--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সফলতা লাভ কৰিলে আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই। সংস্থাটোৱে দাবী কৰা মতে, এতিয়াৰে পৰা নাছাই সৌৰ ধুমুহাৰ বিষয়ে ৩০ মিনিট আগতীয়াকৈ ঘোষণা কৰিব পাৰিব।

উল্লেখ্য যে সৌৰ ধুমুহাৰ বাবে পৃথিৱীৰ বৃহৎ ক্ষতি হোৱাৰ আশংকাৰ সৃষ্টি হয়। গতিকে সৌৰ ধুমুহা অহাৰ আগতে সঠিক পূৰ্বাভাস লোৱাটো গুৰুত্বপূৰ্ণ।

মহাকাশ বিজ্ঞানীসকলে দীৰ্ঘদিন ধৰি এই বিষয়ে গৱেষণা কৰি আহিছে। সৌৰ ধুমুহাৰ বহু আগতেই কেনেকৈ দুৰ্ঘটনাৰ সঠিক ভৱিষ্যদ্বাণী কৰিব পাৰি তাৰ ওপৰতো গৱেষণা চলি আছে। দীৰ্ঘদিনীয়া গৱেষণাৰ অন্তত বিজ্ঞানীসকল এইবাৰ সফল হ’ল। নাছাৰ বিজ্ঞানীসকলে তেনে দাবীয়েই কৰিছে। ব্ৰিটিছ সংবাদ মাধ্যম ‘ডেইলী মেইল’য়ে এই বিষয়ে এক প্ৰতিবেদন প্ৰকাশ কৰিছে ।

নাছাই কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ কৰি এই সফলতা লাভ কৰিছে। নাছাই বিশেষ কৃত্ৰিম বুদ্ধিমত্তাৰ আৰ্হি তৈয়াৰ কৰি সৌৰ ধুমুহাৰ সঠিক ভৱিষ্যদ্বাণী কৰিবলৈ ওলাইছে। এই বিশেষ মডেলৰ সহায়ত নাছাৰ বিজ্ঞানীসকলে ধুমুহাই পৃথিৱীত আঘাত কৰাৰ ৩০ মিনিট আগতে সঠিক খবৰ দিব পাৰে।

অৱশ্যে ৩০ মিনিটৰ এই সময় পোহৰৰ ধৰ্মৰ বাবে পোৱা গৈছে। যিহেতু সৌৰ ধুমুহাৰ লগত অহা সূৰ্য্যৰ মৌলবোৰতকৈ পোহৰৰ গতি বেছি, গতিকে ধুমুহাৰ খবৰ ৩০ মিনিট আগতেই দিব পাৰি।

সৌৰ ধুমুহাই বৈদ্যুতিক ব্যৱস্থাত আটাইতকৈ বেছি প্ৰভাৱ পেলায়। ইয়াৰ উপৰিও সৌৰ ধুমুহাই ৰেডিঅ’ আৰু যোগাযোগ ব্যৱস্থাতো ব্যাঘাত জন্মায়।

উল্লেখ্য যে ৩৫ বছৰ পূৰ্বে কানাডাৰ কিউবেক চহৰত সৌৰ ধুমুহাই আঘাত হানিছিল। সেই ধুমুহাৰ ফলত কেইবা ঘণ্টা ধৰি বিদ্যুৎ ব্যৱস্থা সম্পূৰ্ণৰূপে হেৰাই গৈছিল। বিজ্ঞানীসকলৰ মতে ৩০ মিনিট আগতীয়াকৈ সঠিক পূৰ্বাভাস দিলে এনে দুৰ্ঘটনাৰ পৰা হাত সাৰিব পাৰি।

















FOLLOW US F
POPULAR
FEATURE
TRENDY
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে