--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আপোনাৰ বেংক একাউণ্টত ২ কোটি টকা আছে নেকি? ২ কোটি টকাৰে আপুনি এতিয়াৰে পৰা এখন গাঁও ক্ৰয় কৰিব পাৰিব। গাঁওখন আছে স্পেইনৰ এটা অঞ্চলত।

শুনিবলৈ আচৰিত লাগিলেও স্পেইনৰ পটুৰ্গাল সীমান্তৰ কাষৰীয়া জামোৰা প্ৰদেশৰ চাল্ট’ ডি কাষ্ট্ৰ’ নামৰ গাওঁখন বিক্ৰী কৰিবলৈ লোৱা হৈছে। বৰ্তমান পৰিত্যক্ত অৱস্থাত থকা গাওঁখনত ৩০ বছৰ ধৰি কোনো লোকে বাস কৰা নাই। সেইবাবেই মাত্ৰ ২ লাখ ২৭ হাজাৰ ইউৰোত বিক্ৰী কৰিবলৈ লোৱা হৈছে। ভাৰতীয় হিচাপত ইয়াৰ মূল্য ২ কোটি ১৬ লাখ ৮৭ হাজাৰ ৮৩১ টকা।

গাওঁখন পৰিত্যক্ত যদিও তাত ৪৪টা ঘৰ, এখন হোটেল, এটা গীৰ্জা, এখন স্কুল, এটা চৰকাৰী চুইমিং পুল, এটা নিৰাপত্তাৰক্ষীৰ সেনা চাউনি আছে। সমূহ সম্পত্তি মিলাই মাত্ৰ ২ কোটি টকাত গাওঁখন বিক্ৰী কৰিবলৈ লোৱা হৈছে।

২০০০ চনত এগৰাকী উদ্যোগপতিয়ে গাওঁখন ক্ৰয় কৰিছিল। গাঁওখনক পৰ্যটন কেন্দ্ৰ হিচাপে পৰিণত কৰাৰ কথা ভাবিছিল তেওঁ। কিন্তু ২০০৮ চনত দেখা দিয়া ইউৰোপৰ আৰ্থিক মন্দাৱস্থাৰ বাবে সেই পৰিকল্পনা আধৰুৱা হিচাপে থাকি গ’ল তেওঁৰ।

এতিয়া এটা ৱেবচাইটযোগে গাঁওখন বিক্ৰী কৰাৰ বিজ্ঞাপন দিছে তেওঁ। ৮০ বছৰ বয়সীয়া উদ্যোগতিগৰাকীয়ে জনাইছে গাঁওখন ৰক্ষণাবেক্ষণ দিবলৈ তেওঁ অক্ষম।

যদিও গাঁওখনৰ মূল্য ২ কোটি ধাৰ্য কৰা হৈছে, ক্ৰয় কৰাৰ পাছত গাঁওখন বাসযোগ্য কৰি তুলিবলৈ অনেক টকা খৰচ হ’ব। ইয়াৰ পৰিমাণ ১৬ কোটি ৬৮ লাখ ২৯ হাজাৰ ৪৬৫ টকা বুলি উদ্যোগপতিগৰাকীয়ে জনাইছে।

বিজ্ঞাপনটো দেখাৰ পাছতে অনেক লোকে আগ্ৰহ প্ৰকাশ কৰিছে। সংবাদ মাধ্যমৰ মতে, বিক্ৰীৰ প্ৰক্ৰিয়া ইতিমধ্যে অনেক দূৰ আগুৱাই গৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক