--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ককায়েক-ভণীয়েকৰ মাজত হোৱা এখন বিয়াই শেহতীয়াকৈ তীব্ৰ চৰ্চা লাভ কৰিছে। এই কাণ্ড সংঘটিত হৈছে ফিনলেণ্ডত। এগৰাকী যুৱতী মাটিল্ডা এৰিকচনে তেওঁৰ সতীয়া ককায়েকৰ স’তে বিবাহপাশত আৱদ্ধ হৈছে।

জানিব পৰামতে, মাটিল্ডা ফিনলেণ্ডৰ এস্প’ নামৰ ঠাইখনৰ বাসিন্দা। ২০১৮ চনত মাটিল্ডা আৰু তেওঁৰ ককায়েক ছামুলী এৰিকচনৰ মাজত প্ৰেম হয়।

অৱশ্যে ছামুলী তেওঁৰ সতীয়া ককায়েকহে আছিল। মাটিল্ডাৰ মাকে দুবাৰকৈ বিবাহপাশত আৱদ্ধ হৈছিল। সেয়ে মাটিল্ডা আৰু ছামুলী মাকৰ দুটা পৃথক বিবাহৰ ফচল। অৰ্থাৎ দুয়োৰে দেউতাক একেজন নহয়।

২০১৮ চনত মাকৰ ৫০ তম জন্মদিনত দুয়োৱে মুখামুখি হয়। দুয়োৱে দুয়োৰে প্ৰতি তীব্ৰ আকৰ্ষণবোধ কৰে। বন্ধুত্বৰ পাছত প্ৰেম হয়।

অৱশেষত যোৱা অক্টোবৰ মাহত দুয়োৰে বিয়া হৈ যায়। দম্পত্তিটোৰ দাবী যে তেওঁলোকৰ বিয়াত ঘৰৰ সকলো সুখী।

কিন্তু সামাজিক মাধ্যমত তেওঁলোকৰ বিয়াৰ ফটোসমূহ দেখাৰ লগে লগে অনেক লোকে নিন্দা কৰিছে। টিকটকত মাটিল্ডাই হনিমুনৰ এটা ভিডিঅ’ প’ষ্ট কৰাৰ লগে লগে শুভেচ্ছা অভিনন্দনৰ সলনি তেওঁলোকক ‘মানসিকভাৱে অসুস্থ’ বুলি কোৱা হৈছে।

সমালোচনাৰ জোৱাৰ উঠাৰ পাছতো মাটিল্ডা আৰু ছামুলীয়ে এইসমূহ বিশেষ গুৰুত্ব দিয়া নাই। মাটিল্ডাই কৈছে যে তেওঁলোকৰ মাকেই এই বিষয়ত আপত্তি কৰা নাই, তেনেস্থলত সমালোচকসকল কোন!

তেওঁলোকে জনায় যে ইতিমধ্যে আইনজীৱীসকলৰ স’তে কথা বতৰা পতা হৈছে। সেয়ে ভৱিষ্যতে আইনী জটিলতাৰ মাজত তেওঁলোক সোমোৱাৰ সম্ভাৱনা নাই!

 







FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক