--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সৌসিদিনালৈ দেশৰ স্বল্প সংখ্যক লোকেহে তেওঁক চিনি পাইছিল৷ এতিয়া পিছে তেওঁ কেৱল দেশতে নহয়, বিশ্বৰ আন বহু দেশতো আলোচনা-সমালোচনাৰ মধ্যমণি হৈ পৰিছে৷ দেশত শেহতীয়াকৈ সৃষ্টি হোৱা সাম্প্ৰদায়িক উত্তেজনাৰ কেন্দ্ৰবিন্দু নুপূৰ শৰ্মাক  আৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰিলেও পিছে বিজেপিৰ অপসাৰিত নেত্ৰীগৰাকী আজি উচ্চতম ন্যায়ালয়ৰ দ্বাৰা বাৰুকৈয়ে সমালোচনাৰ সন্মুখীন হ’বলগীয়া হয়৷ 

পয়গম্বৰ হজৰত মহম্মদক লৈ এটা টেলিভিছন শ্ব’ত বিতৰ্কিত মন্তব্য কৰি দেশ- বিদেশত সমালোচিত হোৱা নুপূৰ শৰ্মাই তেওঁৰ বিৰুদ্ধে দেশৰ বিভিন্ন ৰাজ্যত  দাখিল কৰা গোচৰ প্ৰত্যাহাৰ কৰিবলৈ উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল৷

কিন্তু উচ্চতম ন্যায়ালয়ে নুপূৰ শৰ্মাক সকাহ দিয়াৰ সলনি  ভৰ্ৎসনাহে  কৰিলে। উল্লেখ্য হজৰত মহম্মদৰ বিষয়ে  বিতৰ্কিত মন্তব্য কৰাৰ পিছতে নুপূৰ শৰ্মাৰ  বিৰুদ্ধে বিভিন্ন ৰাজ্যৰ একাধিক স্থানত এজাহাৰ দাখিল কৰা হৈছে। কলকাতাৰ দুখন আৰক্ষী থানাতো অভিযোগ দাখিল কৰা হৈছে। কিন্তু বিভিন্ন অজুহাত দেখুৱাই নুপূৰ শৰ্মাই দেশৰ কোনো এখন থানাতে হাজিৰ হোৱা নাই৷ 

ইয়াৰ বিপৰীতে  নুপুৰ শৰ্মাই উচ্চতম ন্যায়ালয়ত তেওঁৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰ প্ৰত্যাহাৰ কৰিবলৈ আবেদন জনায়৷ আবেদনত তেওঁ কয় যে তেওঁৰ (নুপূৰ শৰ্মা)ৰ  জীৱনৰ প্ৰতি ভাবুকি আহি পৰিছে। তেনে পৰিস্থিতিত তেওঁ আন কোনো ৰাজ্যলৈ গৈ থানাত হাজিৰ হোৱাটো সম্ভৱ নহয়৷ সেয়ে তেওঁৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰ খাৰিজ কৰিব লাগে৷ কিন্তু  উচ্চতম ন্যায়ালয়ে অপসাৰিত বিজেপি নেত্ৰীগৰাকীক সকাহ দিয়াৰ পৰিৱৰ্তে ককৰ্থনা কৰি কয় যে নুপুৰ শৰ্মাৰ দায়িত্বহীন মন্তব্যৰ বাবেই দেশৰ এনে পৰিস্থিতি হৈছে।

 বিতৰ্কিত মন্তব্য কৰাৰ পিছত তেওঁ বহু পলমকৈ ক্ষমা বিচাৰিছিল। তেওঁ এতিয়া ৰাজহুৱাভাৱে ক্ষমা বিচাৰিব লাগে। আদালতে আজি নুপূৰ শৰ্মাৰ আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈও অস্বীকাৰ কৰে৷ 

উল্লেখ্য টেলিভিছনৰ টক শ্ব’ত নুপূৰ শৰ্মাই  পয়গম্বৰ হজৰত মহম্মদৰ বিৰুদ্ধে মন্তব্য কৰাৰ পিছতে ভাৰতকে ধৰি মধ্য প্ৰাচ্যৰ কেইবা খনো দেশত তীব্ৰ প্ৰতিবাদ হৈছিল৷এনে প্ৰতিবাদৰ ফলতে কেৱল ভাৰততে একাধিক লোকৰ মৃত্যু ঘটিছে, ধ্বংস হৈছে বহু ৰাজহুৱা সম্পত্তি৷মধ্য প্ৰাচ্যৰ কেইবা খনো দেশে ভাৰত চৰকাৰক বিষয়টোক কেন্দ্ৰ কৰি তীব্ৰ সমালোচনা কৰিছিল৷

 ভাৰতে মূলতঃ তেল আমদানি কৰা ইছলামিক দেশ সমূহৰ ক্ষোভ প্ৰশমিত কৰিবলৈ বিজেপি নেত্ৰী নুপূৰ শৰ্মা আৰু নবীন জিন্দালক দলৰ প্ৰাথমিক সদস্য পদৰ পৰাও বহিস্কাৰ কৰিছিল৷ 



FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ