--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘৰ খন বাস্তু শাস্ত্ৰই দিয়া বিধান অনুসৰি সজাব পাৰিলে ঘৰৰ সকলোৰে মংগল হয় বুলি বিশ্বাস কৰা হয়। ঘৰ এটা নিৰ্মাণ কৰাৰ সময়ত ঘৰৰ অবিচ্ছেদ্য অংগ হিচাপে বিবেচনা কৰা হয় স্নানাগাৰ আৰু শৌচাগাৰক। এই দুটা বিশেষ ঘৰ প্ৰতিটো ঘৰৰ সৈতে থাকিবই লাগিব। স্নানাগাৰ আৰু শৌচাগাৰ নিৰ্মাণৰ ক্ষেত্ৰত সেয়ে বাস্তুশাস্ত্র মানি যদি নির্মাণ কার্য সম্পন্ন কৰা হয় তেন্তে গৃহস্থই যথেষ্ট সুফল লাভ কৰিবলৈ সক্ষম হয়।

 বাস্তু শাস্ত্ৰই স্নানাগাৰ আৰু শৌচাগাৰ নিৰ্মাণৰ কেতবোৰ বিশেষ বিধি দিছে। স্নানাগাৰ নিৰ্মাণৰ ক্ষেত্ৰত ঘৰৰ পূব দিশটো নিৰ্বাচন কৰিব পাৰিলে বেছি ফলদায়ক হয়। যদি পূব দিশত স্নানাগাৰ নিৰ্মাণ কৰিব পৰা নাযায় তেন্তে ঘৰৰ উত্তৰ, পশ্চিম বা উত্তৰ পশ্চিম দিশত স্নানাগাৰ নিৰ্মাণ কৰিব পাৰি। স্নানাগাৰত বেচিন বা ছাৱাৰ আদি সদায় পূব অথবা উত্তৰ-পূবৰ দিশত  স্থাপন কৰিব লাগে। 

গিজাৰ, ৱাটাৰ হিটাৰ আদি স্নানাগাৰৰ দক্ষিণ-পূব দিশত স্থাপন কৰিব লাগে। গিজাৰ আদি পশ্চিম বা উত্তৰ পশ্চিম দিশতো স্থাপন কৰিব পাৰি। যদি স্নানাগাৰত বাথটাবৰ ব্যৱস্থা কৰা হয় তেন্তে বাথটাব স্থানগাৰৰ পূব-পশ্চিম মুৱা কৰি স্থাপন কৰিব লাগে। কাপোৰ ধোৱাৰ ব্যৱস্থা স্নানাগাৰৰ পশ্চিম বা উত্তৰ-পশ্চিম দিশত কৰিব লাগে। স্নানাগাৰৰ ভিতৰত আইনা আদি স্থাপন কৰিলে সেয়া উত্তৰ বা পূব দিশৰ দেৱালত স্থাপন কৰিব লাগে। বাস্তুশাস্ত্রই স্নান কৰাৰ দিশৰো বিধান দিছে। বাস্তুশাস্ত্ৰ অনুসৰি স্নান সদায় পূব পশ্চিম মুৱাহৈ কৰিব লাগে। এইক্ষেত্ৰত পূব দিশত মূৰ ৰাখিব লাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা