--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসমত এবিধ জনপ্ৰিয় পাচলি হৈছে জিকা। জিকা অসমৰ বাহিৰেও দেশৰ সকলো প্ৰান্তৰ লোকেই ইয়াক খায়। জিকাক সংস্কৃতত ঝিংগাক, হিন্দীত জিঙলী আৰু বঙালীত ঝিংগা, ঝিকা বুলি কয়। ইয়াক ইংৰাজীত Ridge gourd বুলি কোৱা হয় । 

ইয়াৰ সেউজীয়া গাটোত কেইবাটাও সিৰা থাকে। ইয়াৰ বৈজ্ঞানিক নাম হৈছে Luffa acutangula. ইয়াৰ প্ৰস্তুতি অতি সহজ আৰু সিজিবলৈ সময়ো লয় কম। ইয়াক ভাজি, তৰকাৰী হিচাপে ৰান্ধি খোৱা হয়। জিকা, বিলাহীৰ সৈতে মাছৰ টেঙা জোলৰ সোৱাদ সকলোৰে বৰ প্ৰিয়। দাইলত দিও জিকা খাব পাৰি। জিকাত বহুতো ঔষধি গুণ আছে। জিকাত ভিটামিন-চিৰ উপৰি আছে কার্বোহাইড্রেট, প্রোটিন, ফাইবাৰ আৰু ভিটামিন বি কমপ্লেক্স। 

জানো আহক জিকাৰ উপকাৰিতা

১)জিকাই দৃষ্টিশক্তি বৃদ্ধি কৰে।

২)কৌষ্ঠ্য-কাঠিন্যতা দূৰ কৰে।

৩)ছালৰ সতেজতা ধৰি ৰখাত সহায় কৰে।

৪)ৰক্তহীনতা দূৰ কৰে।

৫)শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণ কৰে।

৬)মধুমেহ ৰোগীৰ বাবে উপকাৰী।

৭)ওজন হ্ৰাসত সহায় কৰে।

৮)লিভাৰক সুস্থ ৰাখে।

৯)ফেটী লিভাৰ, ব্ৰংকাইটিছ আদি ৰোগ হ্ৰাস কৰিবলৈ জিকা খোৱা প্ৰয়োজন।

১০)ৰোগ প্রতিৰোধ ক্ষমতা বঢ়ায়।

১১)কুকুৰীকণা ৰোগীৰ বাবেও জিকা সুপথ্য।

১২)গেছৰ সমস্যা দূৰ কৰে।

গতিকে আপোনাৰ খাদ্য তালিকাত জিকাক স্থান দিয়ক আৰু সুস্বাস্থ্যৱান হৈ থাকক।  



FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ