--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহু সময়ত আমি অতি সাধাৰণ খাদ্যৰ গুৰুত্ব বুজি নাপাওঁ। বহুতো গুৰুতৰ ৰোগৰ পৰা আমাক ৰক্ষা কৰিব পৰা গুণ থাকে সাধাৰণ খাদ্যৰ। কেঁচা জলকীয়া আমাৰ সকলোৰে অতি চিনাকি পাচলি। যিকোনো ৰন্ধা-বঢ়াত কেঁচা জলকীয়া অতি প্ৰয়োজনীয়। নিৰামিষ আৰু আমিষ সকলো ব্যঞ্জনতে কেঁচা জলকীয়াৰ ব্যৱহাৰ হয়। কেঁচা জলকীয়া এটা-দুটা কাঁহীৰ কাষত লোৱাটো আমাৰ মাজৰ বহুতৰে অভ্যাস। কেঁচা জলকীয়াৰ আছে যথেষ্ট উপকাৰীতা। 

আপোনালোকে জানেনে, কেঁচা জলকীয়া প্ৰচুৰ পৰিমাণে ভিটামিন 'চি’ৰে সমৃদ্ধ। কেৱল ভিটামিন 'চিয়েই নহয়, ইয়াত ভিটামিন “বি৬", ভিটামিন এ, আইৰণ, কপাৰ, পটাছিয়াম তথা শর্কৰাও থাকে- যি আমাৰ শৰীৰৰ বাবে অতি প্ৰয়োজনীয়। কেঁচা জলকীয়াত কেপছেইকিন নামৰ এক উপাদান থাকে, যাৰ বাবেই ইয়াৰ সোৱাদ জ্বলা হয়। তদুপৰি ই ডায়েটাৰী ফাইবাৰেৰেও পৰিপূৰ্ণ, যি আমাৰ হজম শক্তিৰ বাবে অতি উপকাৰী। কেঁচা জলকীয়াৰ অন্য কিছু স্বাস্থ্যসন্মত উপকাৰিতাৰ বিষয়ে তলত উল্লেখ কৰা হ’ল-

১)উজ্জ্বল ছাল: কেঁচা জলকীয়াই ছাল সুস্থ আৰু সুন্দৰ কৰি তোলাত অতি উপকাৰী ভূমিকা পালন কৰে। ইয়াত থকা ভিটামিন 'চিয়ে মূলতঃ ছাল স্বাস্থ্যকৰ আৰু উজ্জ্বল কৰি ৰাখে।

২)হজম শক্তি বৃদ্ধি কৰে: কেঁচা জলকীয়াই ব্যক্তিৰ হজম শক্তি বৃদ্ধি কৰে। ভিটামিন ‘চি’ৰ আধিক্যৰ বাবেই দৈনিক আহাৰৰ সৈতে কেঁচা জলকীয়া খালে আহাৰ সোনকালে হজম হয়। সেউজীয়া জলকীয়াত অধিক পৰিমাণে এন্টিঅক্সিডেন্ট থাকে যিয়ে পাচনত সহায় কৰে।

৩)ওজন নিয়ন্ত্ৰণ কৰে: শৰীৰত থকা অতিৰিক্ত চৰ্বি গলাবলৈ ই সহায় কৰে, গতিকে ওজন কমাবলৈ কেঁচা মৰিচা অতি ফলপ্ৰসূ। লগতে ই বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰে।

৪)ডায়েবেটিছঃ ডায়েবেটিছ ৰোগীৰ খাদ্যত কেঁচা জলকীয়া অন্তৰ্ভুক্ত কৰিব লাগে। কাৰণ ই চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰিব পাৰে।

৫)কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস কৰে: কেঁচা জলকীয়াত এন্টি অক্সিডেন্ট থাকে, যিয়ে শৰীৰক ফ্ৰী ৰেডিকেলৰ পৰা ৰক্ষা কৰে। ইয়াৰ উপৰিও পুৰুষৰ প্ৰষ্টেট কেন্সাৰৰ সম্ভাৱনা হ্ৰাস কৰাত সেউজীয়া জলকীয়া অতি ফলপ্ৰসূ। লগতে সেউজীয়া জলকীয়া খালে নানান স্নায়ুৰ সমস্যা কমি যায়।

৬)এষ্টিঅ'পেৰ'ছিছঃ কেঁচা জলকীয়া ভিটামিন ‘কে’ ৰে পৰিপূৰ্ণ। ই এষ্টিঅ'পেৰ'ছিছৰ সম্ভাৱনা ৰোধ কৰাত সহায় কৰে।

৭)বিষ উপশমঃ কেঁচা জলকীয়া খালে বিষ উপশম হয়। ইয়াত থকা এণ্ডৰফিন নামৰ উপাদানে সেই কাৰ্যত সহায় কৰে।

৮)ছালৰ সংক্রমণ ৰোধঃ কেঁচা জলকীয়াৰ এণ্টিবেক্টেৰিয়েল উপাদানে ছালৰ বিভিন্ন ধৰণৰ সংক্রমণ ৰোধ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

গতিকে কেঁচা জলকীয়াৰ গুৰুত্ব কিমান বেছি দেখিলেনে? 





FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ