--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বৰ প্ৰায় ৫০ শতাংশ লোক মূৰৰ বিষৰ সমস্যাৰ সন্মুখীন হয়। কিছুমান মূৰৰ বিষ সামান্য যিবোৰ ঘৰুৱা ঔষধৰ সহায়ত নিৰাময় কৰিব পাৰি, কিন্তু কিছুমান মূৰৰ বিষ আছে যিবোৰ নিৰাময় কৰিবলৈ চিকিৎসাৰ প্ৰয়োজন হয়। যদি আপুনি মূৰৰ বিষৰ লগতে অস্পষ্ট দৃষ্টিশক্তি, চকুৰে ধোঁৱা-ধোঁৱা দেখা বা বমিৰ দৰে লক্ষণ দেখা পায়, তেন্তে আপুনি চিকিৎসকৰ সৈতে যোগাযোগ কৰাটো অতি প্ৰয়োজন। যদি কোনো ব্যক্তিৰ হঠাতে তীব্ৰ মূৰৰ বিষ হয় আৰু শৰীৰৰ এফালে দুৰ্বলতা হয়, তেন্তে তেওঁক তাৎক্ষণিক জৰুৰীকালীন যত্নৰ প্ৰয়োজন।

যদি আপোনাৰ মূৰৰ বাওঁফালে বিষ হয়, তেন্তে সাৱধান হোৱা উচিত। বাওঁফালে কিছুমান ধৰণৰ মূৰৰ বিষ হয় যিবোৰৰ ভিতৰত মাইগ্ৰেইন, ক্লাষ্টাৰ মূৰৰ বিষ অন্তৰ্ভূক্ত। মূৰৰ বিষ বাওঁফালে হলে হব পাৰে এনে ৰোগৰ লক্ষণ।

১)মগজুৰ টিউমাৰ
২)মগজুৰ আঘাত
৩)মগজুৰ সংক্ৰমণ
এনে ধৰণৰ সমস্যাত মানুহৰ সাধাৰণতে বাওঁফালে মূৰৰ বিষ হয়।

বিষ কেতিয়াবা হ'লে চিন্তাৰ কোনো কাৰণ নাথাকে কিন্তু সঘনাই হৈ থাকিলে চিকিৎসকৰ কাষ চপাটো অতি প্ৰয়োজন।

বহু সময়ত পেইন কিলাৰ বা অন্যান্য দ্ৰব্য সেৱন কৰি মানুহে মূৰৰ বিষৰ সমস্যাৰ পৰা পৰিত্ৰাণ পায়। কিন্তু সাধাৰণ মূৰৰ বিষৰ পৰা আপুনি নিজে কিছুমান উপায় প্ৰয়োগ কৰি পৰিত্ৰাণ পাব পাৰে। যেনে-

১)মানসিক চাপৰ পৰা আঁতৰত থাকক।
২)যথেষ্ট টোপনি মাৰক।
৩)কম পোহৰত কাম নকৰিব।
৪)কম পোহৰত কিতাপ নপঢ়িব।
৫)মোবাইল, কম্পিউটাৰ বেছি দেৰি নাচাব। 
৬)মূৰৰ বিষৰ সূচনা কৰিব পৰা বস্তুৰ পৰা আঁতৰি থাকক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ