--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : শৰীৰ সুস্থ কৰি ৰাখিবলৈ কিডনী সুস্থ হোৱাটো অতি প্ৰয়োজন। ইয়াৰ সহায়ত আমি শৰীৰত থকা বিষাক্ত পদাৰ্থবোৰ আঁতৰাই পেলাব পাৰো। কিন্তু আমাৰ পৰিৱৰ্তিত খাদ্যাভ্যাসে বৃক্কৰ ওপৰত বাৰুকৈয়ে প্ৰভাৱ বিস্তাৰ কৰে। সেয়েহে আজি আমি এনে কিছুমান অভ্যাসৰ বিষয়ে জনাৰ লগতে আমাৰ কোনটো অভ্যাসে বৃক্কৰ ক্ষতি কৰিব পাৰে জানো আহক।

 ১. বিষনাশক ঔষধৰ অতিমাত্ৰা ব্যৱহাৰ-

যদি আপুনি চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ অধিক বিষনাশক ঔষধ সেৱন কৰে, তেন্তে ই আপোনাৰ বৃক্কৰ ক্ষতি কৰিব পাৰে। বিশেষকৈ যদি ইতিমধ্যে বৃক্কৰ ৰোগ আছে তেন্তে বিষনাশক ঔষধ সেৱন নকৰাই উচিত বুলিব পাৰি।

 ২. অধিক নিমখ গ্ৰহণ কৰা-

অধিক নিমখযুক্ত খাদ্যত ছ’ডিয়াম অধিক পৰিমাণে পোৱা যায়। যিয়ে ৰক্তচাপ বৃদ্ধি কৰিব পাৰে আৰু পাছলৈ আপোনাৰ বৃক্কৰ ক্ষতি কৰিব পাৰে। সেয়েহে নিমখৰ সলনি বনৌষধি আৰু মছলাৰে খাদ্যৰ সোৱাদ লওক।

 ৩. প্ৰচেছড খাদ্য গ্ৰহণ কৰা-

প্ৰচেছড খাদ্যত ছ’ডিয়াম আৰু ফছফৰাছ অধিক থাকে, যিটো আপোনাৰ বৃক্কৰ বাবে অতি ক্ষতিকাৰক হ’ব পাৰে। ইয়াৰ বাহিৰেও অধিক পৰিমাণে ফছফৰাছ সেৱন কৰিলে আপোনাৰ বৃক্কৰ লগতে হাড়ৰ বাবেও ক্ষতিকাৰক হ’ব পাৰে।

 ৪. পৰ্যাপ্ত পৰিমাণে পানী নোখোৱা-

কিডনী সুস্থ কৰি ৰাখিবলৈ শৰীৰৰ খাদ্যাভ্যাস ৰখাটো অতি প্ৰয়োজন। বিশেষকৈ যদি আপুনি পৰ্যাপ্ত পৰিমাণে পানী নাখায় তেন্তে আপুনি কিডনীত পাথৰ হোৱাৰ আশংকা বৃদ্ধি পায়। গতিকে অধিক পৰিমাণে পানী খোৱাৰ অভ্যাস গঢ়ি তোলক।

 ৫. পৰ্যাপ্ত টোপনি নোযোৱা-

কিডনী সুস্থ কৰি ৰাখিবলৈ ভাল আৰু গভীৰ টোপনিৰ প্ৰয়োজন। নিজৰে সুস্থ কৰি ৰাখিবলৈ ২৪ ঘণ্টাত অতি কমেও ৮ ঘণ্টা শুব।

 ৬. অধিক মাংস খোৱা-

পশু প্ৰটিন অত্যধিক সেৱন কৰিলে তেজত অধিক পৰিমাণৰ এচিড উৎপন্ন হয়, যি বৃক্কৰ বাবে ক্ষতিকাৰক হ’ব পাৰে আৰু এচিড’ছিছৰ সৃষ্টি কৰিব পাৰে। সেয়েহে বৃক্ক সুস্থ কৰি ৰাখিবলৈ অধিক মাংস সেৱন নকৰাই ভাল।

 ৭. চেনিযুক্ত খাদ্য-

চেনিয়ে মেদবহুলতা সৃষ্টি কৰিব পাৰে। বেছিকৈ চেনি খালে উচ্চ ৰক্তচাপ আৰু ডায়েবেটিছ হ’ব পাৰে। ইয়াৰ বাবে আপোনাৰ বৃক্কৰ ক্ষতি হ’ব পাৰে।

 ৮. ধূমপান কৰা-

ধূমপান সেৱনে কেৱল হাওঁফাওঁ আৰু হৃদযন্ত্ৰত প্ৰভাৱ পেলোৱাই নহয়, ই আপোনাৰ বৃক্কৰো ক্ষতি কৰিব পাৰে। অধিক পৰিমাণে ধূমপান কৰিলে প্ৰস্ৰাৱত প্ৰটিনৰ সৃষ্টি হ’ব পাৰে, যিয়ে বৃক্কৰ ক্ষতি কৰিব পাৰে।

 ৯. মদ্যপান কৰা-

যদি আপুনি দৈনিক মদ্যপান কৰে তেন্তে আপোনাৰ এই অভ্যাস এৰি দিয়ক। ইয়াৰ বাবে আপোনাৰ বৃক্কৰ ক্ষতি হ’ব পাৰে।

 ১০. একে ঠাইতে বহু সময় বহিলে-

বেছি সময় বহি থাকিলেও কিডনীৰ ক্ষতি হ’ব পাৰে। কিন্তু বহি থকা সময় বা শাৰীৰিক কাৰ্যকলাপে বৃক্কৰ স্বাস্থ্যৰ ওপৰত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলায় কিয় বা কেনেদৰে এতিয়াও গৱেষকসকলে জানিব পৰা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement