--°C
Loading...
Listen to Article
2 min read
80%

 ডিজিটেল ডেস্ক : কেলছিয়াম হৈছে এটা খনিজ পদাৰ্থ যিটো প্ৰায়ে সুস্থ হাড় আৰু দাঁতৰ সৈতে জড়িত। আনহাতে, কেলছিয়ামে তেজ জমা কৰা, পেশীসমূহক সংকোচিত হোৱাত সহায় কৰা, হৃদযন্ত্ৰৰ আৰু স্নায়ুৰ কাৰ্য্ নিয়ন্ত্ৰণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। শৰীৰৰ প্ৰায় ৯৯% কেলছিয়াম হাড়ত জমা হৈ থাকে আৰু বাকী ১% তেজ, পেশী আৰু অন্যান্য কলাত পোৱা যায়। মানৱ শৰীৰৰ বাবে কেলছিয়ামৰ অতি প্ৰয়োজন। শৰীৰত কেলছিয়ামৰ অভাৱৰ ফলত বিভিন্ন সমস্যাই দেখা দিয়ে। সেয়েহে বিশেষজ্ঞসকলেও প্ৰায়েই এই বিষয়টোক লৈ প্ৰতিজন ব্যক্তিক সতৰ্ক কৰি দিয়ে।

 যুগৰ পৰিৱৰ্তনৰ লগে লগে বেছিভাগ মানুহৰে খাদ্যাভ্যাসৰ প্ৰণালী সলনি হৈছে। গোটেই দিনটো বাহিৰত খাদ্য খোৱাৰ ফলত শৰীৰত বিভিন্ন ধৰণৰ পুষ্টিহীনতাৰ সমস্যাই দেখা দিয়ে। এনে সমস্যাসমূহ হৈছে বৰ্তমান সমাজৰ এক দৈনন্দিন বিষয়। এনে এটা বিশেষ সমস্যা হ’ল-গাঁঠিৰ বিষ (Bone Pain)। গাঁঠিৰ বিষ এতিয়া বহুত কম বয়সতে দেখা পোৱা যায়। ত্ৰিশৰ দশকতো বহুতে এই সমস্যাৰ দ্বাৰা প্ৰভাৱিত হৈছে। হাড়ৰ সমস্যাই বিভিন্ন সময় ধৰি বহুতো জটিলতাৰ সৃষ্টি কৰিব পাৰে। সেয়েহে বিশেষজ্ঞসকলৰ মত অনুসৰি প্ৰতিজন ব্যক্তিয়ে সাৱধান হোৱা উচিত। আনহাতে, এইক্ষেত্ৰত যদি শৰীৰত পৰ্যাপ্ত পৰিমাণে কেলছিয়ামৰ উপস্থিতি থাকে তেন্তে এই সমস্যাৰ পৰা সকলোৱে পৰিত্ৰাণ পাব বুলি উল্লেখ কৰে ডায়েটিচিয়ান ঈশানী গংগোপাধ্যায়ে। উৎস বসু ক্লিনিকৰ মুখ্য ডায়েটিচিয়ান ঈশানী গংগোপাধ্যায়ে মতে প্ৰতিজন মানুহৰে দৈনিক কেলছিয়ামৰ প্ৰয়োজনীয়তা থাকে। এনে ক্ষেত্ৰত পুৰুষ-মহিলা নিৰ্বিশেষে প্ৰতিদিনে ১০০০ মিলিগ্ৰাম কেলচিয়ামৰ প্ৰয়োজন হয়। কোনবোৰ খাদ্যত এই উপাদান সমুহ থাকে (Calcium Rich Food) জানো আহক।

 ১) গাখীৰ: গৰুৰ গাখীৰ হৈছে প্ৰচুৰ পৰিমাণে কেলছিয়ামযুক্ত আহাৰ। ইশানী গংগোপাধ্যাৰ মতে  ১০০ গ্ৰাম গাখীৰত প্ৰায় ১১৬ মিলিগ্ৰাম কেলছিয়াম থাকে।

২) পনীৰ : পনীৰ হৈছে আন এবিধ দুগ্ধজাত তথা কেলছিয়ামযুক্ত খাদ্য। ইয়াতো প্ৰচুৰ পৰিমাণে কেলছিয়াম থাকে তদুপৰি পনীৰ হৈছে আন বহুতো গুণেৰেও ভৰপূৰ। গতিকে প্ৰতিজন ব্যক্তিৰ খাদ্য তালিকাত ভাল পৰিমাণৰ পনীৰ ৰাখিব পাৰিলে ভাল।

৩) বুট : আমাৰ বহুতেই বুট খাই ভাল পায়। এতিয়া আপুনি জানি আচৰিত হ’ব যে বুটত কেলছিয়ামৰ পৰিমাণো ভাল। ১০০ গ্ৰাম বুটত প্ৰায় ১৫০ মিলিগ্ৰাম কেলছিয়াম থাকে। আনহাতে,  এই খাদ্য ডায়েট লিষ্টত ৰাখিব পাৰি।

৪) শাক-পাচলি : পাতল সেউজীয়া শাক-পাচলি প্ৰচুৰ পৰিমাণে স্বাস্থ্যকৰ, আৰু ইয়াৰে পালেং, কচু, বন্ধাকবিত কেলছিয়ামৰ পৰিমাণ যথেষ্ট। উদাহৰণস্বৰূপে, ১ কাপ (১৯০ গ্ৰাম) সিজোৱা শাক-পাচলিত ২৬৮ মিলিগ্ৰাম কেলছিয়াম থাকে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ