--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বৰ প্ৰায় ৫০ শতাংশ লোক মূৰৰ বিষৰ সমস্যাৰ সন্মুখীন হয়। কিছুমান মূৰৰ বিষ সামান্য যিবোৰ ঘৰুৱা ঔষধৰ সহায়ত নিৰাময় কৰিব পাৰি, কিন্তু কিছুমান মূৰৰ বিষ আছে যিবোৰ নিৰাময় কৰিবলৈ চিকিৎসাৰ প্ৰয়োজন হয়। যদি আপুনি মূৰৰ বিষৰ লগতে অস্পষ্ট দৃষ্টিশক্তি, চকুৰে ধোঁৱা-ধোঁৱা দেখা বা বমিৰ দৰে লক্ষণ দেখা পায়, তেন্তে আপুনি চিকিৎসকৰ সৈতে যোগাযোগ কৰাটো অতি প্ৰয়োজন। যদি কোনো ব্যক্তিৰ হঠাতে তীব্ৰ মূৰৰ বিষ হয় আৰু শৰীৰৰ এফালে দুৰ্বলতা হয়, তেন্তে তেওঁক তাৎক্ষণিক জৰুৰীকালীন যত্নৰ প্ৰয়োজন।

যদি আপোনাৰ মূৰৰ বাওঁফালে বিষ হয়, তেন্তে সাৱধান হোৱা উচিত। বাওঁফালে কিছুমান ধৰণৰ মূৰৰ বিষ হয় যিবোৰৰ ভিতৰত মাইগ্ৰেইন, ক্লাষ্টাৰ মূৰৰ বিষ অন্তৰ্ভূক্ত। মূৰৰ বিষ বাওঁফালে হলে হব পাৰে এনে ৰোগৰ লক্ষণ।

১)মগজুৰ টিউমাৰ
২)মগজুৰ আঘাত
৩)মগজুৰ সংক্ৰমণ
এনে ধৰণৰ সমস্যাত মানুহৰ সাধাৰণতে বাওঁফালে মূৰৰ বিষ হয়।

বিষ কেতিয়াবা হ'লে চিন্তাৰ কোনো কাৰণ নাথাকে কিন্তু সঘনাই হৈ থাকিলে চিকিৎসকৰ কাষ চপাটো অতি প্ৰয়োজন।

বহু সময়ত পেইন কিলাৰ বা অন্যান্য দ্ৰব্য সেৱন কৰি মানুহে মূৰৰ বিষৰ সমস্যাৰ পৰা পৰিত্ৰাণ পায়। কিন্তু সাধাৰণ মূৰৰ বিষৰ পৰা আপুনি নিজে কিছুমান উপায় প্ৰয়োগ কৰি পৰিত্ৰাণ পাব পাৰে। যেনে-

১)মানসিক চাপৰ পৰা আঁতৰত থাকক।
২)যথেষ্ট টোপনি মাৰক।
৩)কম পোহৰত কাম নকৰিব।
৪)কম পোহৰত কিতাপ নপঢ়িব।
৫)মোবাইল, কম্পিউটাৰ বেছি দেৰি নাচাব। 
৬)মূৰৰ বিষৰ সূচনা কৰিব পৰা বস্তুৰ পৰা আঁতৰি থাকক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ সাংস্কৃতিক জগত উকা কৰি বৈকুণ্ঠলৈ গমন কৰিলে নাগাৰা নামৰ সম্ৰাট ৰামচৰণ ভড়ালীয়ে
'পৰ্ণ' বজাৰত বিক্ৰী প্ৰসূতিৰ গোপন ছবি, দেশৰ জঘন্যতম চাইবাৰ অপৰাধ ফাদিল
লিভাৰ বেয়া হোৱাৰ ১৪টা লক্ষণ; জানি লওক আৰু সাৱধান হওক
বচ্চন পৰিয়ালত আৰ্থিক সমস্যা ! অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট
নিলম্বন কৰা হ'ল হাফলং উপকাৰাগাৰৰ 'Jailer' আৰু 'Warder'ক
আকৌ উন্মোচন মহম্মদ ইউনুছৰ ভাৰত-বিৰোধী ব্লুপ্রিন্ট, অসমসহ উত্তৰ-পূৰ্বাঞ্চলক সামৰি এখন বৃহত্তৰ বাংলাদেশৰ পৰিকল্পনা
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা!  দুজনৰ অৱস্থা সংকটজনক