--°C
Loading...
Listen to Article
2 min read
80%

 ডিজিটেল ডেস্ক : কেলছিয়াম হৈছে এটা খনিজ পদাৰ্থ যিটো প্ৰায়ে সুস্থ হাড় আৰু দাঁতৰ সৈতে জড়িত। আনহাতে, কেলছিয়ামে তেজ জমা কৰা, পেশীসমূহক সংকোচিত হোৱাত সহায় কৰা, হৃদযন্ত্ৰৰ আৰু স্নায়ুৰ কাৰ্য্ নিয়ন্ত্ৰণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। শৰীৰৰ প্ৰায় ৯৯% কেলছিয়াম হাড়ত জমা হৈ থাকে আৰু বাকী ১% তেজ, পেশী আৰু অন্যান্য কলাত পোৱা যায়। মানৱ শৰীৰৰ বাবে কেলছিয়ামৰ অতি প্ৰয়োজন। শৰীৰত কেলছিয়ামৰ অভাৱৰ ফলত বিভিন্ন সমস্যাই দেখা দিয়ে। সেয়েহে বিশেষজ্ঞসকলেও প্ৰায়েই এই বিষয়টোক লৈ প্ৰতিজন ব্যক্তিক সতৰ্ক কৰি দিয়ে।

 যুগৰ পৰিৱৰ্তনৰ লগে লগে বেছিভাগ মানুহৰে খাদ্যাভ্যাসৰ প্ৰণালী সলনি হৈছে। গোটেই দিনটো বাহিৰত খাদ্য খোৱাৰ ফলত শৰীৰত বিভিন্ন ধৰণৰ পুষ্টিহীনতাৰ সমস্যাই দেখা দিয়ে। এনে সমস্যাসমূহ হৈছে বৰ্তমান সমাজৰ এক দৈনন্দিন বিষয়। এনে এটা বিশেষ সমস্যা হল-গাঁঠিৰ বিষ (Bone Pain)। গাঁঠিৰ বিষ এতিয়া বহুত কম বয়সতে দেখা পোৱা যায়। ত্ৰিশৰ দশকতো বহুতে এই সমস্যাৰ দ্বাৰা প্ৰভাৱিত হৈছে। হাড়ৰ সমস্যাই বিভিন্ন সময় ধৰি বহুতো জটিলতাৰ সৃষ্টি কৰিব পাৰে। সেয়েহে বিশেষজ্ঞসকলৰ মত অনুসৰি প্ৰতিজন ব্যক্তিয়ে সাৱধান হোৱা উচিত। আনহাতে, এইক্ষেত্ৰত যদি শৰীৰত পৰ্যাপ্ত পৰিমাণে কেলছিয়ামৰ উপস্থিতি থাকে তেন্তে এই সমস্যাৰ পৰা সকলোৱে পৰিত্ৰাণ পাব বুলি উল্লেখ কৰে ডায়েটিচিয়ান ঈশানী গংগোপাধ্যায়ে। উৎস বসু ক্লিনিকৰ মুখ্য ডায়েটিচিয়ান ঈশানী গংগোপাধ্যায়ে মতে প্ৰতিজন মানুহৰে দৈনিক কেলছিয়ামৰ প্ৰয়োজনীয়তা থাকে। এনে ক্ষেত্ৰত পুৰুষ-মহিলা নিৰ্বিশেষে প্ৰতিদিনে ১০০০ মিলিগ্ৰাম কেলচিয়ামৰ প্ৰয়োজন হয়। কোনবোৰ খাদ্যত এই উপাদান সমুহ থাকে (Calcium Rich Food) জানো আহক।

 ১) গাখীৰ: গৰুৰ গাখীৰ হৈছে প্ৰচুৰ পৰিমাণে কেলছিয়ামযুক্ত আহাৰ। ইশানী গংগোপাধ্যাৰ মতে  ১০০ গ্ৰাম গাখীৰত প্ৰায় ১১৬ মিলিগ্ৰাম কেলছিয়াম থাকে।

২) পনীৰ : পনীৰ হৈছে আন এবিধ দুগ্ধজাত তথা কেলছিয়ামযুক্ত খাদ্য। ইয়াতো প্ৰচুৰ পৰিমাণে কেলছিয়াম থাকে তদুপৰি পনীৰ হৈছে আন বহুতো গুণেৰেও ভৰপূৰ। গতিকে প্ৰতিজন ব্যক্তিৰ খাদ্য তালিকাত ভাল পৰিমাণৰ পনীৰ ৰাখিব পাৰিলে ভাল।

৩) বুট : আমাৰ বহুতেই বুট খাই ভাল পায়। এতিয়া আপুনি জানি আচৰিত হব যে বুটত কেলছিয়ামৰ পৰিমাণো ভাল। ১০০ গ্ৰাম বুটত প্ৰায় ১৫০ মিলিগ্ৰাম কেলছিয়াম থাকে। আনহাতে,  এই খাদ্য ডায়েট লিষ্টত ৰাখিব পাৰি।

৪) শাক-পাচলি : পাতল সেউজীয়া শাক-পাচলি প্ৰচুৰ পৰিমাণে স্বাস্থ্যকৰ, আৰু ইয়াৰে পালেং, কচু, বন্ধাকবিত কেলছিয়ামৰ পৰিমাণ যথেষ্ট। উদাহৰণস্বৰূপে, ১ কাপ (১৯০ গ্ৰাম) সিজোৱা শাক-পাচলিত ২৬৮ মিলিগ্ৰাম কেলছিয়াম থাকে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
উজনিত মানৱ সৰবৰাহৰ ভয়ংকৰ জাল! ৫০ হাজাৰৰ পৰা ডেৰ লাখ টকাৰ বিনিময়ত বিক্ৰী হয় কিশোৰী-যুৱতী
প্ৰাগজ্যোতি ITA চেণ্টাৰত ব্যতিক্ৰমৰ অনুষ্ঠান;'বিমূৰ্ত মোৰ নিশাটি'ৰে সুধাকণ্ঠলৈ বিশেষ শ্ৰদ্ধাঞ্জলি বি পাল্কীৰ
অসমৰ সাংস্কৃতিক জগত উকা কৰি বৈকুণ্ঠলৈ গমন কৰিলে নাগাৰা নামৰ সম্ৰাট ৰামচৰণ ভড়ালীয়ে
'পৰ্ণ' বজাৰত বিক্ৰী প্ৰসূতিৰ গোপন ছবি, দেশৰ জঘন্যতম চাইবাৰ অপৰাধ ফাদিল
লিভাৰ বেয়া হোৱাৰ ১৪টা লক্ষণ; জানি লওক আৰু সাৱধান হওক
বচ্চন পৰিয়ালত আৰ্থিক সমস্যা ! অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা!  দুজনৰ অৱস্থা সংকটজনক