--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ক্ৰিকেটৰ অনুৰাগী হ’লে নিশ্চয় জৱাগল শ্ৰীনাথৰ কথা শুনিছে। ২০০৩ চনত অৱসৰ গ্ৰহণ কৰিছিল এইগৰাকী প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰে। বৰ্তমান তেওঁ আইচিচিৰ মেচ ৰেফাৰী। এতিয়া সেই জৱাগল শ্ৰীনাথৰ সাধাৰণ জীৱন শৈলীত আপ্লুত হৈছে সকলো।

জৱাগল শ্ৰীনাথে স্থানীয় ৰে’লেৰে যাত্ৰা কৰাৰ এখন‌ বিশেষ ফতো ভাইৰেল হৈছে। য'ত তেওঁৰ সাধাৰণ জীৱনশৈলীক সকলোৱে চৰ্চা কৰিছে।

ঈশ্বৰে মানুহক মুক্তভাৱে হাঁহিবলৈ, উদযাপন কৰিবলৈ, মনোৰঞ্জন কৰিবলৈ আৰু খেলিবলৈ ক্ষমতা দিছে। যদি আপুনি অনুভৱ কৰে যে আপুনি জীৱনটো উপভোগ কৰিবলৈ সক্ষম নহয় বা আপুনি আপোনাৰ জীৱনটোক লৈ সুখী নহয় তেন্তে ইয়াৰ অৰ্থ হ’ল আপুনি জীৱনটো জীয়াই থকাৰ কলা নাজানে। আচলতে জীৱন যাপন কৰাটোও এটা কলা, এই কলা প্ৰতিজন মানুহৰ বাবে উপলব্ধ নহয়, কলা শিকিবলৈ সক্ষম হোৱা মানুহ কেইজনমানহে আছে। আমি সৰুৰে পৰা বহু কথা শিকিবলৈ জোৰ দিওঁ, কিন্তু তাৰ মাজতে আমি আটাইতকৈ গুৰুত্বপূৰ্ণ কলাটো শিকিবলৈ পাহৰি যাওঁ, এয়াই হৈছে জীৱন জীয়াই থকাৰ কলা।

জীৱন জীয়াই থকাৰ এক মহান কলা দেখা গ'ল ভাৰতীয় দলৰ এজন ক্ৰিকেটাৰৰ যিজন ক্ৰিকেটাৰ কোটি টকাৰ মালিক। কিন্তু এইগৰাকী ক্ৰিকেটাৰে দামী গাড়ীখন এৰি স্থানীয় ৰে’লত উঠি জীৱন উপভোগ কৰাতো সচাকৈয়ে লক্ষ্যনীয়।

কৰ্ণাটকৰ এটা ৰে’লৱে ষ্টেচনত ৰে’লৰ বাবে অপেক্ষা কৰি আছিল শ্ৰীনাথ। আৰু সেই সময়ত এজন অনুৰাগীয়ে তেওঁৰ লগত এখন ফটো তুলিছিল। ৰে’লৱে ষ্টেচনত ৰে’লৰ বাবে অপেক্ষা কৰি থকা শ্ৰীনাথৰ এখন পুৰণি ছবি পুনৰ ভাইৰেল হৈছে।

আশু সিং নামৰ এজন ব্যক্তিয়ে সেই পুৰণি ফটোখন শ্বেয়াৰ কৰিছিল।পোষ্টটোত মহীশূৰ ৰে’লৱে ষ্টেচনত ৰে’লৰ বাবে অপেক্ষা কৰি থকা দেখা গৈছে জৱাগল শ্ৰীনাথক। এটা সাধাৰণ চাৰ্ট আৰু বেগ লৈ সাধাৰণ ৰূপত দেখা গ'ল তেওঁক। 

মহীশূৰ ৰে'লৱে ষ্টেচনত ৰে'লৰ বাবে অপেক্ষা কৰি আছিল জৱাগল শ্ৰীনাথ। এজন মহান বলাৰ অথচ জীৱন তেনেই সাধাৰণ। তেওঁ এসময়ত ভাৰতীয় দলৰ অন্যতম শ্ৰেষ্ঠ পেচাৰ আছিল। তেওঁৰ দৰে বলাৰৰ জীৱনত কোনো আড়ম্বৰ নাই।

শ্ৰীনাথৰ নম্ৰতা আৰু সৰলতাই মানুহৰ হৃদয় জয় কৰিছিল।শ্ৰীনাথৰ স্বাভাৱিক জীৱনটো দেখি সকলো আপ্লুত হয়। আচলতে সচাকৈয়ে এজন প্ৰকৃত ভদ্ৰলোক আৰু মহান চৰিত্ৰৰ অধিকাৰী ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ