কৰে।

“মানুহে যি মন যায় তেনেকৈয়ে ভাবি লয়। সেয়ে গুজৱৰ পৰিৱৰ্তে প্ৰথমে যুক্তি বিচাৰ কৰা উচিত। ইউটিউবাৰেই হওক বা যিয়েই নহওক, এইধৰণৰ কথা ক’লেই আপুনি বিশ্বাস কৰি ল’ব? ইমান সহজ?”- তেওঁ কয়।

উল্লেখ্য যে টি২০ বিশ্বকাপৰ সময়ত উৰ্বশী অষ্ট্ৰেলিয়ালৈ গৈছিল। তাৰপাছতে ঋষভ পণ্টক উৰ্বশীয়ে বিৰক্ত কৰিছে বুলি অভিযোগ উত্থাপিত হৈছিল।

এই লৈ উৰ্বশীয়ে বৃহস্পতিবাৰে দুখ প্ৰকাশ কৰিছে। কয় যে বিনা দোষত তেওঁক কঠোৰ পৰিস্থিতৰ মাজলৈ লৈ যোৱা হৈছে।

“আমি সকলো সময়তে এই তুলনা দেখা পাওঁ যে ক্ৰিকেটাৰসকলৰ সন্মান অভিনেতাসকলতকৈ অনেক বেছি। ইয়াৰ কাৰণ কি? খেলুৱৈসকলে বেছি উপাৰ্জন কৰে বাবে নেকি?”- উৰ্বশীয়ে প্ৰশ্ন কৰে।

“মই ভাবো দেশৰ প্ৰতিনিধিত্ব যিসকলে কৰে তেওঁলোক সকলো গুৰুত্বপূৰ্ণ। মইও বহুবাৰ দেশৰ হৈ কিমান ঠাইলৈ গৈছো, এইসমূহ তুলনা কৰা হৈছে নে?”- উৰ্বশীয়ে কয়।

উৰ্বশীৰ দাবী কৰে যে সামাজিক মাধ্যম গালিগালাজ কৰাৰ মঞ্চ হৈ উঠিছে। ইয়াত ঘৃণা আৰু হিংসাৰ প্ৰচাৰৰ বাহিৰে আন কি হয়?- উৰ্বশীয়ে ক্ষোভ উজাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু