--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সফলতা লাভ কৰিলে আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই। সংস্থাটোৱে দাবী কৰা মতে, এতিয়াৰে পৰা নাছাই সৌৰ ধুমুহাৰ বিষয়ে ৩০ মিনিট আগতীয়াকৈ ঘোষণা কৰিব পাৰিব।

উল্লেখ্য যে সৌৰ ধুমুহাৰ বাবে পৃথিৱীৰ বৃহৎ ক্ষতি হোৱাৰ আশংকাৰ সৃষ্টি হয়। গতিকে সৌৰ ধুমুহা অহাৰ আগতে সঠিক পূৰ্বাভাস লোৱাটো গুৰুত্বপূৰ্ণ।

মহাকাশ বিজ্ঞানীসকলে দীৰ্ঘদিন ধৰি এই বিষয়ে গৱেষণা কৰি আহিছে। সৌৰ ধুমুহাৰ বহু আগতেই কেনেকৈ দুৰ্ঘটনাৰ সঠিক ভৱিষ্যদ্বাণী কৰিব পাৰি তাৰ ওপৰতো গৱেষণা চলি আছে। দীৰ্ঘদিনীয়া গৱেষণাৰ অন্তত বিজ্ঞানীসকল এইবাৰ সফল হ’ল। নাছাৰ বিজ্ঞানীসকলে তেনে দাবীয়েই কৰিছে। ব্ৰিটিছ সংবাদ মাধ্যম ‘ডেইলী মেইল’য়ে এই বিষয়ে এক প্ৰতিবেদন প্ৰকাশ কৰিছে ।

নাছাই কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ কৰি এই সফলতা লাভ কৰিছে। নাছাই বিশেষ কৃত্ৰিম বুদ্ধিমত্তাৰ আৰ্হি তৈয়াৰ কৰি সৌৰ ধুমুহাৰ সঠিক ভৱিষ্যদ্বাণী কৰিবলৈ ওলাইছে। এই বিশেষ মডেলৰ সহায়ত নাছাৰ বিজ্ঞানীসকলে ধুমুহাই পৃথিৱীত আঘাত কৰাৰ ৩০ মিনিট আগতে সঠিক খবৰ দিব পাৰে।

অৱশ্যে ৩০ মিনিটৰ এই সময় পোহৰৰ ধৰ্মৰ বাবে পোৱা গৈছে। যিহেতু সৌৰ ধুমুহাৰ লগত অহা সূৰ্য্যৰ মৌলবোৰতকৈ পোহৰৰ গতি বেছি, গতিকে ধুমুহাৰ খবৰ ৩০ মিনিট আগতেই দিব পাৰি।

সৌৰ ধুমুহাই বৈদ্যুতিক ব্যৱস্থাত আটাইতকৈ বেছি প্ৰভাৱ পেলায়। ইয়াৰ উপৰিও সৌৰ ধুমুহাই ৰেডিঅ’ আৰু যোগাযোগ ব্যৱস্থাতো ব্যাঘাত জন্মায়।

উল্লেখ্য যে ৩৫ বছৰ পূৰ্বে কানাডাৰ কিউবেক চহৰত সৌৰ ধুমুহাই আঘাত হানিছিল। সেই ধুমুহাৰ ফলত কেইবা ঘণ্টা ধৰি বিদ্যুৎ ব্যৱস্থা সম্পূৰ্ণৰূপে হেৰাই গৈছিল। বিজ্ঞানীসকলৰ মতে ৩০ মিনিট আগতীয়াকৈ সঠিক পূৰ্বাভাস দিলে এনে দুৰ্ঘটনাৰ পৰা হাত সাৰিব পাৰি।

















FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু