--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আপোনাৰ বেংক একাউণ্টত ২ কোটি টকা আছে নেকি? ২ কোটি টকাৰে আপুনি এতিয়াৰে পৰা এখন গাঁও ক্ৰয় কৰিব পাৰিব। গাঁওখন আছে স্পেইনৰ এটা অঞ্চলত।

শুনিবলৈ আচৰিত লাগিলেও স্পেইনৰ পটুৰ্গাল সীমান্তৰ কাষৰীয়া জামোৰা প্ৰদেশৰ চাল্ট’ ডি কাষ্ট্ৰ’ নামৰ গাওঁখন বিক্ৰী কৰিবলৈ লোৱা হৈছে। বৰ্তমান পৰিত্যক্ত অৱস্থাত থকা গাওঁখনত ৩০ বছৰ ধৰি কোনো লোকে বাস কৰা নাই। সেইবাবেই মাত্ৰ ২ লাখ ২৭ হাজাৰ ইউৰোত বিক্ৰী কৰিবলৈ লোৱা হৈছে। ভাৰতীয় হিচাপত ইয়াৰ মূল্য ২ কোটি ১৬ লাখ ৮৭ হাজাৰ ৮৩১ টকা।

গাওঁখন পৰিত্যক্ত যদিও তাত ৪৪টা ঘৰ, এখন হোটেল, এটা গীৰ্জা, এখন স্কুল, এটা চৰকাৰী চুইমিং পুল, এটা নিৰাপত্তাৰক্ষীৰ সেনা চাউনি আছে। সমূহ সম্পত্তি মিলাই মাত্ৰ ২ কোটি টকাত গাওঁখন বিক্ৰী কৰিবলৈ লোৱা হৈছে।

২০০০ চনত এগৰাকী উদ্যোগপতিয়ে গাওঁখন ক্ৰয় কৰিছিল। গাঁওখনক পৰ্যটন কেন্দ্ৰ হিচাপে পৰিণত কৰাৰ কথা ভাবিছিল তেওঁ। কিন্তু ২০০৮ চনত দেখা দিয়া ইউৰোপৰ আৰ্থিক মন্দাৱস্থাৰ বাবে সেই পৰিকল্পনা আধৰুৱা হিচাপে থাকি গ’ল তেওঁৰ।

এতিয়া এটা ৱেবচাইটযোগে গাঁওখন বিক্ৰী কৰাৰ বিজ্ঞাপন দিছে তেওঁ। ৮০ বছৰ বয়সীয়া উদ্যোগতিগৰাকীয়ে জনাইছে গাঁওখন ৰক্ষণাবেক্ষণ দিবলৈ তেওঁ অক্ষম।

যদিও গাঁওখনৰ মূল্য ২ কোটি ধাৰ্য কৰা হৈছে, ক্ৰয় কৰাৰ পাছত গাঁওখন বাসযোগ্য কৰি তুলিবলৈ অনেক টকা খৰচ হ’ব। ইয়াৰ পৰিমাণ ১৬ কোটি ৬৮ লাখ ২৯ হাজাৰ ৪৬৫ টকা বুলি উদ্যোগপতিগৰাকীয়ে জনাইছে।

বিজ্ঞাপনটো দেখাৰ পাছতে অনেক লোকে আগ্ৰহ প্ৰকাশ কৰিছে। সংবাদ মাধ্যমৰ মতে, বিক্ৰীৰ প্ৰক্ৰিয়া ইতিমধ্যে অনেক দূৰ আগুৱাই গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
উৰিয়ামঘাটত সর্ববৃহৎ উচ্ছেদ অভিযান আৰম্ভ
মহানগৰীত জমেটোৰ উত্তৰ-পূৱৰ মেনেজাৰ মনীষ লহকৰৰ আত্মহত্যা
ভাৰতীয় দলত একাধিক পৰিবৰ্তনৰ সম্ভাৱনা
মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিৰূপ মন্তব্য! অখিল গগৈৰ বিৰুদ্ধে এজাহাৰ দাখিল হিন্দু যুৱ ছাত্ৰ পৰিষদৰ
ৰূপহীহাটৰ SI বিষ্ণু দাসৰ বিৰুদ্ধে ধন লোৱাৰ অভিযোগ
এইকেইটা বস্তু পেটৰ বাবে বৰদান! জানি লওক
টিংখাঙত দুই ভাতৃক দাৰে ঘপিয়াই হত্যাৰ চেষ্টা বিশ্বজিৎ ভূঞা নামৰ এজন যুৱকৰ
AFC মহিলা এছিয়ান কাপ ফুটবলত ভাৰতৰ প্ৰথম প্ৰতিদ্বন্দ্বী হ'ব ভিয়েটনাম