--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে কণ্ঠশিল্পী জুবিন নৌতিয়ালক লৈ এক অতি চাঞ্চল্যকৰ খবৰ চৰ্চালৈ আহিছিল।ঘৰত চিৰিৰ পৰা পৰি আহত হৈছিল জুবিন নৌতিয়াল। অৱশ্যে এতিয়া জুবিনৰ অনুৰাগীৰ বাবে এক সকাহৰ খবৰ আহিছে। অনুৰাগীৰ মৰম আৰু প্ৰাৰ্থনা কামত আহিল। জুবিন নৌতিয়াল এতিয়া আগৰ তুলনাত ভাল। এই তথ্য তেওঁ টুইট কৰি নিজেই জনাইছে।

অনুৰাগীসকলক জুবিন নৌতিয়ালক লৈ চিন্তিত হৈ থকা দেখা গৈছিল। সকলোৱে তেওঁৰ আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছিল। সকলোৰে প্ৰাৰ্থনা আৰু মৰমৰ প্ৰভাৱত এতিয়া তেওঁ ভালেই আছে। জুবিনে টুইট কৰি অনুৰাগীৰ সৈতে নিজৰ অৱস্থাৰ বিষয়ে জানিবলৈ দিছে। তেওঁ লিখে, ''আপোনালোকৰ মৰম- আশীৰ্বাদৰ বাবে ধন্যবাদ। ভগৱানে মোক চাই আছিল আৰু সেই মাৰাত্মক দুৰ্ঘটনাটোৰ পৰা মোক ৰক্ষা কৰিছিল। এতিয়া মই সুস্থ হৈ উঠিছো। আপোনালোকৰ অশেষ মৰম আৰু প্ৰাৰ্থনাৰ বাবে ধন্যবাদ।''

জুবিন নৌতিয়ালে নিজৰ সুস্থতাৰ কথা উল্লেখ কৰি এখন ফটোও পোষ্ট কৰিছে। ছবিখনত তেওঁক চিকিৎসালয়ৰ বিচনাত বহি থকা দেখা গৈছে। জুবিনৰ এখন হাতত বেণ্ডেজ লগোৱা আৰু আনখন হাতেৰে তেওঁক খাদ্য খোৱা দেখা গৈছে। ইমান আঘাত পোৱাৰ পাছতো জুবিনৰ মুখৰ ভাবটোৱে তেওঁৰ শক্তি ফুটাই তুলিছে। হয়তো আপোনজনৰ পৰাই তেওঁ এই শক্তি পাইছে।


চিৰিৰ পৰা পৰি জুবিনৰ কঁকাল ভাঙি যায়। কেৱল এয়াই নহয়, এই ঘটনাত তেওঁৰ মূৰ, কপাল আৰু শিৰাও আঘাতপ্ৰাপ্ত হয়। জুবিনক চিকিৎসাৰ বাবে মুম্বাইৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। এতিয়া ডিচচাৰ্জ হোৱাৰ পাছত গৃহ চহৰলৈ গৈছে। আপাততঃ চিকিৎসকে জুবিনক সোঁহাত ব্যৱহাৰ নকৰিবলৈ কৈছে।











FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক