--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ক্ৰিকেটৰ অনুৰাগী হ’লে নিশ্চয় জৱাগল শ্ৰীনাথৰ কথা শুনিছে। ২০০৩ চনত অৱসৰ গ্ৰহণ কৰিছিল এইগৰাকী প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰে। বৰ্তমান তেওঁ আইচিচিৰ মেচ ৰেফাৰী। এতিয়া সেই জৱাগল শ্ৰীনাথৰ সাধাৰণ জীৱন শৈলীত আপ্লুত হৈছে সকলো।

জৱাগল শ্ৰীনাথে স্থানীয় ৰে’লেৰে যাত্ৰা কৰাৰ এখন‌ বিশেষ ফতো ভাইৰেল হৈছে। য'ত তেওঁৰ সাধাৰণ জীৱনশৈলীক সকলোৱে চৰ্চা কৰিছে।

ঈশ্বৰে মানুহক মুক্তভাৱে হাঁহিবলৈ, উদযাপন কৰিবলৈ, মনোৰঞ্জন কৰিবলৈ আৰু খেলিবলৈ ক্ষমতা দিছে। যদি আপুনি অনুভৱ কৰে যে আপুনি জীৱনটো উপভোগ কৰিবলৈ সক্ষম নহয় বা আপুনি আপোনাৰ জীৱনটোক লৈ সুখী নহয় তেন্তে ইয়াৰ অৰ্থ হ’ল আপুনি জীৱনটো জীয়াই থকাৰ কলা নাজানে। আচলতে জীৱন যাপন কৰাটোও এটা কলা, এই কলা প্ৰতিজন মানুহৰ বাবে উপলব্ধ নহয়, কলা শিকিবলৈ সক্ষম হোৱা মানুহ কেইজনমানহে আছে। আমি সৰুৰে পৰা বহু কথা শিকিবলৈ জোৰ দিওঁ, কিন্তু তাৰ মাজতে আমি আটাইতকৈ গুৰুত্বপূৰ্ণ কলাটো শিকিবলৈ পাহৰি যাওঁ, এয়াই হৈছে জীৱন জীয়াই থকাৰ কলা।

জীৱন জীয়াই থকাৰ এক মহান কলা দেখা গ'ল ভাৰতীয় দলৰ এজন ক্ৰিকেটাৰৰ যিজন ক্ৰিকেটাৰ কোটি টকাৰ মালিক। কিন্তু এইগৰাকী ক্ৰিকেটাৰে দামী গাড়ীখন এৰি স্থানীয় ৰে’লত উঠি জীৱন উপভোগ কৰাতো সচাকৈয়ে লক্ষ্যনীয়।

কৰ্ণাটকৰ এটা ৰে’লৱে ষ্টেচনত ৰে’লৰ বাবে অপেক্ষা কৰি আছিল শ্ৰীনাথ। আৰু সেই সময়ত এজন অনুৰাগীয়ে তেওঁৰ লগত এখন ফটো তুলিছিল। ৰে’লৱে ষ্টেচনত ৰে’লৰ বাবে অপেক্ষা কৰি থকা শ্ৰীনাথৰ এখন পুৰণি ছবি পুনৰ ভাইৰেল হৈছে।

আশু সিং নামৰ এজন ব্যক্তিয়ে সেই পুৰণি ফটোখন শ্বেয়াৰ কৰিছিল।পোষ্টটোত মহীশূৰ ৰে’লৱে ষ্টেচনত ৰে’লৰ বাবে অপেক্ষা কৰি থকা দেখা গৈছে জৱাগল শ্ৰীনাথক। এটা সাধাৰণ চাৰ্ট আৰু বেগ লৈ সাধাৰণ ৰূপত দেখা গ'ল তেওঁক। 

মহীশূৰ ৰে'লৱে ষ্টেচনত ৰে'লৰ বাবে অপেক্ষা কৰি আছিল জৱাগল শ্ৰীনাথ। এজন মহান বলাৰ অথচ জীৱন তেনেই সাধাৰণ। তেওঁ এসময়ত ভাৰতীয় দলৰ অন্যতম শ্ৰেষ্ঠ পেচাৰ আছিল। তেওঁৰ দৰে বলাৰৰ জীৱনত কোনো আড়ম্বৰ নাই।

শ্ৰীনাথৰ নম্ৰতা আৰু সৰলতাই মানুহৰ হৃদয় জয় কৰিছিল।শ্ৰীনাথৰ স্বাভাৱিক জীৱনটো দেখি সকলো আপ্লুত হয়। আচলতে সচাকৈয়ে এজন প্ৰকৃত ভদ্ৰলোক আৰু মহান চৰিত্ৰৰ অধিকাৰী ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক