--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ককায়েক-ভণীয়েকৰ মাজত হোৱা এখন বিয়াই শেহতীয়াকৈ তীব্ৰ চৰ্চা লাভ কৰিছে। এই কাণ্ড সংঘটিত হৈছে ফিনলেণ্ডত। এগৰাকী যুৱতী মাটিল্ডা এৰিকচনে তেওঁৰ সতীয়া ককায়েকৰ স’তে বিবাহপাশত আৱদ্ধ হৈছে।

জানিব পৰামতে, মাটিল্ডা ফিনলেণ্ডৰ এস্প’ নামৰ ঠাইখনৰ বাসিন্দা। ২০১৮ চনত মাটিল্ডা আৰু তেওঁৰ ককায়েক ছামুলী এৰিকচনৰ মাজত প্ৰেম হয়।

অৱশ্যে ছামুলী তেওঁৰ সতীয়া ককায়েকহে আছিল। মাটিল্ডাৰ মাকে দুবাৰকৈ বিবাহপাশত আৱদ্ধ হৈছিল। সেয়ে মাটিল্ডা আৰু ছামুলী মাকৰ দুটা পৃথক বিবাহৰ ফচল। অৰ্থাৎ দুয়োৰে দেউতাক একেজন নহয়।

২০১৮ চনত মাকৰ ৫০ তম জন্মদিনত দুয়োৱে মুখামুখি হয়। দুয়োৱে দুয়োৰে প্ৰতি তীব্ৰ আকৰ্ষণবোধ কৰে। বন্ধুত্বৰ পাছত প্ৰেম হয়।

অৱশেষত যোৱা অক্টোবৰ মাহত দুয়োৰে বিয়া হৈ যায়। দম্পত্তিটোৰ দাবী যে তেওঁলোকৰ বিয়াত ঘৰৰ সকলো সুখী।

কিন্তু সামাজিক মাধ্যমত তেওঁলোকৰ বিয়াৰ ফটোসমূহ দেখাৰ লগে লগে অনেক লোকে নিন্দা কৰিছে। টিকটকত মাটিল্ডাই হনিমুনৰ এটা ভিডিঅ’ প’ষ্ট কৰাৰ লগে লগে শুভেচ্ছা অভিনন্দনৰ সলনি তেওঁলোকক ‘মানসিকভাৱে অসুস্থ’ বুলি কোৱা হৈছে।

সমালোচনাৰ জোৱাৰ উঠাৰ পাছতো মাটিল্ডা আৰু ছামুলীয়ে এইসমূহ বিশেষ গুৰুত্ব দিয়া নাই। মাটিল্ডাই কৈছে যে তেওঁলোকৰ মাকেই এই বিষয়ত আপত্তি কৰা নাই, তেনেস্থলত সমালোচকসকল কোন!

তেওঁলোকে জনায় যে ইতিমধ্যে আইনজীৱীসকলৰ স’তে কথা বতৰা পতা হৈছে। সেয়ে ভৱিষ্যতে আইনী জটিলতাৰ মাজত তেওঁলোক সোমোৱাৰ সম্ভাৱনা নাই!

 






FOLLOW US F
POPULAR
FEATURE
TRENDY
মাৰ্ঘেৰিটাৰ পৰা ৰহস্যজনকভাৱে নিৰুদ্দিষ্ট এজন সেনা জোৱান
'ককাদেউতা নাতি আৰু হাতী ২'ৰ প'ষ্টাৰ-ল'গ' মুকলি
ভাৰতৰ বিৰুদ্ধে এইবাৰ ৫০ শতাংশ শুল্ক ঘোষণা ট্রাম্পৰ
অসমীয়া জাতিক নিঃশেষ কৰিব খুজিলে পৰিস্থিতি বেয়া হ'ব, মুখ্যমন্ত্ৰীৰ পুনৰ সকীয়নি
৭ বছৰৰ মূৰত চীনলৈ যাব মোদী
'উচ্ছেদৰ পাছতে আমাক লাগিব নেঘেৰিবিল, পূৰ্বপুৰুষৰ ভূমি ঘূৰাই লাগিবই': অসমক হুংকাৰ দিলে নগাই
হাস্পতালৰ ৱাৰ্ডগাৰ্লৰ সৈতে অসংযত অৱস্থাত ধৰা পৰিল ASI সঞ্জীৱ গয়াৰী
অবৈধ কয়লাৰ কোটি কোটি টকাৰ ব্যৱসায় চলি আছে অসমত
তিনিচুকীয়া ৰে’লৱে ষ্টেচনত উদ্ধাৰ মানৱ সৰবৰাহকাৰীৰ ভয়ংকৰ ৰেকেট
বড়োলেণ্ড এফ চিৰ জয়, বিদায় কাৰ্বি আংলং মৰ্ণিং ষ্টাৰৰ
মেঘালয়ৰ হত্যাকাণ্ডৰ পটভূমিত নির্মাণ হ'ব 'হনিমুন ইন শ্বিলং'
এইবোৰ কাৰণত ঘৰত সৃষ্টি হ’ব পাৰে বাস্তু দোষ! এইদৰে কৰক চিনাক্ত
বিশিষ্ট অভিনেতা-পৰিচালক অৰুণ নাথলৈ ভবেন বৰুৱা বঁটা ঘোষণা
লামডিঙত ১৬ লাখ টকাৰ ড্ৰাগছসহ তিনি সৰবৰাহকাৰীক আটক