--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসমত এবিধ জনপ্ৰিয় পাচলি হৈছে জিকা। জিকা অসমৰ বাহিৰেও দেশৰ সকলো প্ৰান্তৰ লোকেই ইয়াক খায়। জিকাক সংস্কৃতত ঝিংগাক, হিন্দীত জিঙলী আৰু বঙালীত ঝিংগা, ঝিকা বুলি কয়। ইয়াক ইংৰাজীত Ridge gourd বুলি কোৱা হয় । 

ইয়াৰ সেউজীয়া গাটোত কেইবাটাও সিৰা থাকে। ইয়াৰ বৈজ্ঞানিক নাম হৈছে Luffa acutangula. ইয়াৰ প্ৰস্তুতি অতি সহজ আৰু সিজিবলৈ সময়ো লয় কম। ইয়াক ভাজি, তৰকাৰী হিচাপে ৰান্ধি খোৱা হয়। জিকা, বিলাহীৰ সৈতে মাছৰ টেঙা জোলৰ সোৱাদ সকলোৰে বৰ প্ৰিয়। দাইলত দিও জিকা খাব পাৰি। জিকাত বহুতো ঔষধি গুণ আছে। জিকাত ভিটামিন-চিৰ উপৰি আছে কার্বোহাইড্রেট, প্রোটিন, ফাইবাৰ আৰু ভিটামিন বি কমপ্লেক্স। 

জানো আহক জিকাৰ উপকাৰিতা

১)জিকাই দৃষ্টিশক্তি বৃদ্ধি কৰে।

২)কৌষ্ঠ্য-কাঠিন্যতা দূৰ কৰে।

৩)ছালৰ সতেজতা ধৰি ৰখাত সহায় কৰে।

৪)ৰক্তহীনতা দূৰ কৰে।

৫)শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণ কৰে।

৬)মধুমেহ ৰোগীৰ বাবে উপকাৰী।

৭)ওজন হ্ৰাসত সহায় কৰে।

৮)লিভাৰক সুস্থ ৰাখে।

৯)ফেটী লিভাৰ, ব্ৰংকাইটিছ আদি ৰোগ হ্ৰাস কৰিবলৈ জিকা খোৱা প্ৰয়োজন।

১০)ৰোগ প্রতিৰোধ ক্ষমতা বঢ়ায়।

১১)কুকুৰীকণা ৰোগীৰ বাবেও জিকা সুপথ্য।

১২)গেছৰ সমস্যা দূৰ কৰে।

গতিকে আপোনাৰ খাদ্য তালিকাত জিকাক স্থান দিয়ক আৰু সুস্বাস্থ্যৱান হৈ থাকক।  



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ সাংস্কৃতিক জগত উকা কৰি বৈকুণ্ঠলৈ গমন কৰিলে নাগাৰা নামৰ সম্ৰাট ৰামচৰণ ভড়ালীয়ে
'পৰ্ণ' বজাৰত বিক্ৰী প্ৰসূতিৰ গোপন ছবি, দেশৰ জঘন্যতম চাইবাৰ অপৰাধ ফাদিল
লিভাৰ বেয়া হোৱাৰ ১৪টা লক্ষণ; জানি লওক আৰু সাৱধান হওক
বচ্চন পৰিয়ালত আৰ্থিক সমস্যা ! অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট
নিলম্বন কৰা হ'ল হাফলং উপকাৰাগাৰৰ 'Jailer' আৰু 'Warder'ক
আকৌ উন্মোচন মহম্মদ ইউনুছৰ ভাৰত-বিৰোধী ব্লুপ্রিন্ট, অসমসহ উত্তৰ-পূৰ্বাঞ্চলক সামৰি এখন বৃহত্তৰ বাংলাদেশৰ পৰিকল্পনা
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা!  দুজনৰ অৱস্থা সংকটজনক