--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহু সময়ত আমি অতি সাধাৰণ খাদ্যৰ গুৰুত্ব বুজি নাপাওঁ। বহুতো গুৰুতৰ ৰোগৰ পৰা আমাক ৰক্ষা কৰিব পৰা গুণ থাকে সাধাৰণ খাদ্যৰ। কেঁচা জলকীয়া আমাৰ সকলোৰে অতি চিনাকি পাচলি। যিকোনো ৰন্ধা-বঢ়াত কেঁচা জলকীয়া অতি প্ৰয়োজনীয়। নিৰামিষ আৰু আমিষ সকলো ব্যঞ্জনতে কেঁচা জলকীয়াৰ ব্যৱহাৰ হয়। কেঁচা জলকীয়া এটা-দুটা কাঁহীৰ কাষত লোৱাটো আমাৰ মাজৰ বহুতৰে অভ্যাস। কেঁচা জলকীয়াৰ আছে যথেষ্ট উপকাৰীতা। 

আপোনালোকে জানেনে, কেঁচা জলকীয়া প্ৰচুৰ পৰিমাণে ভিটামিন 'চি’ৰে সমৃদ্ধ। কেৱল ভিটামিন 'চিয়েই নহয়, ইয়াত ভিটামিন “বি৬", ভিটামিন এ, আইৰণ, কপাৰ, পটাছিয়াম তথা শর্কৰাও থাকে- যি আমাৰ শৰীৰৰ বাবে অতি প্ৰয়োজনীয়। কেঁচা জলকীয়াত কেপছেইকিন নামৰ এক উপাদান থাকে, যাৰ বাবেই ইয়াৰ সোৱাদ জ্বলা হয়। তদুপৰি ই ডায়েটাৰী ফাইবাৰেৰেও পৰিপূৰ্ণ, যি আমাৰ হজম শক্তিৰ বাবে অতি উপকাৰী। কেঁচা জলকীয়াৰ অন্য কিছু স্বাস্থ্যসন্মত উপকাৰিতাৰ বিষয়ে তলত উল্লেখ কৰা হ’ল-

১)উজ্জ্বল ছাল: কেঁচা জলকীয়াই ছাল সুস্থ আৰু সুন্দৰ কৰি তোলাত অতি উপকাৰী ভূমিকা পালন কৰে। ইয়াত থকা ভিটামিন 'চিয়ে মূলতঃ ছাল স্বাস্থ্যকৰ আৰু উজ্জ্বল কৰি ৰাখে।

২)হজম শক্তি বৃদ্ধি কৰে: কেঁচা জলকীয়াই ব্যক্তিৰ হজম শক্তি বৃদ্ধি কৰে। ভিটামিন ‘চি’ৰ আধিক্যৰ বাবেই দৈনিক আহাৰৰ সৈতে কেঁচা জলকীয়া খালে আহাৰ সোনকালে হজম হয়। সেউজীয়া জলকীয়াত অধিক পৰিমাণে এন্টিঅক্সিডেন্ট থাকে যিয়ে পাচনত সহায় কৰে।

৩)ওজন নিয়ন্ত্ৰণ কৰে: শৰীৰত থকা অতিৰিক্ত চৰ্বি গলাবলৈ ই সহায় কৰে, গতিকে ওজন কমাবলৈ কেঁচা মৰিচা অতি ফলপ্ৰসূ। লগতে ই বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰে।

৪)ডায়েবেটিছঃ ডায়েবেটিছ ৰোগীৰ খাদ্যত কেঁচা জলকীয়া অন্তৰ্ভুক্ত কৰিব লাগে। কাৰণ ই চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰিব পাৰে।

৫)কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস কৰে: কেঁচা জলকীয়াত এন্টি অক্সিডেন্ট থাকে, যিয়ে শৰীৰক ফ্ৰী ৰেডিকেলৰ পৰা ৰক্ষা কৰে। ইয়াৰ উপৰিও পুৰুষৰ প্ৰষ্টেট কেন্সাৰৰ সম্ভাৱনা হ্ৰাস কৰাত সেউজীয়া জলকীয়া অতি ফলপ্ৰসূ। লগতে সেউজীয়া জলকীয়া খালে নানান স্নায়ুৰ সমস্যা কমি যায়।

৬)এষ্টিঅ'পেৰ'ছিছঃ কেঁচা জলকীয়া ভিটামিন ‘কে’ ৰে পৰিপূৰ্ণ। ই এষ্টিঅ'পেৰ'ছিছৰ সম্ভাৱনা ৰোধ কৰাত সহায় কৰে।

৭)বিষ উপশমঃ কেঁচা জলকীয়া খালে বিষ উপশম হয়। ইয়াত থকা এণ্ডৰফিন নামৰ উপাদানে সেই কাৰ্যত সহায় কৰে।

৮)ছালৰ সংক্রমণ ৰোধঃ কেঁচা জলকীয়াৰ এণ্টিবেক্টেৰিয়েল উপাদানে ছালৰ বিভিন্ন ধৰণৰ সংক্রমণ ৰোধ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

গতিকে কেঁচা জলকীয়াৰ গুৰুত্ব কিমান বেছি দেখিলেনে? 





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ সাংস্কৃতিক জগত উকা কৰি বৈকুণ্ঠলৈ গমন কৰিলে নাগাৰা নামৰ সম্ৰাট ৰামচৰণ ভড়ালীয়ে
'পৰ্ণ' বজাৰত বিক্ৰী প্ৰসূতিৰ গোপন ছবি, দেশৰ জঘন্যতম চাইবাৰ অপৰাধ ফাদিল
লিভাৰ বেয়া হোৱাৰ ১৪টা লক্ষণ; জানি লওক আৰু সাৱধান হওক
বচ্চন পৰিয়ালত আৰ্থিক সমস্যা ! অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট
নিলম্বন কৰা হ'ল হাফলং উপকাৰাগাৰৰ 'Jailer' আৰু 'Warder'ক
আকৌ উন্মোচন মহম্মদ ইউনুছৰ ভাৰত-বিৰোধী ব্লুপ্রিন্ট, অসমসহ উত্তৰ-পূৰ্বাঞ্চলক সামৰি এখন বৃহত্তৰ বাংলাদেশৰ পৰিকল্পনা
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা!  দুজনৰ অৱস্থা সংকটজনক