--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাস্তুশাস্ত্ৰই ঘৰ এখন কিদৰে নিৰ্মাণ কৰিব তাৰ দিহা তথা বিধান দিছে৷ যদি শোৱনি কোঠাৰ লগত সংলগ্ন কৰি শৌচাগাৰ নিৰ্মাণ কৰিবলগীয়া হয়। তেন্তে সেয়া উত্তৰ-পশ্চিম অথবা দক্ষিণ-পূব দিশত নিৰ্মাণ কৰিব লাগে। ঘৰৰ কোঠাৰ ভিতৰত বিছনা আদি স্থাপন কৰাৰ ক্ষেত্ৰত সাৱধান হ'ব লাগে। 

বিছনা কমেও দেৱালৰ পৰা প্ৰায় তিনি ইঞ্চি দূৰত স্থাপন কৰিব লাগে। শোৱনি কোঠাৰ দক্ষিণ-পশ্চিম দিশত বিছনা আদি স্থাপন কৰিব লাগে। আলমাৰী অথবা আন শ্ব’কেচ আদি কোঠাৰ ভিতৰত ৰখাৰ উত্তম দিশ হৈছে ঘৰৰ দক্ষিণ-পশ্চিম দিশ। পঢ়া-শুনা কৰাৰ কোঠা নিৰ্মাণৰ উত্তম দিশ হৈছে উত্তৰ বা পশ্চিম দিশ। অতিথি আদি থাকিব পৰা কোঠা ঘৰৰ উত্তৰ- পশ্চিম দিশে সাজিলে ভাল। অসুস্থ হৈ পৰা লোকক ঘৰৰ উত্তৰ-পূব দিশৰ কোঠাত ৰাখিলে তেওঁ শীঘ্ৰে আৰোগ্য লাভ কৰে। 

মন্দিৰ আদি স্থাপন কৰাৰ ক্ষেত্ৰত ঘৰৰ উত্তৰ-পূব দিশটোক নিৰ্বাচন কৰিব লাগে। এইক্ষেত্ৰত গৃহস্থই পূব বা উত্তৰমুৱা হৈ পূজা-অৰ্চনা আদি কৰিব পাৰে। এনেদৰে বিভিন্ন কামত ব্যৱহাৰ কৰা বিভিন্ন ধৰণৰ কোঠা আদি বাস্তুশাস্ত্ৰৰ নিয়ম অনুসৰি সঠিক দিশত নিৰ্মাণ কৰিলে গৃহস্থৰ সুখ-সমৃদ্ধি বৃদ্ধি পায় আৰু গৃহস্থ সুস্বাস্থ্যৱান তথা ধনৱান হৈ পৰেকৰিব লাগে উত্তৰ-পূব দিশৰ পূব পিনে। মাটি যদি পশ্চিমমুৱা হয় তেন্তে সীমাৰ দেৱালৰ প্ৰৱেশ দুৱাৰ উত্তৰ-পশ্চিম দিশৰ পশ্চিম পিনে সাজিব লাগে। মাটি যদি দক্ষিণমুৱা হয় তেন্তে সীমাৰ দেৱালৰ প্ৰৱেশ দুৱাৰ দক্ষিণ-পূব দিশৰ দক্ষিণ  পিনে সাজিব লাগে । কেতিয়াও সীমাৰ দেৱালৰ দক্ষিণ-পূবৰ পুব দিশ, দক্ষিণ- পশ্চিমৰ পশ্চিম দিশ, উত্তৰ-পশ্চিমৰ উত্তৰ দিশ আৰু দক্ষিণ দিশে প্ৰৱেশ দুৱাৰ নিৰ্মাণ কৰিব নালাগে । 

এনেবোৰ দিশত প্ৰৱেশ দুৱাৰ নিৰ্মাণ কৰিলে গৃহকন্দল অনবৰতে চলি থাকিব পাৰে । মাটি এডোখৰৰ মধ্যস্থলক ব্ৰহ্মস্থল বুলি কোৱা হয় । এই ব্ৰহ্মস্থল সদায় সুৰক্ষিত কৰি ৰাখিব লাগে৷ ব্ৰহ্মস্থলত কোনো ওজনযুক্ত বস্তু ৰাখিব নালাগে। তদুপৰি ব্ৰহ্মস্থলত কোনোধৰণৰ দেৱাল, স্তম্ভ আদি সাজিব নালাগে । ঘৰৰ বাৰাণ্ডা আদি নিৰ্মাণৰ ক্ষেত্ৰতো দিশৰ গুৰুত্ব অধিক। ঘৰৰ বাৰাণ্ডা নিৰ্মাণ কৰাৰ ক্ষেত্ৰত সদায় উত্তৰ বা পূব দিশটো বাছি ল'ব লাগে। ঘৰৰ বাৰাণ্ডাত জোতা, চেণ্ডেল আদি ৰাখিবলৈ উত্তৰ-পশ্চিম দিশটো নিৰ্বাচন কৰিব লাগে। ঘৰ এটা নিৰ্মাণ কৰাৰ সময়ত পানীৰ উৎস নিশ্চিত কৰাটো অতি প্রয়োজনীয় কথা। 

পানীৰ উৎস বিভিন্ন ধৰণৰ দমকল, নাদ আদি হ'ব পাৰে। এনেধৰণৰ দমকল, নাদ আদি ঘৰৰ উত্তৰ-পূব দিশত স্থাপন কৰিব লাগে। পানী ৰাখিবলৈ যদি টেংকীৰ প্ৰয়োজন হয় তেন্তে তেনে টেংকী ঘৰৰ উত্তৰ-পশ্চিম নাইবা দক্ষিণ-পূব দিশত স্থাপন কৰিব লাগে। সাধাৰণতে প্ৰতিটো ঘৰতেই আলহী বহিব পৰা একোটা বিশেষ কোঠা থাকে। এনে কোঠা ঘৰৰ পূব বা উত্তৰ-পশ্চিম দিশত নিৰ্মাণ কৰিব লাগে। আলহী বহা ঘৰত গৃহস্থই বহা আসন পশ্চিম বা পূব পিনে ৰাখিব লাগে। আলহী বহিব পৰা আসন দক্ষিণ বা পশ্চিমপিনে স্থাপন কৰিব লাগে। ঘৰত শৌচাগাৰ নিৰ্মাণ কৰাৰ ক্ষেত্ৰতো দিশৰ গুৰুত্ব থাকে। শৌচাগাৰ নিৰ্মাণৰ ক্ষেত্ৰত ঘৰৰ উত্তৰ বা পূব দিশটো বাছি ল'ব লাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু