--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গেৰেজ নিৰ্মাণৰ ক্ষেত্ৰত ফেংছুইয়ে কেতবোৰ বিশেষ কথা উল্লেখ কৰিছে। ফেংছুইৰ মতে দক্ষিণ-পশ্চিম দিশত গাড়ীখন কেতিয়াও ৰাখিব নালাগে। এই দিশটো হৈছে মাটি তত্ত্বৰ দিশ 
 
এই দিশটোৱে প্ৰেমৰ দিশকো প্ৰতিনিধিত্ব কৰে। এই দিশটোত গাড়ী ৰাখিলে ধাতু তত্ত্বই দিশটোৰ সৈতে বিক্ৰিয়া কৰিব। ইয়াৰ ফলত মানুহৰ মাজতপ্ৰেম-ভালপোৱাৰ ভাববোৰ বহু কমি যাব। যদি অতি প্ৰয়োজনত এই দিশত গেৰেজ নির্মাণ কৰিবলগীয়া হয় তেন্তে কেতবোৰ বিশেষ বিধি মানিব লাগিব। দক্ষিণ-পশ্চিম দিশত গেৰেজ স্থাপন কৰিব লাগিলে গেৰেজত এটা প্ৰাকৃতিক স্ফটিক ৰাখিব লাগে। গাড়ীৰ পৰা নিৰ্গত হোৱা ধাতুৰ নেতিবাচক শক্তিখিনি নিষ্ক্ৰিয় কৰিবলৈ পানীৰ কোনো আধাৰ ৰাখিব লাগে। তদুপৰি দক্ষিণ-পশ্চিম দিশত এযোৰ মেণ্ডেলিন হাঁহৰ মূৰ্তি ৰাখিও দোষ নিবাৰণ কৰিব পাৰি ।

দক্ষিণ-পূব দিশতো গেৰেজ পৰাপক্ষত নিৰ্মাণ কৰি
ব নালাগে। দক্ষিণ-পূব দিশটো হৈছে কাঠ তত্ত্বৰ দিশ । কাঠৰ সৈতে ধাতুৰ সদায় সংঘৰ্ষ লাগি থাকে। কাৰণ ধাতুৰ জৰিয়তেই কাঠ কটা হয়। সেইবাবে কাঠৰ দিশ দক্ষিণ-পূব দিশত গেৰেজ নিৰ্মাণ নকৰাই ভাল। এই দিশত গেৰেজ নিৰ্মাণ কৰিলে অথবা গাড়ী ৰাখিলে পৰিয়ালৰ বিভিন্ন ধৰণৰ ক্ষতি হোৱাৰ আশংকা থাকে।

উত্তৰ-পূব দিশতো পৰাপক্ষত গেৰেজ সাজিব নালাগে। উত্তৰ-পূব দিশটো হৈছে মাটি তত্ত্বৰ দিশ । তদুপৰি এই দিশটোৱে লোক এজনৰ জ্ঞান তথা বুদ্ধিৰ বিকাশৰ দিশকো বুজায়। এই দিশত গেৰেজ নিৰ্মাণ কৰিলে ঘৰৰ শিক্ষাৰ্থীসকলৰ জ্ঞান অর্জনত বাধাৰ সৃষ্টি হ'ব পাৰে। যদি উপায় নথকা অৱস্থাত এই দিশত গেজে সাজিবলগীয়া হয় তেন্তে সেই দিশটোত স্ফটিক জাতীয় পদাৰ্থ আঁৰি থ'ব লাগে ।

দক্ষিণ দিশতো পৰাপক্ষত গেৰেজ নিৰ্মাণ নকৰাই ভাল। দক্ষিণ দিশৰ তত্ত্ব অর্থাৎ উপাদান হৈছে অগ্নি। এই দিশত গেৰেজ নিৰ্মাণ কৰিলে অগ্নিৰ সৈতে ধাতু তত্ত্বৰ বিপৰীতমুখী ক্ৰিয়া কৰিব। ফলত গেৰেজত অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটাৰ আশংকা থাকে। যদি এই দিশত গেৰেজ নিৰ্মাণ কৰা হয় তেন্তে প্ৰায়ে গাড়ী বেয়া হৈ থাকিব। যদি এই দিশত গেৰেজ নিৰ্মাণ কৰিবলগীয়া হয় তেন্তে গাড়ীখনৰ ৰং ৰঙা হ'লে কিছু সমস্যাৰ পৰা মুক্ত হৈ থাকিব পৰা যাব।

পূব দিশত গেৰেজ নিৰ্মাণ কৰিলে কেতবোৰ নেতিবাচক প্ৰভাৱৰ সম্মুখীন হ'ব পাৰে। পূব দিশৰ উপাদান হৈছে কাঠ। এই দিশটোৱে মানুহৰ সুস্বাস্থ্যৰ দিশটোও নিৰ্ধাৰণ কৰে। গাড়ীৰ ধাতু তত্ত্বই পূব দিশৰ কাঠ তত্ত্বৰ সৈতে ক্ৰিয়া কৰাৰ ফলত নেতিবাচক প্ৰভাৱ পৰে। ফলত এই দিশত গেৰেজ নিৰ্মাণ কৰিলে পৰিয়ালৰ লোকসকলৰ স্বাস্থ্য হানি ঘটাৰ আশংকা থাকে। এই দিশত গেৰেজ নিৰ্মাণ কৰিবলগীয়া হ'লে দিশটোত পানীৰ পাত্ৰ আদি ৰাখিব লাগে ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
কমনৱেলথ গেমছ: টুভালুৰ টাৰোনা টাফাকীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব বক্সাৰ লাভলীনা বৰগোহাঁই
উজনি অসমত বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ কাম আৰম্ভ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?