--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান সময়ত পেকেট খাদ্য খোৱাৰ প্ৰৱণতা দ্ৰুতগতিত বৃদ্ধি পাইছে। একে সময়তে ৰাতিপুৱা ব্ৰেকফাষ্টৰ পৰা ডিনাৰলৈকে মানুহে বহুত ৰেডি টু ইট খাদ্য গ্ৰহণ কৰে। বজাৰত বিভিন্ন ধৰণৰ পেকেটত ভৰোৱা ফলৰ ৰস পোৱা যায়। এনে অৱস্থাত মানুহে সুস্বাস্থ্যৰ বাবে ফলৰ ৰস সেৱন কৰে, কিন্তু ব্যস্ততাপূৰ্ণ জীৱনশৈলী বা এলাহৰ বাবে সতেজ ফলৰ ৰস খোৱাৰ পৰিৱৰ্তে পেকেটত ভৰোৱা ৰস ব্যৱহাৰ কৰে। কিন্তু আপুনি জানেনে যে পেকেটত ভৰোৱা ফলৰ ৰস সেৱন কৰিলে আপোনাৰ স্বাস্থ্যৰ গুৰুতৰ ক্ষতি হ’ব পাৰে।

পেকেট ফলৰ ৰসৰ অসুবিধা-

১)শিশুৰ বাবে ক্ষতিকাৰক- পেকেটত ভৰোৱা ৰসখিনি সংৰক্ষণ কৰি দীৰ্ঘদিনলৈ নষ্ট হোৱাৰ পৰা ৰক্ষা কৰিবলৈ ইয়াত বহু ধৰণৰ ৰাসায়নিক দ্ৰব্য মিহলাই দিয়া হয়। সেয়েহে ইয়াৰ সেৱন শিশুৰ বাবে অতি ক্ষতিকাৰক হ’ব পাৰে। যদি আপুনিও শিশুটিক পেকেটত ভৰোৱা ফলৰ ৰস অবিৰতভাৱে খাবলৈ দিয়ে তেন্তে তাৰ কুপ্ৰভাৱ পৰিব পাৰে। তাৰ পৰিৱৰ্তে সতেজ ফলবোৰ খাবলৈ দিয়ক। অন্যথা আপোনাৰ সন্তানৰ ফুড এলাৰ্জী, ছালৰ এলাৰ্জী আদি গুৰুতৰ সমস্যা হ’ব পাৰে।

২)পেটৰ লগত জড়িত ৰোগ- পেকেটত ভৰোৱা ফলৰ ৰস খালে ডায়েৰিয়া, কোষ্ঠকাঠিন্য আৰু হজম শক্তিৰ লগত জড়িত বহুতো ৰোগ হোৱাৰ আশংকা থাকে।

৩)মগজুৰ সমস্যাৰ আশংকা-বজাৰত পোৱা প্ৰায় সকলোবোৰ পেকেটত ভৰোৱা ফলৰ ৰসত জৈৱিক, কেডমিয়াম, পাৰা আদি ৰাসায়নিক পদাৰ্থ মিহলোৱা হয়।এইখিনি সেৱন কৰিলে শিশুৰ মগজুত বেয়া প্ৰভাৱ পৰিব পাৰে। সেয়েহে পেকেটত ভৰোৱা ফলৰ ৰস খোৱাৰ পৰা বিৰত থাকক।

৪)মেদবহুলতাৰ সমস্যাৰ বলি- পেকেট ফলৰ ৰস দীৰ্ঘ সময় ধৰি অবিৰতভাৱে সেৱন কৰিলে মেদবহুলতাৰ আশংকা থাকে।ইয়াত থকা চেনিৰ পৰিমাণ বেছি থাকে, যাৰ ফলত আপোনাৰ ওজন বৃদ্ধি পাব পাৰে।

গতিকে পেকেট ফ্ৰুট জুচ খোৱাতকৈ সতজে ফল খোৱাত গুৰুত্ব আৰোপ কৰক। তেতিয়াহে স্বাস্থ্য ভালে থাকিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ