--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে কণ্ঠশিল্পী জুবিন নৌতিয়ালক লৈ এক অতি চাঞ্চল্যকৰ খবৰ চৰ্চালৈ আহিছিল।ঘৰত চিৰিৰ পৰা পৰি আহত হৈছিল জুবিন নৌতিয়াল। অৱশ্যে এতিয়া জুবিনৰ অনুৰাগীৰ বাবে এক সকাহৰ খবৰ আহিছে। অনুৰাগীৰ মৰম আৰু প্ৰাৰ্থনা কামত আহিল। জুবিন নৌতিয়াল এতিয়া আগৰ তুলনাত ভাল। এই তথ্য তেওঁ টুইট কৰি নিজেই জনাইছে।

অনুৰাগীসকলক জুবিন নৌতিয়ালক লৈ চিন্তিত হৈ থকা দেখা গৈছিল। সকলোৱে তেওঁৰ আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছিল। সকলোৰে প্ৰাৰ্থনা আৰু মৰমৰ প্ৰভাৱত এতিয়া তেওঁ ভালেই আছে। জুবিনে টুইট কৰি অনুৰাগীৰ সৈতে নিজৰ অৱস্থাৰ বিষয়ে জানিবলৈ দিছে। তেওঁ লিখে, ''আপোনালোকৰ মৰম- আশীৰ্বাদৰ বাবে ধন্যবাদ। ভগৱানে মোক চাই আছিল আৰু সেই মাৰাত্মক দুৰ্ঘটনাটোৰ পৰা মোক ৰক্ষা কৰিছিল। এতিয়া মই সুস্থ হৈ উঠিছো। আপোনালোকৰ অশেষ মৰম আৰু প্ৰাৰ্থনাৰ বাবে ধন্যবাদ।''

জুবিন নৌতিয়ালে নিজৰ সুস্থতাৰ কথা উল্লেখ কৰি এখন ফটোও পোষ্ট কৰিছে। ছবিখনত তেওঁক চিকিৎসালয়ৰ বিচনাত বহি থকা দেখা গৈছে। জুবিনৰ এখন হাতত বেণ্ডেজ লগোৱা আৰু আনখন হাতেৰে তেওঁক খাদ্য খোৱা দেখা গৈছে। ইমান আঘাত পোৱাৰ পাছতো জুবিনৰ মুখৰ ভাবটোৱে তেওঁৰ শক্তি ফুটাই তুলিছে। হয়তো আপোনজনৰ পৰাই তেওঁ এই শক্তি পাইছে।


চিৰিৰ পৰা পৰি জুবিনৰ কঁকাল ভাঙি যায়। কেৱল এয়াই নহয়, এই ঘটনাত তেওঁৰ মূৰ, কপাল আৰু শিৰাও আঘাতপ্ৰাপ্ত হয়। জুবিনক চিকিৎসাৰ বাবে মুম্বাইৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। এতিয়া ডিচচাৰ্জ হোৱাৰ পাছত গৃহ চহৰলৈ গৈছে। আপাততঃ চিকিৎসকে জুবিনক সোঁহাত ব্যৱহাৰ নকৰিবলৈ কৈছে।











FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু